আকৌ এদিন বৰষুণ দিব
কাৰ্চাং তাকাৰ
যি জলৰ স্পৰ্শত ৰঙা মাটি হালধীয়া হ’ব, এই জলত তৃষ্ণাতুৰ
ধুমুহা আহিব বতাহ বলিব, গছৰ-ঠাল ঠেঙুলি ভাঙিব
আহিব এজাক বৰষুণ, ধুই লৈ যাব পুৰণিৰ কথাবোৰ, বাৰিষা হ’ব
বানত উটি যাম, বৈ যাম বানত বহু দূৰলৈ নিসংগভাৱে ফুটুকাৰে।
যিদিনা গ্ৰীষ্মৰ পৰা শৰৎ হ’ল, নৈৰ কাষৰ কহুঁৱাৰ যি বিননি
বাটৰুৱাই বাটৰ মাজেৰে খোজ কাঢ়োতে ধুলিবোৰৰ যি আমনি
তেওঁলোকেওঁ সুধে বৰষুণৰ কথা, খেদি ফুৰে কলা ডাৱৰকো,
তেওঁলোক অপেক্ষাৰত বৰষুণৰ বাবে
বৰষুণ আহিলে তেওঁলোক আকৌ সেউজীয়াৰ প্ৰেমত পৰিব
বৰষুণ আহিলে আকৌ তেওঁলোকৰ ভৰালত সোণগুটি জমা হ’ব
লেফাফা খুলি চিঠিত আকৌ লিখিছে, খবৰ বিলাইছে ফাগুনকো
এদিন আকৌ বৰষুণ দিব, ঠিক শিমলু ফুলি কপাঁহবোৰে বতাহত
উৰি উৰি কুলিক বতৰা দিয়াৰ পাছতেই,
আকাশত মেঘে বিজুলী দিলেই জানিবা যেন,
নিশ্চয় বৰষুণ অহাৰ সময় এতিয়া।
Mising Anu Lutad, February, 2025