Type Here to Get Search Results !

মিচিং সমাজৰ কিঃপু- দদগাঙৰ উপাখ্যান



 

মিচিং সমাজৰ কিঃপু- দদগাঙৰ উপাখ্যান


হৰিচৰণ পেগু



    দদগাং লুতাদ ! অৰ্থাৎ দহাকাজ। মানে আদ্যশ্ৰাদ্ধ । কোনো মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে মৃতকৰ পৰিয়ালে পালন কৰা এক পাৰম্পৰিক বিদায় উৎসৱ । 

   অৱশ্যে ই কেৱল মাত্ৰ মৃতকৰ আত্মাৰ বিদায়ী পৰ্ব কাৰ্য্যসূচীয়েই নহয়; ই এক আধ্যাত্মিক অনুশীলন। জনজাতীয় পৰম্পৰাত, বিশেষকৈ মিচিং জনগোষ্ঠীয় সংস্কৃতিত, এই কাৰ্য্যক জীৱনধাৰাৰ এক অঙ্গ হিচাপে গণ্য কৰা হয়। দদগাঙে মৃত ব্যক্তিগৰাকীৰ আত্মাক ইহজগতৰ পৰা পৰজগতলৈ যাত্ৰাৰ পথ সুগম কৰি দিয়াৰ লগতে মৃতকৰ পৰিয়ালৰ সমূহ আত্মীয় স্বজনক শাৰীৰিকভাৱে একত্ৰ কৰি তোলাৰ মহান উদেশ্য সাধিত কৰে। ইয়াৰ উপৰিও দদগাঙে মৃতকৰ পৰিয়াললৈ মনৰ বিশুদ্ধতা আৰু আত্মসন্তুষ্টি কঢ়িয়াই আনিবলৈ সহায় কৰে। দহাকাজৰ দ্বাৰা মানৱৰূপী জগতনাৰায়নৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, আৰু পৰমব্ৰহ্মত বিলীন হৈ যোৱা অতিপ্ৰাকৃতিক আত্মা-পৰমাত্মাবোৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। প্ৰাচীন কালৰে পৰা মিচিং সকলে দদগাঙক পূজনীয় বুলি গণ্য কৰিছিল, কিয়নো দদগাঙৰ মাজতে আত্মগৱেষণা, ধৈর্য্য আৰু শৃংখলাৰ বীজ লুকাই থাকে।

    যাৰ ঘৰত দদগাং অনুষ্ঠিত হয় তেওঁলোকৰ মাটিৰ সৈতে একাত্মতা বাঢ়ে, দেহ-মন নিৰ্মল হৈ থাকে, আৰু জীৱনৰ সঠিক পথ উপলব্ধি কৰিবলৈ সক্ষম হয়। সেয়েহে দদগাং লুটাদ কেৱল এক মৃতকৰ আত্মাশুদ্ধিৰ উপায় নহয়, ই এক আধ্যাত্মিক সাধনাৰো অংশ।

   এতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন সঘনাই আহি থাকে যে আমাৰ জনগোষ্ঠীটোৰ মাজলৈ দদগাং কাৰ্যসূচীটো কৰপৰা আহিল ? কোনে আৰম্ভ কৰিলে এই মহান উৎসৱৰ। সেই বিষয়ে কাৰো ওচৰত কোনো সুপ্ৰতিষ্ঠিত তথ্য নাই । আনকি বহু সময়ত লোককথা যেনে আঃবাং, কাবান আদি গমকুবোৰতো সেই বিষয়ে বিশেষ একো মতবাদ পোৱা নাযায় । অৱশ্যেই বহু অঞ্চলত বহু ধৰণে দহাকাজৰ আৰম্ভণি বিষয়ত দুই এটা সৰু সুৰা কাহিনী উপকাহিনী পোৱা যায়। তেনে এক জনশ্ৰুতিমুলক আখ্যানকে মই তলত তুলি ধৰিব বিচাৰিছোঁ । 

 

কিঃপু-দদগাং আৰু ইয়াৰ লগত জড়িত উপাখ্যানঃ


    মিচিং জনগোষ্ঠীৰ উপৰিপুৰুষ জনাৰ নাম আছিল আবুতানি। দৈৱ শক্তিৰে বলীয়ান আবুতানিৰ পৰাই মিচিং জনগোষ্ঠীৰ লগতে সাত-আঠটাতানি জনগোষ্ঠীয় লোকৰ জন্ম আৰু বিকাশ হৈছে বুলি বিশ্বাস কৰা হয়। সেই আবুতানিৰ বহু সতি-সন্ততি আছিল । তাৰেই মাজৰ এজন সন্ততিৰ নাম আছিল কিঃপু । 

     কিঃপু অবিবাহিত আছিল আৰু বিবাহৰ প্ৰতি তেওঁৰ এক প্ৰকাৰৰ বিমুখতা আছিল। বয়সে ভাটি দিব ধৰা দেখি সমাজৰ সকলোস্তৰৰ লোকে তেখেতক বিবাহ কৰিবলৈ বুজাইছিল, কিন্তু কিঃপুৰ সেইবোৰলৈ কোনো কানসাৰেই নাছিল। বিবাহৰ বাবে মনগতি সলনি হোৱাৰ নাম-গোন্ধই নাছিল। তেখেত বিবাহক জেমেলা জ্ঞান কৰিছিল আৰু ব্যক্তিগত মুক্তি আৰু আধ্যাত্মিক জ্ঞানৰ সন্ধানত বিবাহ এক বাধা বুলি অনুভৱ কৰিছিল। সেয়েহে বিবাহৰ যোগেদি পাৰ্থিৱ বান্ধোনত বান্ধ খাই জীৱন ধংস কৰাতকৈ একান্তমনে পৰমপিতা পৰমেশ্বৰক সাধনা কৰি ব্যক্তিগত মুক্তি সাধনাৰ দিশত অধিক মনোযোগী আছিল।

    সময়ে সময়ে মানুহৰ জীৱন ধাৰণৰ ধাৰণাৰে পৰিবৰ্তন ঘটে। কিঃপুৰ জীৱনৰ লক্ষ্য ঐশ্বৰিকতা প্ৰাপ্তি তথা একান্ত আত্মানুসন্ধান । সেইবাবেই নিজকে আধ্যাত্মিক মুক্তিৰ দিশে লৈ যাবলৈ চেষ্টা কৰি বিভিন্ন শাস্ত্ৰাদিৰ অধ্যয়ন তথা নিত্য নতুন অগম্য ক্ষেত্ৰলৈ ভ্ৰমণ কৰি জীৱনৰ নতুনত্বৰ সন্ধান কৰি ফুৰিছিল। তেখেতৰ মনত বিবাহ নামৰ বন্ধনত আবদ্ধ হোৱাটো এক অন্তৰায় যেন লাগিছিল। তেনেকৈয়ে সময়ৰ প্ৰবাহত লাহে লাহে কিঃপু বাৰ্ধক্যৰ দিশলৈ আগুৱাই গৈ আছিল।

   এদিন কিঃপুয়ে আধ্যাত্মিকউৎকৰ্ষৰ বাবে বিশ্বব্ৰহ্মাণ্ডখন ভ্ৰমণ কৰাৰ মনস্থ কৰিলে। সেইহিচাপে প্ৰস্তুতি লৈ তেখেতে বিভিন্ন পাহাৰ-পৰ্বত, নৈ-নিজৰা, গম্য-অগম্য অনেক ঠাই ভ্ৰমণ কৰি বহু নতুন নতুন জ্ঞান আৰু অভিজ্ঞতা সংগ্ৰহ কৰে। এই ভ্ৰমণত তেখেতে বহুতো গুৰুত্বপূৰ্ণ কথাৰ উপলব্ধি কৰে, বিশেষকৈ জীৱন আৰু মৃত্যু সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আয়ত্ত কৰে।

   বহু বছৰ বিৰতিৰ পাছত যেতিয়া তেখেত গাঁৱলৈ উভতি আহে, তেতিয়া দেখে যে ভয়ংকৰ খৰাঙত পৰি গাঁৱৰ অৱস্থা অতি কষ্টদায়ক হৈ পৰিছে। চিৰপ্ৰৱাহমান কলকল সুৰেৰে বৈ থকা নৈ-নিজৰাসমূহ শুকাই গৈছে, মানুহ পানীৰ অভাৱত হাহাকাৰ কৰিছে। হিমালয়ৰ হিমে সৰ্বদা যোগান দি থকা চিৰপ্ৰৱাহমান সুতিৰ যেন ভয়ংকৰ প্ৰহসন ঘটিল।  

    এই ভয়ংকৰ পৰিস্থিতিৰ দেখি কিঃপুৰ অন্তৰাত্মা জ্বলি-পকি উঠে। মানুহবোৰৰ দুখ-বেদনা দেখি কিঃপুৰ হৃদয়ত ভাৱনাৰ ঢৌ দৌৰিবলৈ ধৰিলে । তেওঁ ভাবিলে, এই সমস্যাৰ সমাধান বিচাৰি কোনো এক আধ্যাত্মিক দিশৰ সন্ধান কৰিব লাগিব । অৰ্থাৎ কঃজে পাতাং স্থিত কঃজুম কঃজেত থকা পৰমপিতা দঞি পলঃৰ কাষলৈ দিহা পৰামৰ্শ বিচাৰি যাত্ৰা কৰিবলৈ মনস্থিৰ কৰিলে । তাতেই এই সমস্যাৰ সমাধান পোৱা যাব । 

   কিঃপুৱে নিজৰ সামান্য সম্বলৰ সৈতে আৰাধ্য দেৱতা দঞি পলঃৰ ওচৰলৈ যাত্ৰা আৰম্ভ কৰিলে। তেখেতে বিশ্বাস কৰিছিল যে পৰমপিতা দঞিঃৰ কৃপা লাভ কৰিলে গাঁৱৰ খৰাং পৰিস্থিতিৰ পৰা মুক্তি লাভ কৰিব। বহুদিনৰ যাত্ৰাৰ পিছত তেখেত ক্লান্ত হৈ পৰিল । চাৰিওপিনে পানীৰ অভাৱত পিয়াসত অত্যন্ত কষ্ট পাইছিল। ইফালেসিফালে কতো পানী এটুপিও পাবলৈ নাই । এনে লাগিছিল যেন পানীটুপি নহ'লে কঃজুম কঃজে পোৱাৰ আগতেই কিঃপুৰ প্ৰাণবায়ু ওলাই যাব । তেওঁ পানীৰ সন্ধানত ইফালে সিফালে অনুসন্ধান আৰম্ভ কৰি দিলে । 

   তেনেতে বাটত সৰু পানীডোঙা এটা আৱিস্কাৰ কৰিলে আৰু অতি আনন্দিত মনেৰে পানী খাবলৈ নামি গ’ল ।

   কিন্তু ঠিক সেই সময়তে পানীৰ পৰা এটা ভেকুলী ওলাই আহি কিঃপুক বাধা দিলে। ভেকুলীটোৱে চিঞৰি কলে—”হেই বিদ্বান পুৰুষ, এই পানীখিনি আপুনি খাব নোৱাৰিব। ই অশুচি । আচলতে এইটো পানী নহয়েই, আমাৰ ঘাম আৰু সৰু পানীৰে জমা হোৱা পানীৰ সমষ্টিহে !”

   কিঃপুয়ে আচৰিত হৈ ভেকুলীক সুধিলে, “এয়া আকৌ কেনে কথা ? তুমি কোন, ক’ৰ পৰা আহিছা ? এই পানীডোঙাটো কেনেকৈ সৃষ্টি হ'ল?"

     ভেকুলীয়ে উত্তৰ দিলে, “কিঃপু, আমি ইয়াত বহু বছৰ ধৰি বাস কৰি আছোঁ। আমি আচলতে ভেকুলী নাছিলোঁ, আমি এক প্ৰতিষ্ঠিত বংশৰ উপৰিপুৰিষৰ আত্মা। আমি কেৱল সাধাৰণ ভেকুলী নহও, আমি আবুতানিৰ বংশধৰ, তোমাৰেই পিতৃ-পিতামহৰ আত্মা।”

   এই কথাষাৰ শুনি কিঃপু আশ্চৰ্যচকিত হৈ যায়। তেওঁ ভাবিছিল, “মোৰ সদাচৰণ আৰু পূণ্যৰ প্ৰভাৱত মোৰ পিতৃ-পিতামহ নিশ্চয় সৰগত থাকিব লাগিছিল, কিন্তু তেওঁলোকে ইয়াত কেনেকৈ বন্দী হৈ থাকিল?”

    ভেকুলীস্বৰূপ আত্মাবোৰে কিঃপুক বুজালে—

“তুমি সৰ্বজ্ঞ, জ্ঞানী পুৰুষ । তুমি জানা এজন পুত্ৰৰ বাবে ‘বাপৰ ধনো নাটে, পাপৰ ধনো নাটে’। জীৱনজোৰা আৰ্জিত পূণ্যফলেৰে ব্যক্তিয়ে নিজৰ মুক্তি পথ প্ৰশস্ত কৰিব পাৰে । ব্যক্তিৰ ইহকালত কৰা পূণ্যাৰ্জন সম্পূৰ্ণ নিজা। এই পূণ্য নিজৰ পিতৃ বা পুত্ৰলৈ সংক্রমিত নহয়। এজন ব্যক্তিয়ে নিজে উপাৰ্জণ কৰি লোৱা পূণ্যফল তাৰ আত্মাৰ মুক্তিপথ গমনত সহায় কৰে, কিন্তু পূৰ্ণ মুক্তি লাভ কৰিবলৈ সেয়াই যথেষ্ট নহয়।”

    তেওঁলোকে লগতে আৰু ক’লে - “মৃত আত্মাসমূহ এই পৰমাৰ্থিক স্থাৱৰ দেহটো এৰি বিদেহ হৈ যোৱাৰ পাছতো এক বিশেষ আধ্যাত্মিক বেষ্টনীৰ মাজত আবদ্ধ হৈ থাকে। এই বেষ্টনী ভাঙি পৰম ধামলৈ গতি কৰিলেহে আত্মাই মুক্তি পায়। সাংসাৰিক নীতি নিয়মৰ মাজেৰে মৃতকৰ বিধিগত দহাকাজ বা পিণ্ড দানৰ যোগেদি এই আধ্যাত্মিক বেষ্টনীটো ভাঙিব লাগে যাতে মৃতকৰ আত্মাই পৰম ধামলৈ গতি কৰিব পাৰে। পৰমধামলৈ গতি কৰোতে সঞ্চয়ী পূণ্যফল শেষ হ’লে তাত ইন্ধন সংযোজনৰ একমাত্ৰ উপায় হৈছে পিণ্ডদান তথা দহাকাজ সম্পন্ন কৰা। যদি কোনো ব্যক্তি মৃত আত্মাৰ মুক্তিৰ বাবে দহাকাজ নকৰে, তেন্তে সেই আত্মাসমূহ এই নশ্বৰ পৃ্থিৱীৰ আবেষ্টনীতে বন্দী হৈ থাকে।”

  ‌”আমি আবুতানিৰ বংশজ। কিন্তু আমাৰ মুক্তি সম্ভৱ হোৱা নাই। কিয়নো আমাৰ উত্তৰ পুৰুষ কিঃপু অৰ্থাৎ তুমি বিষয়বাসনাৰ পৰা মুক্ত হৈ পাৰম্পৰিক সাংসাৰিক দায়িত্ববোৰ পালন কৰা নাই । তুমি কোনো পিতৃ-পিতামহৰ বাবে পিণ্ডদানৰ ব্যৱস্থা কৰা নাই যাৰ বাবে আমি সকলোৱে এনেকৈ নিজৰ গতিপথ হেৰুৱাই কক্ষচ্যুত হৈ ভেকুলী হৈ আছোঁ।”

    এই কথা শুনি কিঃপুৰ মনত এক গভীৰ প্ৰভাৱ পৰে। তেওঁ উপলব্ধি কৰে যে তেওঁৰ দায়িত্ব হ’ল নিজৰ পিতৃ-পিতামহৰ আত্মাৰ মুক্তিৰ ব্যৱস্থা কৰা। কিন্তু এজন পুত্ৰৰ উপস্থিতি নাথাকিলে, তেওঁ নিজে কিদৰে দহাকাজ সম্পন্ন কৰিব?

  ‌‌তেওঁ নিজৰ উপৰিপুৰুষৰ আত্মাসকলক ইয়াৰ নিধান কি হ’ব তাৰ উত্তৰ বিচাৰিলে । ভেকুলী ৰূপী আত্মাবোৰে কিঃপুক বিবাহ বান্ধোনত বান্ধ খাই সন্তান জন্ম দিয়াৰ বাবে আহ্বান জনালে আৰু তেনে কৰি পিতৃ-পিতামহৰ দহাকাজ সম্পন্ন কৰিবলৈ পৰামৰ্শ দিলে । তেতিয়া সকলো আত্মাই মুক্তি লাভ কৰিব । 

আত্মাসমূহৰ দুখ-দুৰ্দশা দেখি কিঃপুয়ে সিদ্ধান্ত ললে যে তেওঁ বিবাহ কৰিব আৰু সন্তান-সন্ততিৰ জন্ম দিব, যিসকলে পৰৱৰ্তী সময়ত তেওঁ আৰু তেওঁৰ পিতৃ-পিতামহৰ দহাকাজ সম্পন্ন কৰিব। তেওঁ উপলব্ধি কৰিলে যে জীৱনৰ মূল লক্ষ্য কেৱল ব্যক্তিগত মুক্তি নহয়, বৰঞ্চ সামূহিক মুক্তি নিশ্চিত কৰাও এটি দায়বদ্ধতা। আত্মাৰ মুক্তিৰ বাবে পূণ্যফল যথেষ্ট নহয়, পাৰম্পৰিক নীতি নিয়মযুক্ত দহাকাজ তথা সামাজিক অনুশাসনৰ মাধ্যমেৰে আত্মাসমূহৰ শান্তি প্ৰদান কৰিব লাগে। সামাজিক পৰম্পৰা বজাই ৰখা, বিশেষকৈ পিতৃ-মাতৃ আৰু পূৰ্বপুৰুষৰ প্ৰতি দায়িত্ব পালন কৰাটো মানুহৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য।

    তেওঁ গাঁৱলৈ উভতি যায় আৰু বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত, যেতিয়া তেওঁৰ সন্তান জন্ম হয়, তেওঁ পৰম তৃপ্তি অনুভৱ কৰে। অবশেষত, দহাকাজ অনুষ্ঠিত কৰি তেওঁৰ পিতৃ-পিতামহৰ আত্মাৰ মুক্তি নিশ্চিত কৰে।

    কিঃপুৱে আৰম্ভ কৰা বাবেই মিচিং সকলে দহাকাজ অৰ্থাৎ দদগাঙৰ নাম ৰাখিলে কিঃপু দদগাং। এনেকৈয়ে মিচিং জনগোষ্ঠীৰ মাজত দদগাং লুটাদৰ সৃষ্টি হয়।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper