লৃগাং
হৰেন কপ্তাক
ধেমাজি
আগচোতালৰ শিমলুজনী গাভৰু হ’ল
ডিঙিত ৰঙা অঙঠাৰ মালা পিন্ধিলে
তাইৰ চুমাৰ পৰশ পাবলৈ
সহস্ৰ শালিকাৰ কাঁজিয়া
ফাগুনৰ ধূলিয়ৰি বাট গচকি
লৃগাঙেও আহি মুৰংঘৰ পালেহি
পঃৰ,নগ্গিন পুৰাং আপিনৰ গোন্ধত মতলীয়া
অইচিৰি, মিকচিৰি দকচিৰি
ৰমৰমীয়া আপঙৰ গুলাপী নিচাত
কেঁচা অই-নিঃতমেও পকিবলৈ ধৰিলে
নিগৰি আহিল
অঞ্জালা অঞ্জালা
আইপৗ মৗঃনাম অঞ্জালা...
সাৰ পাই উঠিল
দুমদুম্, দুম্পাগ, দেন্দুন, দেন্তুগ
-তুঃতগ তাপুং
নিঃতম পাকচং তুঃলিৰে ভৰি পৰিল
শুকানবুলীয়া ফাগুনৰ চোতাল
গুমৰাগৰ সুৰত অংকুৰিত হ’ল
আঃমৰ, আমলি, ঙেলিঃ পাগলিঃ
লঃলে নিঃতমৰ ছন্দ লাগি
নাচি উঠিল
পিঃমুগ্, পিঃৰ, শিমলু মঁদাৰ
ৰিঃবিখন মেঠনি মাৰি
ওলাই আহিল লৃগাং কঃনৗং
মূৰত টঙানি
গাত মিবু গালুগ পিন্ধি
দুম্ব গাঃমে কান্ধত দুমদুম তুলিলে
সিপাৰৰপৰা বাজি আহিল
“গুমৰাগ্ গুমৰাগ্
কেকনলক গুমৰাগ্
গুমৰাগ্ গুমৰাগ্
কেকনচক গুমৰাগ্,
আলি আঃয়ে লৃগাঙৗ
আলিঃক দলৃঙৗ
অৗই অৗই চঃৰা
অৗই চঃৰা
অৗই অৗই চঃৰা
অৗই চঃৰা…
Mising Anu Lutad, February, 2025