Type Here to Get Search Results !

কিছু চিন্তা, কিছু অনুভৱ

 


কিছু চিন্তা, কিছু অনুভৱ


নেহেৰু পেগু

টান্টাৰি দঃলুং, ধেমাজি


     মানুহৰ জীৱন সংগ্ৰামৰ সৈতে ওতঃপ্ৰোতঃ ভাৱেই জড়িত এটা অনুষ্ঠান হ’ল উৎসৱ। আদিম মানুহেও দিনটো চিকাৰ কৰাৰ পিছত জুই জ্বলাই শাৰীৰিক অৱসাদ দূৰ কৰিবলৈ খাই বৈ জুইৰ চাৰিওফালে নাচ-গান কৰিছিল। তাৰেই পৰিশোধিত ৰূপ হ’ল আমাৰ উৎসৱ সমূহ। ইংৰাজীত কোৱা হৈছে Festival. মূল শব্দ লেটিনৰ festum > festa > feast > festivus > festivalis > festivals হৈছে বুলি কোৱা হৈছে। ড° হীৰেণ গোঁহাই সম্পাদিত An Anglo-assamese dictionary ত festival ৰ অৰ্থ এনেকৈ দিয়া হৈছে - 1. A joyful or honorific celebration উৎসৱ 2. a season of performances of music, plays, or the like entertainment আমোদ প্ৰমোদ। Cambridge dictionary মতে - a special day or period ,normally in memory of a religion event, with its own social activities, food or memories.


   চিধা চিধি ক’বলৈ হ’লে উৎসৱ সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত অনুষ্ঠিত কৰা ৰাইজৰ আনন্দ অনুষ্ঠান। ইয়াৰ অন্তৰ্নিহিত কিছু উদ্দেশ্য নথকাও নহয়। 


     উৎসৱ বহুধৰণৰ আছে। উৎসৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক এনেকৈ নামাকৰণ কৰা হৈছে- নাট উৎসৱ, খাদ্য উৎসৱ, বোলছবি উৎসৱ, যুৱ উৎসৱ, গ্ৰন্থ উৎসৱ, সংগীত উৎসৱ ইত্যাদি। ঠিক তেনেকৈ ধৰ্মীয় বা লোকসাংস্কৃতিক আধাৰিত উৎসৱ সমূহ যেনে - চলুং(আদি), পঃৰাগ(মিচিং) হৰ্ণবিল মহোৎসৱ(নাগা) কৰম পূজা (চাহ জনগোষ্ঠী), বাইখো (ৰাভা), ৰংকেৰ (কাৰ্বি) ইত্যাদি উৎসৱলৈ আঙুলিয়াব পাৰি। 


      ধৰ্মীয় উৎসৱবোৰৰ জৰিয়তে সেই জনগোষ্ঠী বা জাতিয়ে তেওঁলোকে পৰম্পৰাগত ভাৱে মানি অহা দেৱ-দেৱী, কুল দেৱতা অথবা উপৰি পুৰুষক স্মৃতিচাৰণ কৰে। তেনেকৈ কৃষি উৎসৱ সমূহ খেতিৰ আৰম্ভনি বা খেতি চপোৱাৰ শেষত অনুষ্ঠিত কৰা হয় । মিচিং সকলে পালি অহা ‘আলি -আঃয়ে-লিগাং’ আহু খেতি আৰম্ভ কৰাৰ আগত আৰু ‘পঃৰাগ’ শালি খেতি চপোৱাৰ পিছত অনুষ্ঠিত কৃষি উৎসৱ। আলি -আঃয়ে-লিগাঙত চেদি-মেঃল’, দঃঞি পঃল’, কাৰ্চিং কাৰ্তাং, কজৗ-য়াংগ, গুঃমৃণ-চয়িং আদি দেৱ-দেৱীক উদ্দেশ্যি এই কথা নিবেদন কৰা হয় যে আমি নৰ-মনিচে ধৰিত্ৰীৰ বুকুত শস্য ৰোপন কৰিছোঁহক তোমালোকৰ কৃপাৰে এই শস্য সজাল আৰু উভৈনদী হ’ব দিয়া....।


   এই স্তুতিৰ আঁৰত বহু দেৱদেৱীৰ নাম লোৱা হৈছে। এই দেৱ-দেৱী সকল কোন সেয়া জনা দৰকাৰ।


    প্ৰতিথযশা নিৱন্ধকাৰ শ্ৰী নাহেন্দ্ৰ পাদুন দেৱে তানি সকলে বিশ্বাস কৰি অহা দেৱ-দেৱীসকলক দুটা শ্ৰেণীত ভাগ কৰিছে। মাঙ্গলিক দেৱদেৱী (benovalent gods) - Agam uyu আৰু অমাঙ্গলিক দেৱদেৱী (malevolent gods)- Pomjir uyu। মাঙ্গলিক দেৱদেৱী সকলে মানুহক অপায় অমংগল আদিৰ পৰা ৰক্ষা কৰাৰ বিপৰীতে অমাঙ্গলিক দেৱদেৱী সকলে মানুহৰ অহিত চিন্তা কৰে। 


     মাননীয় বেবিং মেগুৰ প্ৰণিত এখন কিতাপত সৃষ্টিৰ আদি স্তৰৰ দেৱ-দেৱী সকলৰ নাম এনেকৈ উল্লেখ কৰিছে এইদৰে-

     The offspring of Pedong Nane and Yidum bote were born spiritual Gods in many names like Banji-banmang (God of destructive spirit), Misum Miyang (God of all beads), Silli Siding (God of lighting and thundering), Ninur Lomang (God of brass-bowls and sword), Bishi Yada (God of black-smith), Ninur Lomang (God of brass bowl and sword), Miti Mijo (God of wine and fragrance), Kine Nane (Goddess of corps), Dadi Bote (God of all domestic animals), Nomgu Nomnang (God of wild animals), Doying Bote (God of wealth and wisdom), Keyum Biri (God of water), Milli Minam (God of deseases), Ngite Poro(God of evil Spirit ).

                          (The small origin, page 5)


     ওপৰত উল্লেখিত দেৱ-দেৱী সকলক তেওঁলোকৰ কৰ্মানুসৰি বিভাজন কৰিলে তিনিগৰাকী অমাঙ্গলিক দেৱদেৱী (malevolent gods) লক্ষ্য কৰা যায় - Banji-banmang (God of destructive spirit), Milli Minam (God of deseases), Silli Siding (God of lighting and thundering)। এই সকলক বাদ দি বাকী সকলক মাঙ্গলিক দেৱদেৱী (benovalent gods) বুলি ধৰিব পাৰি।


   পঃৰাগত কজে য়াংগকে ধৰি আগাম উই সকলক মিৰি বা মিবুৰ গীতেৰে স্তুতি কৰা হয়। কোৱা হৈছে মিচিং সকলে বিশ্বাস কৰি অহা Agam uyu (মাঙ্গলিক দেৱ-দেৱী) যেনে দঃয়িং বতৗ, য়িঃদুম বতৗ, কংকি বতৗ, বকি মনৗ, বমং মনৗ, কিঃনৗ মনৗ, মিচু বতৗ, দঃদি বতৗ, গুঃমৃন বতৗ, বিচি বতৗ দৗনদৗ চঃব আদি মিবুৰ আঃবাঙ স্তুতিত উল্লেখ কৰা হয়। 

      পঃৰাগ উদযাপনৰ বাবে মুৰং ঘৰ অপৰিহাৰ্য। মুৰং ঘৰ আদি সমাজত ‘মুচুপ’ বা ‘দেৰে’ বুলি জনা যায়। ইয়াৰ জন্ম সম্পৰ্কে এটা মনোৰম কাহিনী বেবিং মেগুৱে উল্লেখ কৰিছে। ‘পৗদং নানৗ’ৰ বিয়া হৈছিল ‘য়িদুম বতৗ’ৰ স’তে যি জনাক প্ৰাণীজগতৰ দেৱতা বুলি কোৱা হৈছে। তেওঁলোকৰ পুত্ৰ হ’ল ‘দনি দনাং’। দনি দনাঙৰ পুত্ৰ হ’ল তানি আৰু তাৰ’। তানিৰ পুত্ৰ হ’ল নি’ব আৰু তাৰ’ৰ পুত্ৰ হ’ল ৰ’ব। নি'ব বুধিয়ক আৰু সকলোৰে প্ৰিয়পাত্ৰ আছিল। পৗদং নানৗৰ, নি’বৰ প্ৰতি মৰম বেছি আছিল। সম্পত্তিৰ সিংভাগো নি’বক দিছিল। সেয়েহে একেলগে বাস কৰাৰ সময়ত নি’ব আৰু ৰ’বৰ মাজত ঈৰ্ষা আৰু শত্ৰুতা গঢ়ি উঠিল। নি’বই অশুভ শক্তিধাৰী বানজি-বানমাং, চিতকিন -কে’দেং আৰু মিলি মিনামত আক্ৰমণ কৰে। ৰ’বই তাৰ লগ দিবৰ বাবে সমস্ত অপশক্তিক আহ্বান জনায়। এই খবৰ পোৱাৰ লগে লগে পৗদং নানৗই দয়িংবতৗক, নি’বক বচাবলৈ খাটনি ধৰে। দয়িংবতৗই চিকিংকিংগোম গুমৃণ চয়িঙক সেই দায়িত্ব দিয়ে। তেওঁ নি’বক ৰক্ষাৰ বাবে এটা ঘৰ নিৰ্মাণ কৰে । তাকে ‘মুচুপ’ বা ‘দেৰে’ বুলি জনা যায়। আদি সকলে বিশ্বাস কৰে যে তানি সকলৰ ত্ৰাণকৰ্তা গুঃমৃণ চয়িং মচুপত বাস কৰে। সেই কাৰণে মুচুপক তাহানিৰ পৰাই গাঁৱৰ মানুহ একগোট হৈ শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰি আহিছে। তাৰোপৰি সংস্কৃতি বিকাশৰ স্থল হিচাপেও মুৰং ঘৰ ব্যৱহাৰ কৰা হয়। মিচিং সকলো তাৰ ব্যতিক্ৰম নহয়। মিচিং সকলে মুচুপক মুৰং বুলি কয়। এনে শত্ৰুতাৰ বাবে নিঃবক পৗদং নানেই অভিসম্পাত কৰে আৰু তেওঁ অৗপম ৰূপ লয়।


     মেগুৰ গ্ৰন্থত “চিতকিং কেদেক” অশুভ শক্তি হিচাপে চিহ্নিত কৰা হৈছে। মাংগলিক অনুষ্ঠানত তানি গোষ্ঠীয়ে Agam uyu সকলকহে অৰ্চণা কৰে; pomjir বা অমাংগলিক দেৱ-দেৱী সকলক নহয়। 


      বহু মিচিং লেখকে ki:né na:né, koje yango আৰু sitking kede ক লক্ষ্মী আই হিচাপে তথা Kojum koje ক সেউজীয়া ধৰিত্ৰী বুলি উল্লেখ কৰিছে। কিন্তু মেগুৰ কিতাপত ki:né na:né কহে শস্যৰ দেৱী (origin of crops) আৰু kojum kojé ক ঋতু পৰিবৰ্তনৰ দেৱতা (origin of seasonal rotation) বুলিহে উল্লেখ কৰিছে। এই বিষয়ত বিস্তৃত অধ্যয়নৰ প্ৰয়োজন নিশ্চয় আছে।


     তেনেক্ষেত্ৰত চিতকিং কেদেক লৃগগদ পেনামত উল্লেখ কৰিব পাৰিনে ? 


       বাঃনৗ কৗবাঙে “গোগামুখ ঘোষণা”ৰ আধাৰত জাতীয় কৰ্মসূচী আৰু নিৰ্দ্দেশনা বুলি প্ৰস্তুত কৰা খচৰা দলিল এখন চোৱাৰ সৌভাগ্য হৈছে। তাত লৃগাং লৃগগদ নিয়মাৱলীকে ধৰি বিভিন্ন বিষয় সামৰা হৈছে। ইয়াত লৃগাঙত “তাকু কুবাদ” নামৰ নতুন নিয়মো পালন কৰাৰ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ গুৰুত্ব আৰু লৃগাঙত প্ৰয়োজন কিয় হয় তাকেহে বুজিব নোৱাৰিলোঁ। ইয়াত প্ৰয়োজনীয় po:nyog, take:, kamro, rokpí ইত্যাদিয়ে ‘ওৰম আগ’ পদ্ধতিলৈহে আঙুলিয়াইচোন! আমি লৃগাং উৎসৱক ধৰ্মীয় কাঠামোৰ মজিয়ালৈ নিক্ষেপ কৰিবলৈ গৈ আছো নেকি সেয়াও ভাবিবৰ হ’ল। এয়া অৱশ্যেই মোৰ ক্ষুদ্ৰ মগজুৱে ঢুকি পোৱা একান্ত ব্যক্তিগত অনুভৱ। 


     সদাশয় ৰাইজে উপৰোক্ত বিষয় সমূহ গভীৰতাৰে গমি- পিতি চাবলৈ অকিঞ্চনে এই বিষয় অৱতাৰণা কৰিলোঁ।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper