Type Here to Get Search Results !

লৃগাঙৰ চিন্তা

 


লৃগাঙৰ চিন্তা 


                       ড° দেৱাৰ্থ মৰাং

             উজানবজাৰ, গুৱাহাটী


বন-বিৰিখৰ পাতৰ মাজেৰে,

কপাহী কোমল সুগন্ধি লৈ,

দিলাহি মোক ফাগুনী বাহ

উন্মোক্ত মোৰ হিয়া।


ফাগুনী ৰঙৰ বাহ লাগি,

তই যে আহ অ’ লৃগাং,

আকৌ এবাৰ উৰ্বৰ হ’বলৈ।

ৰিক্ত মোৰ হিয়া,

সিক্ত হ’বলৈ।


উৰ্বৰতাৰ এই উৰাল বুকুত,

দঞি-পঃলঃক সাক্ষী কৰি,

আমিও দিলোঁ সিঁচি,

এমুঠিমান শইচৰ বীজ,

জীপাল কৰি তুলিব বুলি,

মানৱ কল্যাণ,

ফলে-ফুলে জাতিষ্কাৰ হৈ।


লৃগাং তই আহ এনেকৈ,

উৰ্বৰ কৰিবলৈ।

জীপাল হ’ব,

ধৰাৰ বুকুত 

বহল পৃথিৱী এখন।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper