Type Here to Get Search Results !

অপেঃ নে অপৃন- কিছু ইতিবাচক চিন্তা আৰু সম্প্ৰতি অপেঃৰ প্ৰাসংগিকতা



 অপেঃ নে অপৃন- কিছু ইতিবাচক চিন্তা আৰু সম্প্ৰতি অপেঃৰ প্ৰাসংগিকতা….


দুষ্যন্ত নৰহ


অপেঃ নে অপৃন

    অপেঃ নে অপৃন ইয়াক লৈ আজিও আমি এটা সিদ্ধান্তত উপনীত হ’ব পৰা নাই। কিয়নো একাংশই অপেঃ লিখে।আন একাংশই অপৃন লিখে। যেনে - নৰহ অপেঃ, দলে অপৃন, কমান অপৃন ইত্যাদি ইত্যাদি। ইয়াৰ পৰাই স্পষ্ট যে আজিও বংশাৱলীৰ ক্ষেত্ৰত অপেঃ নে অপৃন ইয়াৰে যিকোনো এটাক সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰাৰ মানসিকতা আমাৰ মন-মগজুত প্ৰকট হোৱা নাই।‌ অৱশ্যে এই ক্ষেত্ৰত মিচিং বাঃনে কেবাঙে অপৃনৰ পৰিৱৰ্তে অপেঃ ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়াইছে। সমগ্ৰ মিচিং জাতিক বুজাবলৈ ‘অপৃন’ শব্দটো ব্যৱহাৰ কৰি অহা হৈছে। ইয়াৰ পৰা আমি এইটো বুজিব লাগিব যে ‘অপৃন’ শব্দটো এটা বহল পৰিসৰত ব্যৱহাৰ কৰা হয়। তেনেস্থলত নানান বংশাৱলীৰ ক্ষেত্ৰতো আমি সেই একেই ‘অপৃন’ শব্দটো ব্যৱহাৰ কৰিলে জাতি আৰু বংশৰ অৰ্থ একেই হৈ পৰিব। অৰ্থাৎ এই দুয়োটাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। অৱশ্যে সেয়া মোৰ ব্যক্তিগত অনুভৱ। 

      বৰ্তমান কেৱল মিচিং জাতি বুলিয়েই নহয় আন আন জাতিৰ বংশধৰসকলেও নিজ নিজ বংশৰ শিপা বিচাৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সেয়া একো-একোটা জাতিৰ শুভ চিন্তন।‌ কিয়নো নানান বংশ বা গোত্ৰৰ ইতিহাসৰ সমাহাৰেই সেই জাতিৰ ইতিহাসক সমৃদ্ধিশালী কৰি তোলে।‌ কেইবাটাও পৰিয়ালক লৈ গাঁও, কেইবাটাও গাঁৱক লৈ আঞ্চলিক, কেইবাটাও আঞ্চলিকক লৈ মণ্ডল, কেইবাটাও মণ্ডলক লৈ জিলা গঠন কৰা হয়। ঠিক তেনেকৈ কেইবাখনো জিলাক লৈ এখন ৰাজ্য আৰু কেইবাখনো ৰাজ্যক লৈ এখন ৰাষ্ট্ৰ গঠন কৰা হয়।‌ তেনেক্ষেত্ৰত গাঁও, আঞ্চলিক, মণ্ডল, জিলা ইত্যাদি প্ৰতিটোৰে একো-একোটা সুকীয়া সংজ্ঞা আছে। এই ক্ষেত্ৰত যদি গাঁৱক আঞ্চলিক, জিলাক ৰাজ্য অথবা ৰাজ্যক ৰাষ্ট্ৰ বুলি সংজ্ঞাবদ্ধ কৰোঁ তেন্তে কথাবোৰ বাৰেভচহু হৈ পৰিব। সেইবোৰ কথাক আধাৰ হিচাপে ল’লে বংশাৱলীৰ ক্ষেত্ৰত অপৃন হ’ব নে অপেঃ হ’ব ইয়াক সহজে অনুমান কৰিব পৰা যায় । বংশ বা গোত্ৰ একো-একোটা জাতিৰ অংশহে।‌নানান বংশ বা গোত্ৰৰ সমাহাৰেই হ’ল এটা জাতি । জাতিক দৰাচলতে বহল অৰ্থত ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা এটা কথা স্পষ্ট যে বংশ বা গোত্ৰ একো-একোটা জাতিৰ ঠাল-ঠেঙুলীহে। গতিকে জাতিৰ ক্ষেত্ৰত অপৃন, পৰিয়াল বা বংশৰ ক্ষেত্ৰত অপেঃ লিখাটো সমীচিন বুলি ভাৱোঁ।‌ এই ক্ষেত্ৰত ‘অপৃন’ শব্দটোক সংকুচিত কৰাৰ বিপৰীতে ইয়াক বহল পৰিসৰত ব্যৱহাৰ কৰিবলৈ আমি এক সহমত সিদ্ধান্তত উপনীত হ’ব লাগিব। কিয়নো মিচিং জাতিৰ বহু ফৈদে আজিও ‘অপৃন’ শব্দটোকে বংশাৱলীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে। মিচিং অপৃন বুলি লিখাৰ পাছত দলে অপৃন অথবা পেগু অপৃন ইত্যাদি লিখাটো কিমান সমীচিন ইয়াক বিদ্বৎ সমাজে সময় থাকোঁতেই ফঁহিয়াই চোৱা দৰকাৰ। অৱশ্যে এইক্ষেত্ৰত কিছু কিছু বংশাৱলীয়ে অপৃনৰ পৰিৱৰ্তে অপেঃ শব্দটোক ব্যৱহাৰ কৰি আহিছে। প্ৰসংগটো উল্লেখ কৰাৰ কাৰণ এইটোৱেই যে বংশাৱলীৰ ক্ষেত্ৰত অপেঃ নে অপৃন হ’ব ইয়াৰ এক গ্ৰহণযোগ্য সমাধান পাবৰ বাবে আমি বাদানুবাদ পৰিহাৰ কৰি উমৈহতীয়া সিদ্ধান্তত উপনীত হোৱাটো বাঞ্ছনীয়। 

      মিচিং অপৃন সেয়া আমাৰ পৰিচিত শব্দ। অপৃনৰ অৰ্থ ভাষাবিদ নাহেন্দ্ৰ পাদুনে এনেদৰে ব্যক্ত কৰিছে - অ (ধাতু) = জন্ম দিয়া। পৃন - একেলগে জন্ম লাভ কৰা কুটুম্ব। “এইক্ষেত্ৰত সৃষ্টিতত্ত্বৰ পৰা এটা কথাই ধাৰণা কৰিব পাৰোঁ যে মিচিং জাতিৰ সৃষ্টিৰ উৎস এটাই।‌ সেই উৎসৰ পৰাই সামগ্ৰিক অৰ্থত মিচিং অপৃন হিচাপে এক সুকীয়া পৰিচয় বহন কৰি আহিছে। 

      নিজ নিজ বংশৰ শিপাক অন্বেষণ কৰাক গুঃমৃন চিগনাম বুলি কোৱা হয়। গুঃমৃন শব্দটি সাধিত নে স্বতন্ত্ৰীয় শব্দ তাৰ কোনো বিশেষ সমল নাই। গুঃমৃনৰ অসমীয়া প্ৰতিশব্দ হ’ল বংশ। এগৰাকী উপৰিপুৰুষক কেন্দ্ৰ কৰি নিজ নিজ বংশ লতিকাৰ শিপা অনুসন্ধান কৰা হয়। অৰ্থাৎ এগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি বংশ লতিকাৰ শিপা অনুসন্ধান কৰা হয়। Érang বা Ope: ৰ অসমীয়াৰ প্ৰতিশব্দ হ’ল পৰিয়াল বা গোট। এইক্ষেত্ৰত কেইবাটাও érang বা ope: লৈ Gu:mín হ'ব পাৰে। Gu:mín ৰ পৰিসৰটো ope: বা érang তকৈ কিছু বহল অৰ্থত ব্যৱহাৰ কৰাৰ অৱকাশ আছে। বৰ্তমান মিচিং অপৃনৰ অপৃন কেবাংসমূহ হ’ল - মিচিং বাঃনে কেবাং, মিচিং মিমাগ কেবাং, মিচিং আগম কেবাং, টাকাম মিচিং পৰিন কেবাং, টাকাম মিচিং মিমে কেবাং আৰু মিচিং দৃৰবৃ কেবাং। গতিকে সেইবোৰলৈ চাই নিজ নিজ বংশ লতিকাৰ অন্বেষণৰ বাবে আত্মপ্ৰকাশ ঘটা কেবাংসূহৰ নামাকৰণ অপৃনৰ বিপৰীতে অপে: অথবা গু:মৃন কেবাং নামেৰে নামাকৰণ কৰাৰ বহু থল আছে।‌ অৱশ্যে সেয়া মোৰ একান্ত ব্যক্তিগত মতামতহে।


অপেঃৰ প্ৰাসংগিকতা...


   আন অপেঃৰ কথা নকলোৱেইবা। মোৰ ব্যক্তিগত কিছু কথাকেই দোহাৰিব খুজিছোঁ। নৰহ অপেঃ কেবাংসমূহলৈ আহি মোৰ ব্যক্তিগত কিছু কাম এফলীয়া হ’ব পাৰে।‌ কিন্তু তাৰ পৰিৱৰ্তে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ, গুৱাহাটী তদুপৰি অৰুণাচলৰ বিভিন্ন প্ৰান্তত থকা নৰহ পৰিয়ালৰ সৈতে মোৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিল। এনেবোৰ সম্পৰ্কই মোৰ হৃদয়ত পৰিয়াল চেতনাৰ সহিতে এক জাতীয় চেতনাও সজীৱ কৰি ৰাখিছে। কিয়নো এজন ব্যক্তিয়ে সমাজক ভাল পাবলৈ নিশিকিলে সি কেতিয়াও পৰিয়াল অথবা দেশক ভাল পাব নোৱাৰে। আমাৰ হৃদয়ত উদয় হোৱা পৰিয়াল চেতনাবোৰক দৃঢ় কৰিবলৈ হ’লে কাক কি সম্বোধন কৰিব লাগিব সেইবোৰ কথা আমি হৃদয়ৰ পৰাই ঠিক কৰিব লাগিব। এটা কথা ঠিক কাক কি বুলি সম্বোধন কৰিব লাগিব সেই কথা নজনালৈকে চকুৱে চকুৱে চাই মাথোঁ ইজনে সিজনৰ পৰা আঁতৰি ফুৰিবলগীয়া হয়। এনেকৈ ইজনে-সিজনৰ পৰা আঁতৰি ফুৰিলে সম্পৰ্কবোৰ হেৰাই যোৱাৰ দৰে হয়।‌ ইজনে সিজনৰ কাষৰ পৰা আমি যিমানেই আঁতৰি থাকোঁ সিমানেই আমাৰ মাজৰ মৰম-চেনেহবোৰ নোহোৱা হৈ পৰে।‌ মৰম-চেনেহবোৰ বুকুৱে বুকুৱে সজীৱ কৰি ৰাখিবলৈ হ'লে আমি ইজনে-সিজনক চিনি পাবই লাগিব। ইজনে-সিজনক আঁকোৱালি ল’বই লাগিব। ঘৰৰ পদূলি মুখৰ পৰা ওলাই অহাৰ পাছত হঠাৎ কোনোবা আপোন মানুহৰ সৈতে মুখামুখি হ’লে তেওঁক কি বুলি মাতিব লাগিব এই কথা নাজানিলে আমি ইজনে-সিজনৰ কাষৰ পৰা আঁতৰি ফুৰোঁ।‌ কিন্তু মানুহজনক কি বুলি মাতিব লাগে এই কথা গম পোৱা মাত্ৰকেই তেওঁক আমাৰ ওচৰলৈ বা আমাক তেওঁৰ ওচৰ চপাই নিয়ে। দৰাচলতে আমি যিমানেই ইজনে সিজনৰ কাষৰ পৰা আঁতৰি ফুৰিম ইমানেই সম্পৰ্কবোৰ শিথিল হৈ পৰিব। পৃথিৱীৰ যি ঠাইতেই নাথাকক লাগে আমি একেলগে এটা শৰীৰৰ আত্মাৰ দৰে থাকোঁ, ইজনে সিজনৰ দুখৰ দুখত সমভাগী হৈ থাকোঁ, এটা পৰিয়াল হৈ থাকোঁ বুলি যদি কোনোবাই কয় তেন্তে সেই কথা কোনোলোকে বিৰোধ নকৰিব । সেইবোৰ কথা প্ৰতিষ্ঠা কৰাই অপেঃ কেবাংসমূহৰ মূল লক্ষ্য হ’ব। পৃথিৱীৰ‌ যি ঠাইতেই নাথাকক আমি একেলগ হৈ থাকিলে ইজনৰ দুখত সিজনে থিয় হ’ব পাৰিম। নিজ নিজ অপেঃক সন্ধান কৰি একত্ৰিত কৰাৰ ক্ষেত্ৰত কেবাঙৰ উপৰিও আমি সকলোৱেই দায়বদ্ধ হ’ব লাগিব। অপেঃ কেবাংসমূহে নিজ নিজ ইতিহাসেৰে মিচিং জাতিক ইতিহাসভাৱে সমৃদ্ধিশালী জাতি হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। বিজ্ঞানসন্মতভাৱে দূৰদৰ্শী পৰিকল্পনাৰে নিজ নিজ অপেঃক শক্তিশালী কৰি সমগ্ৰ মিচিং অপৃনক শক্তিশালী কৰি তোলাই অপেঃ কেবাংসমূহৰ লক্ষ্য হওঁক।‌ কেৱল সভা-সমিতি পাতি অপেঃ কেবাংসমূহ আগবঢ়াই নিয়াৰ পৰিৱেশ গঢ়ি তুলিলে অপেঃৰ লগতে মিচিং জাতিও অৰ্থনৈতিকভাৱে শোচনীয় হৈ পৰিব।‌ কিয়নো আন আন জাতিৰ তুলনাত মিচিং জাতিৰ কেবাঙৰ সংখ্যা সৰ্বাধিক। সম্প্ৰতি কেবাঙৰ অধিৱেশন বুলি ক’লে জাকজমকতাৰে অধিক মেলামুখী প্ৰৱনতাই পয়োভৰ হোৱা দেখা যায়। সম্প্ৰতি তিনি-চাৰিআলিত জুৱা খেলা, আড্ডাৰ মেলা, অসামাজিক কাণ্ডবোৰ প্ৰতিৰোধ কৰিবলৈ হ’লে নিজ নিজ অপেঃৰ কেবাংসমূহে আধ্যাত্মিক শিক্ষাৰ লগতে গুণগত শিক্ষাৰে সেইবোৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব লাগিব যাতে আমাৰ পৰিয়ালৰ লোকে এনেবোৰ কামৰ প্ৰতি আকৃষ্ট নহয় বুলি বুকুত হাত থৈ আমি ইজনে সিজনক ক'ব পাৰোঁ। সম্প্ৰতি এনে এটি পৰিৱেশ সৃষ্টি কৰিব পাৰিলেহে অপেঃ কেবাংসমূহৰ উদ্দেশ্য আৰু সপোন সাৰ্থক হ’ব।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper