Type Here to Get Search Results !

আধুনিক বংশলতা অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ



 আধুনিক বংশলতা অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ


হৰিচৰণ পেগু

সহ শিক্ষক

বঠাখানা, নাৰায়নপুৰ



    যোৱাটো দশকৰ পৰা মিচিং জনগোষ্ঠীয় অপৃণসমূহৰ মাজত এটা বিশেষ প্ৰৱণতা গা-কৰি উঠা দেখা গৈছে। সেয়া হৈছে নিজৰ নিজৰ অপৃণ বংশলতা গঠন কৰি নিজ নিজ গোত্ৰৰ ভাই-ভগ্নীসকলক চিনাক্ত কৰা আৰু এক সু-সমন্বিত বিজ্ঞানসন্মত পৰিয়াল বৃক্ষ প্ৰস্তুত কৰা। বংশলতিকা প্ৰস্তুতকৰণৰ যোগেদি সমাজৰ বিভিন্ন প্ৰান্তত থকা একে পৰিয়াল বৃক্ষৰ পৰা উত্তৰসুৰী হোৱা সতি-সন্ততিসকলক একত্ৰিত কৰাটো নিতান্তই এক মহান কাৰ্য। গতিকে একেষাৰেই এনে পদক্ষেপক আমি এক মহৎ চিন্তাৰ ফচল বুলি অভিহিত কৰিব লাগিব। মিচিং সমাজত বংশলতা অধ্যয়নৰ ইতিহাস খুব এটা পুৰণা নহয়। এনে বিষয়ত প্ৰথম আনুষ্ঠানিক অধ্যয়নৰ পাতনি মেলিছিল ডাঃ নোমল চন্দ্ৰ পেগুদেৱে। ষাঠিৰ দশকতে ডাঃ পেগুৱে বংশলতা গৱেষনাৰ কাম হাতত লৈছিল। তেখেতে পেগু অপৃণৰ বিষয়ে গৱেষণা কৰিছিল আৰু কাৰ্কৰ পৰা তেখেতলৈকে ৩২ টা প্ৰজন্ম চিনাক্তকৰণ কৰি গৈছিল। তেখেতে তেখেতৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মিচিংসকলৰ ইতিহাস গ্ৰন্থখনৰ পাণ্ডুলিপি প্ৰস্তুত কৰি থকাৰ সময়ত বংশলতাৰ গুৰুত্ব উপলব্ধি কৰিছিল আৰু তাৰ গভীৰতালৈ সোমাই যাবলৈ প্ৰয়াস কৰিছিল । বংশলতিকাখন হৈছে এখন সমাজৰ এটা অংশৰ অতীত বুৰঞ্জী য’ত সেই গোটটোৰ প্ৰৱজনৰ ইতিহাস তথা বিকাশৰ ইতিহাস নিমজ্জিত হৈ থাকে। কাজেই এনে গাইগুটীয়া অপৃনবোৰৰ বুৰঞ্জীৰ ওপৰত ভেজা দি এখন সামগ্ৰিক জনগোষ্ঠীয় ইতিহাস লিখিব পৰা হয়। এই বিষয়টো ডাঃ পেগুৱে ভালদৰেই উপলব্ধি কৰিছিল আৰু সেইমতে তেখেতে বংশলতিকা প্ৰস্তুতৰ কামত অগ্ৰসৰ হৈছিল। তেখেতৰ অধ্যয়ন পদ্ধতিত অৱশ্যে খুঁত যে নাই তেনে নহয় । বহু সময়ত তেখেতে প্ৰস্তুত কৰা বংশলতাৰ ওপৰত প্ৰশ্ন উদ্ভৱ হোৱা দেখা যায়। অধ্যাপক সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনদেৱে ডাঃ পেগুৰ ওপৰত কব খোজে যে ডাঃ পেগুৱে শ্ৰুত কাহিনীবোৰৰ সত্যাসত্যৰ সত্যাপন নকৰাকৈ যি শুনিছিল তাকেই হুবহু সত্য বুলি স্বীকাৰ কৰি লিপিৱদ্ধ কৰিছিল যিটো বৈজ্ঞানিক গৱেষণাৰ দিশেৰে এক অশুদ্ধ পন্থা। দ্বিতীয়তে ডাঃ পেগুৱে বংশলতা গৱেষণাৰ সময়ত বিজ্ঞানসন্মত সময়সূচীক গুৰুত্ব দিয়া নাই। কাজেই তেখেতৰ গৱেষণালব্ধ ফচলক একেষাৰে আধুনিক বংশলতাৰ গৱেষকসকলে মান্যতা দিব খোজা নাই। যাৰ ফলত প্ৰতিটো অপৃনে নিজাববীয়াকৈ বংশলতা অধ্যয়নৰ কামত গুৰুত্ব আৰোপ কৰি আছে । 

     যিকি নহওক, আমাৰ উদেশ্য ডাঃ পেগুৰ বংশলতা অধ্যয়নৰ ওপৰত অধ্যয়ন কৰা নহয়। আমাৰ উদেশ্য হৈছে আমাক বংশলতাৰ প্ৰয়োজন কি আৰু এই বংশলতা অধ্যয়নে আমাৰ ভৱিষ্যত প্ৰজন্মক কি কি সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব তাকহে অধ্যয়ন কৰিবলৈ বিচৰা হৈছে । 


প্ৰথমে বুজি লওঁ বংশলতা অধ্যয়ন মানেনক কি?

   বংশলতা অধ্যয়ন হৈছে পৰিয়ালৰ বংশগতিৰ ইতিহাস বা উৎস অধ্যয়ন কৰা এক জটিল পদ্ধতি। এই অধ্যয়নে এটা পৰিয়ালৰ বংশগত বৈশিষ্ট্য, জীৱনধাৰা, প্ৰৱজনৰ ইতিহাস, বীৰগাথাৰ লগতে বংশৰ গৌৰৱোজ্জ্বল ইতিহাস আদিবোৰৰ বিশদ অধ্যয়ন সামৰি লয় । তাৰোপৰি বংশলতাৰ অধ্যয়নে বংশগতি ৰোগৰ প্ৰবণতা আদি বুজিবলৈকো প্ৰচুৰ সহায় কৰে। কাজেই চিকিৎসাশাস্ত্ৰ আদি দিশেৰে বংশলতা এক গুৰুত্বপূৰ্ণ বিষয়। মূলত, বংশলতা অধ্যয়ন বিজ্ঞান, ইতিহাস, আৰু সাংস্কৃতিক অধ্যয়নৰ সমন্বয়ে গঠিত।


নিজৰ বংশৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তাসমূহঃ

    নিজৰ বংশৰ ইতিহাস অধ্যয়ন কৰাটো বিভিন্ন দিশত গুৰুত্বপূর্ণ।


১) পৰিচয় আৰু গৌৰৱঃ

     নিজৰ পৰিয়ালৰ সম্পদ, পৰম্পৰা, প্ৰতিষ্ঠা আৰু সফলতা জানিলে এক গৌৰৱৰ অনুভূতি হয়। আমাৰ পুৰ্বজসকলৰ ৰোমাঞ্চকৰ কাহিনীবোৰে আমাক সদায়েই আকৰ্ষিত কৰি আহিছে । বিভিন্ন মুখৰোচক কাহিনীয়ে আমাক আমাৰ বংশৰ গৌৰৱ অনুধাৱনত সহায় কৰে । 


২) জীৱনশৈলীৰ বুজাবুজিঃ

     আমি বংশলতা অধ্যয়নৰ পৰা নিজৰ বংশৰ পৰা পৰম্পৰাগত অভ্যাস, কৃষ্টি-সংস্কৃতি, আৰু ধৰ্মীয় ৰীতি-নীতি, আচাৰ-আচৰণসমূহ বুজি ল’ব পাৰো। বংশ পৰাম্পৰাৰ সকাম-নিকামবোৰ আমি বুজিব পাৰোঁ আৰু এইবোৰৰ বৈজ্ঞানিক ভিত্তি আদিবোৰ অধ্যয়ন কৰিব পাৰোঁ । 


৩) মানৱজাতি আৰু সম্পৰ্কঃ

    বংশলতাৰ অধ্যয়নে আমি আমাৰ পুৰ্বজ সকলৰ আচাৰ-ব্যৱহাৰ তথা বংশ-পৰম্পৰাকেই যে বুজিব পাৰো সেইটো নহয়। তাৰ লগে লগে আমি আমাৰ বংশৰ বিকাশ, বংশৰ পুৰ্বজসকলৰ প্ৰৱজনৰ ইতিহাস, আন আন জনগোষ্ঠীয় সমগোত্ৰীয় সকলৰ লগত সম্পৰ্ক, বাসভূমিৰ উৎস আদিৰ ওপৰতো বিস্তৃত জ্ঞান আহৰণ কৰিব পাৰি। আমি আমাৰ চুবুৰীয়া সমগোত্ৰীয় অপৃন সকলৰ লগতে আন আন আক্ৰমণকাৰী গোত্ৰৰো আভাস লাভ কৰিব পাৰি যিবোৰে আমাক আন্তঃসম্পৰ্কৰ এক ধাৰণা প্ৰদান কৰে । 


৪) স্বাস্থ্য আৰু বংশগত ৰোগৰ ওপৰত অধ্যয়ন ও নিদানমূলক কাৰ্যপন্থা গ্ৰহণৰ সম্ভাৱিতাঃ

    পৰিয়ালৰ বংশগত ৰোগ বা স্বাস্থ্য সমস্যাৰ প্ৰৱণতা বুজিবলৈ বংশলতা অধ্যয়ন বিশেষভাৱে সহায়ক। উদাহৰণস্বৰূপে, দীৰ্ঘজীৱন, হৃদৰোগ, ডায়াবেটিচ, ইত্যাদি ৰোগৰ সম্ভাৱনা আগতীয়াকৈ নিৰ্ণয় কৰিবলৈ বংশলতাৰ অধ্যয়ন সহায়ক। মিচিং সকলৰ মাজত সঘনে উচ্ছাৰিত অথচ কোনেও মুখ খুলি কব নোখোজো তথা বিজ্ঞানসন্মত দৃষ্টিভংগীৰে অধ্যয়ন কৰিবলৈ আগনবঢ়া “য়েঃপাং” ৰোগৰ অধ্যয়নৰ দিশটো বংশলতাই বিশেষ প্ৰভাৱ পেলাব । সমাজৰ পৰা এনে অন্ধবিশ্বাসপ্ৰায় (?) ৰোগৰ শিপাৰ পৰা নিৰ্মূল হোৱা উচিত। আৰু সেই দিশত বংশলতাৰ সবিশেষ অধ্যয়নে ভীষণভাৱে সহায় কৰিব পাৰে । 

    নিজৰ বংশৰ উৎপত্তি জনাটো প্ৰত্যেকগৰাকী নাগৰিকৰ দায়িত্বৰ শাৰীতে পৰে। অৱশ্যে তাৰে বহুতে বংশলতিকাৰ অধ্যয়নক লৈ আগ্ৰহ দেখুৱাৰ বিপৰীতে কোনো কোনোৱে ইয়াক প্ৰত্যাখ্যান কৰাও দেখা যায় । ইয়াৰ কাৰণ বংশলতা অধ্যয়নত যেনেকৈ যথেষ্ট ধনাত্মক দিশ আছে তেনেকৈ কেতবোৰ ঋণাত্মক দিশো দেখা পোৱা যায় । 

    পৰিচিতি আৰু সংস্কৃতিৰ সংৰক্ষণৰ দিশত বংশলতা অধ্যয়ন এক ধনাত্মক প্ৰভাৱী। আপুনি আপোনাৰ পৰম্পৰাগত জীৱনধাৰা আৰু সংস্কৃতিৰ সংৰক্ষণৰ সুযোগ বংশলতা অধ্যয়নৰ যোগেদিয়ে লাভ কৰিব পাৰে । 

    তাৰোপৰি ঐতিহাসিক সম্পদৰ সজাগতাও আপুনি বংশলতা অধ্যয়নৰ পৰাহে লাভ কৰিব পাৰিব । নিজৰ পৰিয়ালৰ ঐতিহাসিক ভূমিকাৰ বিষয়ে অৱগত হ’লে যিকোনো এজনৰে হৃদয় ভৰি উঠিব, যিটো আপুনি বংশলতা গৱেষনাৰ যোগেদি জানিব পাৰি। তেনেকৈ বংশলতাৰ ইতিহাস অধ্যয়নে আত্মবিশ্বাস আৰু বংশীয় গৌৰৱ বঢ়ায়।

   সমান্তৰালকৈ বংশলতাই অতীতৰ কিছু ধ্ৰুবীয় অপ্ৰাপ্তি বাঅপৰাধমূলক ঘটনাৰ সৈতে মুখামুখি কৰাই দিয়ে যিয়ে কটা ঘাত ছেঙা তেল দিয়াৰ সমান কাম কৰে। নিষ্ঠুৰ ইতিহাসে আমাক আমাৰ ভুলত্ৰুটিবোৰ স্পষ্টকৈ চকুৰ আগলৈ টানি আনি দিয়ে আৰু আমি অপৰাধবোধত ভুগিব লগীয়া হয় ।  

    তাৰোপৰি বংশলতাৰ কু প্ৰভাৱস্বৰূপে পৰিয়ালৰ ভিতৰত বিভাজন ঘটাৰ সম্ভাৱনাও থাকে। অৱশ্যে বৃহৎ পৰিয়াল একত্ৰিত কৰিবলৈ যাওঁতে তেনে দুই এক সৰু সুৰা অসুবিধাবোৰক আমি একাষৰীয়া কৰি আগবাঢ়িব পাৰোঁ । 

    বহুত যুৱ প্ৰজন্মৰ সচেতন ব্যক্তিয়ে অপৃণ কেবাং বোৰলৈ বিশেষ আগ্ৰহ নেদেখুৱায়। সুধিলে আমাক ওলোটাকৈ সোধে যে আজিৰ প্ৰজন্মই অধৰুৱা ইতিহাসৰ ওপৰত গুৰুত্ব দিব লাগেনে নে সোণোৱালী ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিব লাগে? আমি কওঁ‌ আজিৰ প্ৰজন্মই ইতিহাস আৰু ভৱিষ্যতৰ মাজত এক সু-সমন্বয়তা বজাই ৰাখিব লাগে।

    ইতিহাস যিমান গভীৰভাৱে অনুধাৱন কৰিব পাৰিম আমি সিমানে নিজকে ভৱিষ্যতৰ গতিত ঢাল খোৱাব পাৰিম। কাৰোবাক শাসন কৰাত পুৰ্বে তেওৰ অতীত ইতিহাসৰ জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয় কথা । নহলে আমি পুনৰাই ইতিহাসৰ পুনৰাবৃত্তি কৰি হোৱা কামটোও নোহোৱা কৰি পেলাব লগা হয় নিজৰ ভুলৰ বাবে । নিজ বংশ আৰু সমাজৰ অতীত অধ্যয়ন কৰি অতীতৰ ভুল-ত্ৰুটি তথা ভালদিশৰ পৰা শিক্ষাগ্ৰহণৰ অতীৱ প্ৰয়োজন।

     ইতিহাসে আমাক ভৱিষ্যত কৰ্মপন্থা নিৰ্ণয় কৰিবলৈ পৰিকল্পিত জ্ঞান দিয়ে। আৰু সেই জ্ঞান আমি অতীতৰ বুকুত ভেজা দিয়েই লব লগা হয়। বিজ্ঞান যেনেকৈ গতিশীল তেনেকৈ ইতিহাসৰ লগত ভৱিষ্যতৰ সম্পৰ্কটোও গতিশীল। কাজেই আমি দুয়োকে সমহাৰত আগুৱাই নিব লাগিব। অনাগত প্ৰজন্মৰ বাবে উন্নত জীৱনশৈলী আৰু সন্থান সৃষ্টিৰ বাবে ভৱিষ্যতক গুৰুত্ব দিবই লাগিব। কিন্তু অতীতক পাহৰি নহয় ।

   ইতিহাস আৰু ভৱিষ্যতক সমন্বিত কৰিবলৈ কেতবোৰ দিশত মনযোগ কেন্দ্ৰিত কৰিব লাগে।


১) ইতিহাসৰ শিক্ষা লোৱাঃ

    অতীতৰ ভুলৰ পৰা শিক্ষা লৈ সমৃদ্ধ ভবিষ্যতৰ পৰিকল্পনা কৰা। পৰিয়ালৰ পৰম্পৰা আৰু সাংস্কৃতিক জ্ঞানক নতুন প্ৰজন্মলৈ প্ৰেৰিত কৰা।


২) উন্নত প্ৰযুক্তি ব্যৱহাৰঃ

     পৰিয়ালৰ ইতিহাসক সংৰক্ষণ কৰিবলৈ ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিব পাৰিম। যিবোৰ নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে আগভাগ লব পাৰিব। ভৱিষ্যত পৰিকল্পনা সম্পন্ন কৰিবলৈ আধুনিক গৱেষণা আৰু ডাটা সংগ্ৰহৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব । 


৩) সামাজিক সম্পৰ্ক স্থাপনঃ

পৰিয়াল আৰু সমাজৰ মাজৰ আন্তঃসম্পৰ্ক বজাই ৰাখি সমন্বয় স্থাপন কৰা। সেই দিশত আমাৰ যুৱ প্ৰজন্মৰ কেতবোৰ কৰণীয় উল্লেখ কৰিলোঁ। পৰিয়ালৰ ইতিহাস উদ্ভাৱন কৰিবলৈ আজিৰ তাৰিখত বহুকেইটা বিজ্ঞানসন্মত পদ্ধতি অনুসৰণ কৰিব লাগে। যিবোৰ আধুনিক প্ৰযুক্তিৰ জ্ঞান থকা যুৱ প্ৰজন্মৰ বাবে অধিক সৰল কাৰ্য হ'ব পাৰে । 

পদক্ষেপবোৰ হৈছে —


১) দূৰ-দূৰলৈ বিস্তৃত হৈ থকা পৰিয়াল-পৰিজনৰ লগত আলোচনা। পৰিয়ালৰ বয়স্ক সদস্যৰ সৈতে কথা পাতি পৰিয়ালৰ অতীত ইতিহাস সম্পৰ্কে জ্ঞান লোৱা আৰু সেইবোৰ পদ্ধতিগতভাৱে সংৰক্ষণ কৰা । এই কাৰ্যটো যুৱ প্ৰজন্মৰ বাবে অধিক সৰল। কিয়নো আমাৰ হাতত থকা স্মাৰ্টফোনবোৰৰ ব্যৱহাৰেৰে আমি ইটোৱে সিটোলৈ বিভিন্ন গণ মাধ্যমৰ মাজেৰে সহজেই যোগাযোগা স্থাপন কৰিব পাৰোঁ আৰু কম সময়তে আমি তথ্যপাতিৰ আদান-প্ৰদান কৰিব পাৰোঁ।


২) পৰম্পৰাগত শ্ৰুত কাহিনী আৰু ঘটনাসমূহ লিপিৱদ্ধ কৰি ৰাখিব লাগে। যুৱ প্ৰজন্মই কাষ চাপিলে বয়োজ্যেষ্ঠসকলে অতীতৰ কথা ৰোমন্থন কৰি খুবেই ভাল পায়। কাজেই যুৱ প্ৰজন্মই সেই দিশত সুযোগ লোৱা উচিত । 


৩) লিখিত নথিপত্ৰবোৰ উদ্ধাৰ কৰাঃ

    জমি-সম্পত্তিৰ নথি, জন্ম-প্ৰমাণপত্ৰ, বিবাহপত্ৰ, আৰু আন চৰকাৰী নথি অধ্যয়ন কৰাৰ লগতে কিছু কিছু সচেতন ব্যক্তিয়ে নিজৰ বংশ পৰম্পৰাৰ তথ্যফলক লিপিৱদ্ধ কৰি ৰাখে । আমিবোৰ সেইখিনি পুনৰুদ্ধাৰ কৰি তাক প্ৰতিলিপি কৰি ৰাখিব লাগে । 


৪) Genealogy Software আৰু Tools ব্যৱহাৰঃ

    বংশলতিকা তৈয়াৰ কৰিবলৈ MyHeritage, AncestryDNA আদি প্লেটফৰ্ম ব্যৱহাৰ কৰিব পাৰি যিবোৰ মাথো আমাৰ প্ৰযুক্তিৰ জ্ঞান থকা যুৱ প্ৰজন্মসকলৰ বাবেহে সম্ভৱ। কাজেই টেকনলজিকে দিশত যুৱ প্ৰজন্মই আগভাগ ললে আমাৰ বংশলতিকা অতি সহজেই উপলব্ধ হৈ উঠিব । 


৫) ঐতিহাসিক তথ্য পঞ্জীঃ


    স্থানীয় গ্ৰন্থাগাৰ, আৰ্খাইভ (Archive), আৰু তথ্য পঞ্জীত পৰিয়ালৰ তথ্য বিচাৰ কৰিব লাগিব । আজিৰ প্ৰজন্মই খুচৰি খুচৰি আমাৰ বিষয়ে স্থানীয় গ্ৰন্থাগাৰাতেই বুলি নহয় আন আন বিদেশী লিখকে কি কি কথা অন্তৰ্ভুক্ত কৰি গৈছে সেইবোৰৰ বিষয়ে বিচাৰি উলিয়াব লাগিব । 

    তেতিয়া আমি সহজেই আমাৰ বংশলতাখন বিশ্বমূখী হোৱাকৈ প্ৰচাৰ কৰিব পাৰিম। তাৰ বাবে আমি বংশলতিকা (Family Tree) প্ৰস্তুত কৰিব লাগিব। পৰিয়ালৰ সদস্যসমূহৰ এক তালিকা আৰু সম্পৰ্ক চিত্ৰৰূপে দেখুৱাতোৱেই আচল পৰিয়াল বৃক্ষ। পৰিয়ালৰ প্ৰবীণ সদস্যৰ পৰা শুনা ঘটনাসমূহ সংৰক্ষণ কৰিব লাগিব । পৰিয়ালৰ ফটো, নথি, আৰু কাহিনী ডিজিটেল প্ৰযুক্তিত সংৰক্ষণ কৰিব লাগিব। স্থানীয় অঞ্চলৰ ইতিহাসৰ সৈতে পৰিয়ালৰ সংযোগ অনুসন্ধান কৰিব লাগিব। মুঠতে যুৱ প্ৰজন্মৰ কৰণীয় অনেক আছে । 


উপসংহাৰঃ

    নিজৰ বংশৰ ইতিহাস অধ্যয়ন কৰিলে মাত্ৰেই নিজৰ পৰিচয় আৰু গৌৰৱৰ বোধ হব নে সেয়া নহয়; ই আপোনাক আপোনাৰ শিকৰ বুজিবলৈ আৰু আত্মবিশ্বাস গঢ়িবলৈ সহায় কৰে। আনহাতে, ভৱিষ্যত প্ৰজন্মৰ বাবে উন্নত জীৱনৰ পথ প্ৰদৰ্শন কৰিবলে অতীতৰ শিক্ষাৰ সৈতে আধুনিক দৃষ্টিভংগী গঢ়া অত্যন্ত প্ৰয়োজন। ইতিহাস আৰু ভৱিষ্যতক সঁচাকৈ সমন্বিত কৰিলে এক সফল আৰু গৌৰৱময় পৰিয়াল আৰু সমাজ গঢ়া সম্ভৱ।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper