Type Here to Get Search Results !

সভাৰ হৃত মৰ্যাদা ঘূৰি আহিবনে

 


সভাৰ হৃত মৰ্যাদা ঘূৰি আহিবনে


দুষ্যন্ত নৰহ 

       

     শতবৰ্ষ গৰকা অসম সাহিত্য সভা অসম তথা অসমীয়া জাতিৰ এক সৰ্ববৃহৎ জাতীয় অনুষ্ঠান যদিও সম্প্ৰতি অসম সাহিত্য সভা বুলি ক’লে সাহিত্য সভাৰ পৰা মানুহে দূৰে দূৰে আঁতৰি থাকিব বিচাৰে। আচলতে মানুহে কিয় এনেকৈ সাহিত্য সভাৰ পৰা আঁতৰি থাকিব বিচাৰে ? সাহিত্য সভা বুলিলে মানুহৰ হৃদয়ত কিয় বাৰে ভচহু প্ৰশ্নৰ উদয় হয় ? ইয়াৰ কাৰণবোৰ পুলি-পোখালিয়ে উঘালি সাহিত্য সভাক ৰোগ মুক্ত কৰিব পাৰিলেহে সভাৰ হৃত মৰ্যাদা পুনৰ ঘূৰি আহিব। পিছে, নেতিবাচক কথাৰে কথাৰ পাতনি মেলাৰ বাবে হয়তো বহুতেই আমাৰ ওপৰত আন এক নেতিবাচক ধাৰণাৰ সৃষ্টি হ’ব। অৱশ্যে এনেবোৰ ধাৰণা ধাৰণ কৰি লোৱাৰ বিপৰীতে আমি প্ৰতিগৰাকী অসমীয়াই সত্যক অনুধাৱন কৰি যদিহে ভৱিষ্যতৰ সোণোৱালী সপোনৰ দিশে আগুৱাই যাব পাৰোঁ তেহে চিৰ চেনেহী ভাষা জননীৰ মুখত হাঁহি বিৰিঙিব। 

      অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনখনি বজালীৰ ভট্ৰদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। এই অধিৱেশনখন সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ ক্ষেত্ৰত বজালীবাসীয়ে মাৰমুখী পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছিল। বিজ্ঞান মেলাৰ সংযোজনে এইবেলি অধিৱেশনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলেও বৰ্ণিল বাকৰিৰে আৱেষ্টিত ভট্ৰদেৱ ক্ষেত্ৰত ৰাজআতিথ্য পাবলৈ সক্ষম হৈছিল। এনে ৰাজ আতিথ্যৰ কথা অতিথিসকলে মুখে মুখে কাহানিবাই নিজৰ জপনা মুখ পোৱাইছিলগৈ। পিচে সাহিত্য সভাৰ অধিৱেশনৰ সফলতা কেৱল সেইবোৰ কথাৰে জানোঁ জোখা হয় ? দলং কেইখন নিৰ্মাণ কৰা হ:ল, কালভাৰ্ট কেইটা দিয়া হ’ল, ৰাস্তা কিমান বনোৱা হ’ল ইত্যাদি কথাবোৰ নিশ্চয় সাহিত্য সভাৰ অধিৱেশনত চৰ্চা নহয়। তাৰ বিপৰীতে অধিৱেশনত কেইখন গ্ৰন্থ প্ৰকাশ কৰা হ’ল, গ্ৰন্থ বিপনী কেইখন দিয়া হ’ল, সাহিত্যৰ বঁটা যোগ্যজনক দিয়া হ’লনে, সাহিত্য আৰু সাহিত্যিকৰ সৃষ্টিৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰা হ’ল ইত্যাদি কথাবোৰে আমাৰ বোধেৰে সাহিত্য সভাৰ অধিৱেশনত চৰ্চা হয়। আৰু সেইবোৰহে সাহিত্য সভাৰ অধিৱেশনৰ সফলতাৰ মাপকাঠি হ’ব লাগে। 

    অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনখন সুকলমে অনুষ্ঠিত হৈ যায় যদিও শেহতীয়াকৈ বঁটা বাছনিক কেন্দ্ৰ কৰি চ’চিয়েল মিডিয়াত যিবোৰ কথা সম্প্ৰচাৰিত হৈ আছে আচলতে সেই‌ কথাবোৰে সাহিত্য সভাৰ আভ্যন্তৰীণ দিশবোৰ যে সুকলমে পৰিচালিত হৈ থকা নাই এনেবোৰ বহু কথাই উন্মোচন কৰিলে।‌ অসম সাহিত্য সভাই বিভিন্ন শিতানত বঁটা দিয়াৰ ব্যৱস্থা কৰিছে। সেয়া সভাৰ ভাল পদক্ষেপ। কিন্তু অসম সাহিত্য সভাৰ দৰে এটা সৰ্বোচ্চ জাতীয় সংগঠনে বঁটা নিৰ্বাচন অনুষ্ঠানটো কোনো বিসংগতি নথকাকৈ শৃংখলাৱন্ধভাৱে সম্পন্ন কৰিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যৰ কথা। নিৰ্বাচিত শিশু উপযোগী শ্ৰেষ্ঠ সাহিত্য পাণ্ডুলিপৰ বাবে ‘নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা’ প্ৰদান কৰা হয়। কিন্তু এইবেলি এই বঁটা ‘পান্থশালা’ গ্ৰন্থৰ বাবে চন্দনা পাঠকক সাহিত্য সভাই নিৰ্বাচন কৰে। অৱশ্যে উৰহী গছৰ ওৰ তাতেই ওলাল। ‘পান্থশালা’ এখন শিশু সাহিত্য গ্ৰন্থও নহয় পাণ্ডুলিপিও নহয়। ভাবি আচৰিত হ’ব লগা কথাটো হ’ল ‘পান্থশালা’ গ্ৰন্থখন এই বঁটাৰ বাবে প্ৰেৰণেই কৰা নাছিল বুলি লেখকে নিজে মত ব্যক্ত কৰিছে। তেতিয়া হ’লে গ্ৰন্থখন এই বঁটাৰ বাছনিত উঠিল কেনেকৈ? অৱশ্যে সভাই উক্ত বঁটাৰ বাবে বাছনি সমিতি নিৰ্বাচন কৰি দিয়া আছিল নে নাই সেই সম্পৰ্কে আমাৰ অৱগত নহয়। যদিহে আছিল তেন্তে খোদ বাছনি সমিতি অথবা সাহিত্য সভাৰ সদস্য হৈও কিতাপ পঢ়ি নোচোৱাকৈ কিতাপ নিৰ্বাচন কৰাটো তাতকৈ বৃথা লগা কথা আৰু কি থাকিব পাৰে ? কিতাপ নপঢ়াকৈয়ে কেৱল কিতাপৰ নাম চাই বাছনি কৰাৰ পৰিপ্ৰেক্ষিতত বঁটাৰ বাবে নিৰ্বাচিত হ’ব লগা একোজনকৈ যোগ্য ব্যক্তিক বঞ্চিত কৰা নহ’লনে ? আৰু ইমানতো যদি তেওঁলোকৰ দুচকু মেল নাখায় তেতিয়া হ’লে কেৱল সভাই-সমিতিয়ে ডিঙিত গামোচা লৈ আসন শুৱনি কৰি ফুৰা মইবৰ বুলি ভবা একাংশ পদবীলোভী নেতৃস্থানীয় ব্যক্তিৰ বাবে এদিন হয়তো সাহিত্য সভাৰ শেষৰ কফিনত গজালৰ শেষৰটো টুকৰ পৰিব। তেতিয়া ইয়াৰ বাবে জগৰীয়া হ’ব কোন ? অসমৰ ৰাইজ নে সেই ব্যক্তিসকল ? ন-লেখকৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বিবেচিত উপন্যাসৰ পাণ্ডুলিপিৰ বাবে সাহিত্য সভাই দিয়া আন এক বঁটা হ’ল গিৰিধৰ শৰ্মা বঁটা। এই বঁটাও পাণ্ডুলিপিৰ পৰিৱৰ্তে এখন গ্ৰন্থকহে দিয়া হ’ল বুলি আন এজন লেখকে চচিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সাহিত্য সভাৰ বঁটা বাহনক লৈ যিবোৰ কথা বৰ্তমান পোহৰলৈ আহিছে সেইবোৰ কথাৰ বাবে সাহিত্য সভাৰ পৰা বঁটা লাভ কৰিছোঁ বুলি বহু লেখকেই হয়তো বুকুত হাত থৈ ক’ব নোৱাৰে। কিয়নো এনেবোৰ বঁটা বিতৰ্কৰ বাবে সন্মান গ্ৰহণৰ পৰিৱৰ্তে সন্মান হানি হোৱাৰ চিন্তাহে লেখকৰ অন্তৰত গা কৰি উঠিব। অৱশ্যে লেখক এজনৰ বাবে সেয়া অস্বাভাৱিক কথা নহয়। এজন লেখকক দুটা কাৰণত বঁটা দিয়া হয় বুলি আমাৰ বিশ্বাস। ইয়াৰে প্ৰথমটো হৈছে লেখকজনৰ সৃষ্টিশীল অৰিহণাক সঠিক মূল্যায়ন কৰা । আনটো কাৰণ হৈছে লেখকজনৰ পৰা আৰু পাবলৈ আশা কৰা। গতিকে বঁটা এটাত মূল্যায়ন, অৰিহণা, আশা-সম্ভাৱনা, কল্পনা-প্ৰেৰণা আদি সকলো দিশ নিহিত হৈ থাকে। সেইবোৰ কাৰণত বঁটা দিয়াৰ ক্ষেত্ৰত খুউব সাৱধানতা অৱলম্বন কৰা দৰকাৰ । লগতে বঁটা দিয়া আৰু লোৱা এই দুয়োটা দিশ নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে এটি সুন্দৰ বাতাবৰণ সৃষ্টি কৰা উচিত যাতে বঁটা দিয়া আৰু লোৱা দুয়োপক্ষই পৰস্পৰৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে। অৱশ্যে শেহতীয়াকৈ সাহিত্য সভাৰ বঁটা বাচনিক লৈ সংবাদ মাধ্যম সমূহত যি ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে ইয়াৰ স্পষ্টীকৰণ অসম সাহিত্য সভাই দিয়া উচিত। 

       অসম সাহিত্য সভাৰ দৰে সৰ্বোচ্চ এটা জাতীয় সংগঠনৰ গোহাৰিত বানান ভূলকৈ ছপা হৈ ওলোৱাটো অত্যন্ত চিন্তনীয় কথা। এইবেলি সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ গোহাৰিত ‘মিচিং আগম কৗবাং নামটো ‘মিছিং আবং কৌবাং’, খিলঞ্জীয়া জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদৰ নামটো গোবিন্দ টাই, মিচিং আগম কৗবাঙৰ সচিব সোমেশ্বৰ কপ্তাকৰ নামটো সোনেশ্বৰ কাপটাগ ইত্যাদি ভুলকৈ প্ৰকাশ পাইছে। অৱশ্যে সাহিত্য সভাৰ আগৰ গোহাৰি অথবা চিঠিসমূহতো মিচিং আগম কৗবাঙৰ নামটো শুদ্ধ ৰূপত প্ৰকাশ পোৱা নাই। এটা জাতীয় সংগঠনৰ নাম ভুলকৈ লিখাটো আজিৰ তাৰিখত অসম সাহিত্য সভাৰ পৰা কোনেও কামনা নকৰে। একো একোটা জাতীয় সংগঠনৰ সৈতে জাতিৰ আৱেগ বিজড়িত হৈ থাকে। এটা জাতীয় সংগঠনৰ নাম ভূলকৈ লিখিলে এই জাতিক উপহাস, অৱহেলা ইত্যাদি কৰা হৈছে বুলি সাধাৰণ মানুহে ভাবি লয়। সেই কথাবোৰ সাধাৰণ যেন লাগিলেও কিন্তু সাধাৰণ হৈ থকা নাই। অসম সাহিত্য সভাৰ সদিচ্ছা থকা হ’লে মিচিংসকলৰ একমাত্ৰ সৰ্বোচ্চ ভাষা-সাহিত্যৰ সংগঠন ‘মিচিং আগম কৗবাং’ ৰ নামটো শুদ্ধ ৰূপত লিখিব নোৱাৰাৰ কোনো কথাই থাকিব নোৱাৰে। এটা চৰকাৰী বিভাগৰ অধীনত থকা বিষয়া-কৰ্মচাৰীসকলৰ নামসহ ফোন নম্বৰ পৰ্যন্ত মুৰব্বী বিষয়াজনে হাতত ৰাখে যাতে তেওঁ কৰ্মচাৰীসকলৰ সৈতে যিকোনো মুহূৰ্ত্তত যোগাযোগ স্থাপন কৰিব পাৰে। এইক্ষেত্ৰত অসম সাহিত্য সভাও বিভিন্ন জাতি-জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ নামৰ লগতে বিষয়ববীয়াসকলৰো একোখনকৈ তালিকা সংগ্ৰহ কৰি ৰাখিব পাৰে। এনে কৰিলে অসম সাহিত্য সভাৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সাহিত্য সভাৰ নাম, বিষয়ববীয়াসকলৰ নাম ইত্যাদি শুদ্ধ ৰূপত লিখিব পৰা যাব। তদুপৰি এই কামৰ জৰিয়তে অসম সাহিত্য সভাই জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ স’তেও এক সমন্বয়ৰ ভাৱ গঢ়ি তুলিব পাৰিব।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper