Type Here to Get Search Results !

ফাগুনত আলি আঃয়ে লৃগাং

 


ফাগুনত আলি আঃয়ে লৃগাং


অৱনী মিলি

গুৱাহাটী-৩৬


   বছৰি ফাগুনৰ ডেউকাত আহে মিচিঙৰ ঘৰলৈ মিচিঙৰ অতিকৈ আপোন আলি- আঃয়ে লৃগাং। ফাগুন আহিলে শিমলু মদাৰ গছত ৰঙা ৰঙা ফুল ফুলে, কাউৰী-শালিকা বোৰে আনন্দত ফুলৰ ৰস পান কৰে। ফাগুনৰ প্ৰথম বুধবাৰে মিচিঙৰ ঘৰে ঘৰে আহে আলি-আঃয়ে লৃগাং। মিচিং মানুহৰ মনত বলে লৃগাং উৎসৱৰ বতাহ। লৃগাং আহি থাকি যায় এমাহ মিচিং মানুহৰ ঘৰত আলহি হৈ। ময়ুৰৰ পাখি যেন নানা ফুলে ভৰা মদাৰ-শিমলু ফুলৰ ৰঙেৰে বচা মিচিং মহিলা সকলৰ ফুলাম মেখেলা, চাদৰ, পুৰুষ সকলৰ গাত পিন্ধা মিবু গালোব, ডিঙিৰ মদাৰ ফুলৰ ৰঙৰ হৗৰকগ্, ৰভাতলি নানা ৰঙেৰে জিলিকি থাকে আলি আঃয়ে লৃগাঙৰ দিনা। সকলো মিচিঙে মিলি ৰাজহুৱাকৈয়ো কৃৰ্ষি উৎসৱৰ নিয়ম পালন কৰে - আলি আঃয়ে লৃগাঙৰ দিনা। লৃগাঙৰ সকলো নিয়ম শেষ কৰাৰ পিছত উপস্থিত থকা সকলোৱে মিলি ছাই মদ, পুৰা গাহৰিৰ মাংস, শুকান মাছ, তৰা পাতত সিজোৱা বৰা চাউলৰ পুৰাং আপিন, (বৰা চাউলৰ টোপোলা ভাত) আৰু অন্যান্য খাদ্যৰ জুতি লয়। ঢোল -পেঁপা-গগনা, তাল আৰু অই নিঃতমেৰে বুঢ়া ডেকা গাভৰু সকলোৱে মিলি লৃগাংতলিত গুমৰাগ্, ল:লে নৃত্য আদি কৰি লৃগাঙত আত্মবিস্মৃতি যায়। লৃগাঙৰ দিনা পুৱাতে সকলোৱে নিজৰ নিজৰ পথাৰত বা বাৰীৰ কোনোবা এচুকত ধান সিঁচা নিয়ম কৰে আৰু ঘৰলৈ আহি গা- ধুই আহি ঘৰৰ জুহালৰ (মৗলুঙৰ) চাৰিওফালে আপং ঢালি খেতি ভাল হ’বলৈ,পুক পৰুৱা বা জীৱ জন্তুৱে অনিষ্ট নকৰাবলৈ মৃতক, উপৰিপুৰুক, ইষ্টদেৱতা সকলক প্ৰৰ্থমে ঘৰৰ সকলোৰে মঙ্গল কামনাৰে প্ৰাৰ্থনা জনায়।

    ৫ দিন গেনা ৰাখে। এই ৫ দিনত মিচিং মানুহে ঘৰত তেলত ভজা খাদ্য, দা-কুৰ, নাঙল আদিৰে কাম নকৰে। ধানৰ কঠিয়া গজাত অপকাৰ হ’ব পাৰে বুলি কিছুমান নিয়ম পালন কৰে। ৫ দিনৰ শেষত গেনা ভঙা নিয়ম কৰে।

    আলি আ:য়ে লৃগাং মানে অকল গাহৰি মাংস আৰু আপং খোৱাৰ উৎসৱ নহয়। ই মিচিং জাতিৰ বুকুৰ আত্মা, সমগ্ৰ মিচিং জাতিৰ জাতীয় প্ৰেমৰ অতিকৈ চেনেহৰ কৃষি উৎসৱ। খেতিৰ ফচল ভাল হ’বলৈ উপৰি পুৰুষ, ইষ্টদেৱতা সকলক, সূৰ্য্য চন্দ্ৰ, পুক পৰুৱা আদিক বহু নিয়ম-নীতিৰে পূজা প্ৰাৰ্থনা জনাই শইচৰ গুটি সিঁচা বা গোঁজি দি খেতি আৰম্ভণি কৰাৰ এই উৎসৱ পালন কৰে। উচ্চ-নীচ নাই মিচিঙৰ মাজত। ধনী-দুখীয়া, সৰু-বৰ ভাৱ নাই মিচিং মানুহৰ মনত। সকলোৱে মিলি থাকে আৰু পাতে আলি আঃয়ে লৃগাং উৎসৱ।‌ এৰি থৈ আহে ঘৰৰ সকলো কাম-বন, ফাগুনত আলি-আঃয়ে লৃগাঙে‌ একতাৰে বান্ধে মিচিং মানুহৰ মন।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper