Type Here to Get Search Results !

লৃগাং আৰু অকণমান প্ৰাসংগিক চিন্তা

 


লৃগাং আৰু অকণমান প্ৰাসংগিক চিন্তা


বেঞ্জামিন কামান


     মিচিং জাতীয় উৎসৱ লৃগাং পালন কৰা নকৰা, চৰকাৰী বন্ধ দিয়া নিদিয়া ইত্যাদি বিষয় লৈ আলোচনা চলি আছে, আগলৈয়ো চলি থাকিব। এয়া এক অন্তহীন ধাৰাবাহিক প্ৰক্ৰিয়া। 

     ইয়াৰ মাজতে সীমাবদ্ধ নাথাকি এই উদযাপন প্ৰক্ৰিয়া কিদৰে গুণগত উত্তৰণ (qualitative upliftment) ঘটাব পাৰে সেয়া নিশ্চিত ভাৱে ভাৱিব লগীয়া বিষয়। এনেদৰে হব পাৰে যাতে বাজেট নাবাঢ়ে, কলেৱৰ নাবাঢ়ে কিন্তু গাঁও বা সমাজখনত যোগাত্মক প্ৰভাৱ বিস্তাৰ হয়। কিদৰে হ’ব পাৰে? 

    উৎসৱ উদযাপনৰ কার্যসূচী আৰু elements বিলাক এক সুচিন্তিত প্ৰক্ৰিয়াৰ মাজেদি কৰিলে এয়া সম্ভৱ হ’ব পাৰে। দুটামান সম্ভাৱ্য বিষয় চমুকৈ আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ। 

    সাধাৰণতে লৃগাং বুলি কলেই মাংগলিক কামখিনি সম্পন্ন হোৱাৰ পিছত নাচ গানেই সৰ্বস্ব। তাৰে ভিতৰত আধুনিক হিন্দী গীতৰ নাচ, ফেশ্যন শ্ব’ ইত্যাদিও পৰে। অৰ্থাৎ পৰম্পৰাগত নীতি নিয়ম খিনিৰ বাদে বাহ্যিক আনন্দ ফূৰ্তিৰ বাহিৰে আন কোনো বিষয়েই প্ৰতিফলিত নহয়। হ’বলৈ ঠায়েই নাই!! উঠি অহা সৰু সৰু লৰা ছোৱালী বিলাকে এয়াই শিকে জ্যেষ্ঠ সকলৰ পৰা- ষ্টেজত ঠাই পাবলৈ এয়াই উপায় বুলি। আমি বাকী প্ৰতিভা বিলাকক ঠাই দিব পৰা নাই মঞ্চত! কিয়? 


১) আমি বহুত সময়ত দুখ প্ৰকাশ কৰোঁ আমাৰ লৰা ছোৱালীবোৰ খেলা ধুলাত পিছপৰা। আজিলৈকে কোনো মিচিং নানুহৰ প্ৰতিনিধিত্ব হোৱা নাই অলিম্পিক বা এছিয়ান গেমছত। কিয়? কিয়নো খেলৰ প্ৰতিভাক আমি কোনোদিনে আদৰ কৰা নাই, সামাজিক স্বীকৃতি দিয়া নাই। যদিহে লৃগাংৰ এসপ্তাহ আগৰ পৰা কম খৰচী ট্ৰেক এণ্ড ফিল্ডৰ বা কাষৰ নদী খনত সাঁতোৰ প্ৰতিযোগিতা আয়োজন কৰা হয় আৰু শ্ৰেষ্ঠ খেলুৱৈ সকলক গাঁওৰ লৃগাংত ষ্টেজত উঠাই সম্বৰ্ধনা জনোৱা হয় তেতিয়া হলে সৰু সৰু লৰা ছোৱালী বিলাকৰ মাজত এক যোগাত্মক প্ৰতিযোগিতামূলক ভাৱধাৰাৰ (positive vibe) সৃষ্টি হব আৰু তাৰে মাজৰ দুই এজনে ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ আগুৱাই যাব পাৰে। আজি আমি তাঁহাতক দোষ দি আছোঁ যে কেৱল মোবাইল গেম খেলি থাকে বুলি। 


২) একোখন গাওঁত বহুত ধৰণৰ কলা কুশলী থাকে, হাতে কামে পাৰ্গত মানুহ। কিছুমান মানুহে ইমান ধুনীয়া বাঁহ বেতৰ কাম কৰে দেখিলেই ভাল লাগে। ঠিক একেদৰে মহিলা সকল কাপোৰ বোৱাত পাকৈত। আমি তেনে পাকৈত কৰ্মী সকলৰ একোটা প্ৰতিযোগিতা অনুষ্ঠিত কৰি, লগতে সেইবোৰ প্ৰদৰ্শন কৰি শ্ৰেষ্ঠজনক সন্মানিত কৰিব নোৱাৰোঁ নে? তেতিয়া যুৱ প্ৰজন্ম কৰ্মৰ প্ৰতি আকৰ্ষিত হব আৰু জ্যেষ্ঠ সকলেও আৰু ভালকৈ কামবোৰ কৰিবলৈ উৎসাহিত হব। ৰাজহুৱা স্বীকৃতি সকলোৱে বিচাৰে মনে মনে। পুৰস্কাৰ বেছি একো নালাগে- মঞ্চলৈ মাতি এৰকক এখন দিলেও যথেষ্ট। ইয়াৰ লগতে প্ৰদৰ্শিত সামগ্ৰী সমূহৰ বিক্ৰীৰ বজাৰ এখনো সৃষ্টি হব পাৰে- কাপোৰ, বাঁহ বেতৰ সঁজুলি, শাক পাচলি ইত্যাদিৰ। লগতে পুৰাং-গাহৰি ব্যঞ্জনৰ টোপোলাও থলুৱা পৰ্য্যটকৰ আকৰ্ষণ হব পাৰে। 


৩) অপ্ৰিয় হলেও বহু পৰিমাণে সত্য যে অধিকাংশ মিচিং গাওঁত পৰিস্কাৰ পৰিচন্নতাৰ সজাগতা কম। সেয়ে এই বিষয়েও কৰণীয় আছে। গাঁওখনৰ আটাইতকৈ পৰিস্কাৰ ঘৰখন (ঘৰৰ চৌহদ) বিচাৰি উলিয়াই মঞ্চলৈ মাতি এৰকক এখন দিলে লাহে লাহে গাওঁ খন পৰিস্কাৰ হৈ পৰাৰ সম্ভাৱনা আছে। 

     এনে সৰু সৰু, কম বাজেটৰ কিছু পদক্ষেপৰ যোগাত্মক প্ৰভাৱ দীৰ্ঘম্যাদী হব পাৰে। নিৰ্ভৰ কৰিব ৰাইজৰ আগ্ৰহ আৰু সজাগতাৰ ওপৰত। লৃগাং হওঁক একতা, সমন্বয়, উন্নয়নৰ প্ৰতীক।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper