যি বাটেৰে কবিতা আহে
যতীন মিলি
যি বাটত কাহানিও পোহৰ পৰা নাছিল
যি বাটত কাহানিও ফুল ফুলা নাছিল
সেই বাটত আছিল কবিতা !
চকামকাকৈ মনত পৰিছে-
মই যি বাটৰ কথা কৈছোঁ
সেই বাটত বলা নাছিল বতাহ
সেই বাটত নাছিল বিৰিখৰ ছাঁ
সেই বাটত নাছিল চৰাই-চিৰিকতিৰ মাত
সেই বাটত আছিল কবিতা !
আৰু মনত পৰিছে-
খেতিয়ক পিতাইৰ হৃদয়ৰ দুৱাৰত ওলমি থকা মলিয়ন বনিয়নৰ সুবাস
জলজলীয়া হৈ পৰা আইৰ চকুৰ সেমেকা আকাশখন
খাগৰি কঁকালত কলচী লৈ যোৱা এজাক লচপচী গাভৰুৰ খিলখিল হাঁহি
বৰ্ণনাতীত
যি বাটে মই আহিছিলোঁ
সেই বাটত আজি নাই
ঈৰ্ষাৰ জুইত জ্বলি-পুৰি মৰা ছগাবোৰ
ছাগলীৰ ছাল পিন্ধা নোদোকা শিয়ালবোৰ
নাই বঙহৰ মঙহ খোৱা প্ৰতিযোগিতা...
আছে ঐক্য-স্নেহ-প্ৰীতি
যি বাটত কাহানিও পোহৰ পৰা নাছিল
যি বাটত কাহানিও ফুল ফুলা নাছিল
সেই বাটেৰেই আজি যাত্ৰা কৰিম
সেই বাটত আজি পোহৰে ভৰিব
আৰু ফুলবোৰৰ সুবাসে আমোলমোলাই তুলিব চৌপাশ-চৌদিশ
কবিতাই মুখৰিত কৰা গোলাঘাটত আজি হেৰাই যাম
বিলীন হৈ যাম কবিতা কবিতা লগা এটি আবেলি
হেঁপাহৰ ন-ন কৰণিৰে ভৰাই তুলিব মোৰ হৃদয়খন
বুকুত গজি উঠিব শব্দ-সাঁকোৰ নানাৰঙী ফুল
আতোলতোল আতোলতোলকৈ
আমাৰ বিনীত প্ৰাৰ্থনা-
কুশল হওক
মংগল হওক
মানুহৰ জয় হওক
পৃথিৱীৰ জয় হওক
কবি আৰু কবিতাৰ জয় হওক…
Mising Anu Lutad, February, 2025