লৃগাংময়
সোমেশ্বৰ মেদক
গুমৰাগ গুমৰাগ
কেকনৌলৌ গুমৰাগ
কেকনচৌচিন গুমৰাগ
গুমৰাগ ৰাগ।
মিচিং পাহুৱাল ডেকাৰ
ঢোলৰ ছেওত
চৌদিশে ঢোলৰ
গুম-গুমনি
তাকে শুনি নৈপৰীয়া
পানৈৰ
ৰাতি নাই টোপনি।
আকাশে বতাহে
এতিয়া লৃগাং, লৃগাং
পাহাৰে ভৈয়ামে
কেৱল লৃগাং আৰু লৃগাং।
ৰঙীন মুৰং অকুম লট্টা
ৰঙীন ৰি:বি গাছেং
ৰসাল কৃষিভূমি
খেতিতে ভৰষা মিচিং।
মদাৰ ফুলিছে শিমলু
ফুলিছে
গুমৰাগ আপ্পুন নাচিবলে
ওলাই আহিছে
আই বসুমতীও এতিয়া
যৌৱনৰ প্ৰাপ্ত হৈছে।
শদিয়াৰ পৰা ভৰলীলৈ
এতিয়া মিচিংময়
চূকে-কোণে, গাঁৱে-ভূঞে
সকলোতে লৃগাংময়।
Mising Anu Lutad, February, 2025