কিতাপৰ বৰ্ষ
এক ইতিবাচক বাৰ্তা
দুষ্যন্ত নৰহ
বৰ্তমান পৃথিৱীখন ডিজিটেলাইজেচনৰ মেৰপেঁচত এখন কাগজ মুক্ত অৰ্থাৎ পেপাৰলেচ পৃথিৱীলৈ ক্ৰমশঃ গতি কৰিছে বুলি মানুহৰ মনত এক ভয়-শংকা উপজিছে। পিছে হয়, চচিয়েল মিডিয়াৰ ৰোষত পৰা সমাজখনলৈ দৃষ্টি নিক্ষেপ কৰিলে সেইবোৰ কথাৰ সত্যতাক অস্বীকাৰ কৰিবও নোৱাৰি। সঁচা কথা ক’বলৈ গ’লে সাম্প্ৰতিক প্ৰজন্মই পৃথিৱীখনক হাতৰ মুঠিত লৈ ফুৰাৰ দিনাৰ পৰাই বৰ্তমান প্ৰজন্মৰ কাকতৰ প্ৰতি আদৰ, কিতাপৰ প্ৰতি আদৰ ক্ৰমাৎ নোহোৱা হৈ পৰিছে। অৱশ্যে ইয়াৰ বাবে কেৱল এটা প্ৰজন্মলৈ দোষ ঠেলি আন এটা প্ৰজন্মই নিৰাপদ অৱস্থানত থাকি দায় সাৰিব বিচাৰিলে সমস্যাৰ মূল শিপাডাল উঘাল খাই নপৰিব। বৰঞ্চ ই গভীৰৰ পৰা গভীৰতৰ হৈ মানুহৰ মাজত শিপাই যোৱাৰ আশংকাহে বেছি। চচিয়েল মিডিয়াৰ পৰিসৰ আকাশ চুলেও কাগজৰ আদৰ, কিতাপৰ আদৰ যাতে মানুহৰ নিস্পৃহ হৈ নাযায় তাৰ বাবে চৰকাৰীভাৱেও তৎপৰ হ’ব লাগিব। অৱশ্যে শেহতীয়াকৈ ঠায়ে ঠায়ে অনুষ্ঠিত হোৱা গ্ৰন্থমেলা সমূহত হোৱা মানুহৰ ভিৰে এইটোৱেই প্ৰমাণ কৰিছে যে সাম্প্ৰতিক সময়ত চচিয়েল মিডিয়াৰ যিমান উত্থান হ'লেও মানুহৰ কিতাপৰ প্ৰতি আদৰ কোনো কাৰণতেই ম্লান পৰি নাযায়।মুঠতে এইটো কথা ঠিক আধুনিক তথ্য, প্ৰযুক্তি বিদ্যা যি শিখৰতেই উপনীত নহওঁক লাগে কিতাপৰ স্থান এই পৃথিৱীত কোনেও ল’ব নোৱাৰে।
২০২৪ বৰ্ষৰ শেষৰ ফালে ২৩ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় সচিবালায়ত বহা কেবিনেট বৈঠকত অসম চৰকাৰে চলিত ২০২৫ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লেখক হিচাপেও নিজৰ বৌদ্ধিক আৰু দূৰদৰ্শিতাৰে এক সুদূৰপ্ৰসাৰী ব্যতিক্ৰম স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হৈছে। কিতাপৰ বৰ্ষটোৱে নি:সন্দেহে কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিব। কিতাপ পঢ়া আন্দোলন মানেই বৌদ্ধিক আন্দোলন। বৌদ্ধিক আন্দোলন মানেই জ্ঞানৰ আন্দোলন। এই জ্ঞানৰ আন্দোলনে আমাক এখন সুস্থ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ গঢ় দিয়াত সহায় কৰিব। অৱশ্যে এইবেলি ‘কিতাপৰ বৰ্ষ’টোক নিৰ্ভুল ৰূপত তুলি ধৰিবলৈ হ’লে আমি এনে কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব যি কাৰ্যসূচীৰ যোগেদি অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে শিশুৰ পৰা বৃদ্ধলৈ, বৃদ্ধৰ পৰা বনিতালৈ এক কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিব পাৰে। অসম চৰকাৰে এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিলে নিশ্চিতভাৱে ‘কিতাপৰ বৰ্ষ’টোক সফলভাৱে ৰূপায়ন কৰিব পৰা যাব। পিছে, চৰকাৰে বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দৰ লগতে জনসাধাৰণক সোঁৱে-বাঁৱে লৈ কামত আগবাঢ়িলে ‘কিতাপৰ বৰ্ষ’ উদযাপন কৰাৰ যি মহান উদ্দেশ্য এই উদ্দেশ্য সাৰ্থক হ’ব।
যোৱা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰী সংস্থাৰ যৌথ উদ্যোগত নানা বৰ্ণিল কাৰ্যসূচীৰে ‘অসম গ্ৰন্থ মেলা’ অনুষ্ঠিত হৈ যায়। একপ্ৰকাৰ অসম চৰকাৰে এই গ্ৰন্থ মেলাতেই সুন্দৰ ইনিংছেৰে ‘কিতাপৰ বৰ্ষ’ উদযাপনৰ পাতনি মেলে। লেখক, পাঠক আৰু প্ৰকাশক পৰস্পৰে পৰস্পৰক কাষ চপাই অনাৰ উদ্দেশ্য এই গ্ৰন্থ মেলাত বিভিন্ন বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। সহস্ৰাধিক পাঠকে প্ৰিয় লেখকৰ গ্ৰন্থ বিচাৰি গ্ৰন্থ মেলাৰ বাকৰি ভিৰ কৰা পৰিলক্ষিত হয়। এইবেলি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰি মন্ত্ৰী-বিধায়ক-আমোলা তথা বিভাগীয় কৰ্মচাৰীয়ে অসম গ্ৰন্থমেলাত নিজৰ পছন্দৰ কিতাপ ক্ৰয় কৰি কিতাপৰ প্ৰাসংগিকতাৰ লগতে ইয়াৰ জনপ্ৰিয়তাক পূৰ্বতকৈ আৰু দুগুণ বৃদ্ধি কৰিলে। অসম গ্ৰন্থমেলাত পাঠকৰ ভিৰৰ লগতে কোটিৰো অধিক টকাৰ কিতাপৰ বিক্ৰী-বাৰ্তা হোৱাৰ বতৰাই জীৱনক জীৱন হিচাপে গঢ়িবলৈ কিতাপৰ বাহিৰে অন্য সমল নাই এই কথাকে কিতাপৰ জগতখনৰ পৰা বিচ্ছিন্ন হৈ ফেচবুক, ইনষ্টগ্ৰাম, ৰীলৰ ৰঙীন জগতখনত হেৰাই যাব খোজা সাম্প্ৰতিক যুৱক-যুৱতীসকলক সোঁৱৰাই দিছে।
চৰকাৰী কৰ্মচাৰীক কিতাপ কিনিবলৈ অতিৰিক্ত ধন দিয়াৰ কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তদুপৰি অসমীয়াভাষী চৰকাৰী কৰ্মচাৰীক জনজাতীয় ভাষা শিকাৰ বাবে উৎসাহিত কৰাৰ লগতে বিদ্যালয়ত অসমীয়া কিতাপ পঢ়োৱাৰ বাবেও এটা সুকীয়া দিন থাকিব বুলি ড° শৰ্মাৰ শেহতীয়াকৈ কৰা ঘোষণাত সংযোজন হৈছে। ড° শৰ্মাৰ এই ঘোষণা অত্যন্ত আদৰণীয়। এই ঘোষণাবোৰ সম্পদলৈ ৰূপান্তৰিত হ’লে মানুহৰ হৃদয়ে হৃদয়ে কিতাপৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। তাত কাৰো সন্দেহ নাই।
কিতাপেই মানুহৰ জীৱনৰ পথ প্ৰদৰ্শক । কিতাপ হ’ল জ্ঞানৰ ভঁৰাল। কিতাপৰ আখলতেই মানুহৰ চৰিত্ৰ, মূল্যবোধ আদি গঠন হয়। কিতাপেই নি:সংগতাৰ সংগী। সেয়ে কিতাপক লৈ মিল্টনে কৈছে - এখন কিতাপ নষ্ট কৰা মানেই এজন ভাল বন্ধুক হত্যা কৰা। কিতাপ এনে এগৰাকী বন্ধু যি গৰাকীয়ে আপদ- বিপদৰ সময়তো মানুহৰ সংগ এৰি নিদিয়ে বৰঞ্চ সৎ সঠিক পথৰ সন্ধান দিয়ে। ফৰাচী দাৰ্শনিক ভলতেয়াৰে এইবুলি কৈছে - কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে।যি সমাজত কিতাপৰ স্থান নাই সেই সমাজ নথকা একেই কথা। দাৰ্শনিকসকলৰ এনেবোৰ মন্তব্যৰ পৰাই আজিও কিতাপৰ স্থান ক’ত সেই কথা আমি অতি সহজে উপলব্ধি কৰিব পাৰোঁ। এগৰাকী ভাল শাসক-প্ৰশাসক, সৎ জ্ঞানী-যুক্তিবদী, বিশ্লেষণাত্মক, সমালোচনাত্মক, সততা-ভদ্ৰতা আদি নানান গুণৰ প্ৰতিষ্ঠাৰ আধাৰেই হ’ল কিতাপ। গতিকে কিতাপ অবিহনে আমি জীৱন গঢ়াৰ কথাই ভাৱিব নোৱাৰোঁ। কিতাপৰ পৰাই আমি বুকু জুৰোৱা জীৱনৰ বহু কথা শিকোঁ। সেয়ে কিতাপ কেৱল এগৰাকী ভাল বন্ধুৱেই নহয় এগৰাকী শ্ৰেষ্ঠ শিক্ষক আৰু সৎ পৰামৰ্শদাতাও হয়। এনেস্হলত জ্ঞানৰ মণি মুকুতাৰে সমৃদ্ধ কিতাপক যদি নানান অজুহাত দেখুৱাই নপঢ়াকৈয়ে কেৱল কোঠালীৰ সৌন্দৰ্য বঢ়াবলৈ আলমাৰিত সজাই থওঁ তেন্তে আমি এনেবোৰ জ্ঞানৰ পৰা বঞ্চিত নহ’মনে ? এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে জ্ঞানেৰে পৰিপুষ্ট হ’ব পৰাকৈ পাঠ্যপুথিসমূহ যুগুত কৰা হয়। এতিয়া কথাটো হ’ল পাঠ্যপুথি অধ্যয়ন নকৰাকৈ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আন কিবা উপায় অৱলম্বন কৰি যদিহে পৰীক্ষাত উত্তীৰ্ণ হয় তেন্তে এনে এচাম ছাত্ৰ-ছাত্ৰীয়ে কিতাপৰ সেই জ্ঞানৰ পৰা বঞ্চিত নহ’বনে ?
এটা কথা অনিস্বীকাৰ্য যে আজিৰ দৰে তাহানিত ম’বাইল, ইন্টাৰনেট, ইনষ্টগ্ৰাম আদি নথকা সময়ত মানুহৰ কিতাপ অথবা কাকতৰ প্ৰতি বেছিকৈ আদৰ আছিল। কিতাপৰ প্ৰতি আদৰ থকা সেই সময়ত আজিৰ দৰে কলিজা কঁপোৱা বাতৰিবোৰ বাতৰি কাকতত সঘনাই সম্প্ৰচাৰিত হোৱা নাছিল। চচিয়েল মিডিয়া বিহীন সেই সময়ৰ পৃথিৱীত মানুহবোৰৰ মাজত সৎভাৱ, দয়া-মমতা, পৰস্পৰে পৰস্পৰৰ প্ৰতি সহানুভূতি, শান্তি-সম্প্ৰীতি আদি মহান গুণবোৰ বৰ্তমানতকৈ তেতিয়াৰ সময়ত মানুহৰ মাজত বেছিকৈ বিচাৰি পোৱা গৈছিল। কিন্তু বৰ্তমান সময়ত সেই মহান গুণবোৰ মানুহৰ মাজত দুৰ্লভ হৈ পৰিছে। ইয়াৰ মূলতে হ’ল মানুহবোৰ কিতাপৰ পৰা বিচ্ছিন্ন হৈ অহা। গতিকে এই হেঁপাহৰ পৃথিৱীত বাচি থাকিবলৈ হ’লে, মানুহ মানুহ হিচাপে জীয়াই থাকিবলৈ হ’লে মানুহ কিতাপৰ মাজলৈ পুনৰ ঘূৰি যাবই লাগিব। এনেবোৰ কাৰণত অসম চৰকাৰে চলিত ২০২৫ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰি কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিবলৈ যি প্ৰয়াস কৰিছে ইয়াক সময়ে সময়ে আমাক নিশ্চয় সোঁৱৰাই থাকিব।
‘কিতাপৰ বৰ্ষ’ সফল ৰূপায়নৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়ালোঁ –
১) এই বৰ্ষটোত বিশেষকৈ সাহিত্য সভা, শাখা সাহিত্য সভা আৰু স্কুল-কলেজসমূহে নানান কাৰ্যসূচীৰে বিভিন্ন স্তৰৰ পাঠকক যাতে কিতাপৰ ৰঙীন পৃষ্ঠাৰে সংযোগ ঘটাই ‘কিতাপৰ বৰ্ষ’ টোক উদযাপন কৰিব পাৰে তাৰবাবে চৰকাৰে নিয়মাৱলীসমূহ প্ৰস্তুত কৰিব লাগে।
২) বিদ্যালয়সমূহত প্ৰাথমিক পৰ্যায়ৰ পৰাই উন্নত মানৰ পুথিভঁৰাল নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে। পুথিভঁৰালত ছাত্ৰ-ছাত্ৰীসকলক দৈনিক এঘন্টা কিতাপ পঢ়াৰ অভ্যাস কৰাব লাগে। ইয়াৰ বাবে মূল্যায়নৰো ব্যৱস্থা থাকিব লাগে। এনে কৰিলে প্ৰাথমিক পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ এক অধ্যয়নৰ মানসিকতা গঢ় লৈ উঠিব।
৩) লেখক-প্ৰকাশক সকলৰ বাবে যেনেকৈ পুৰস্কাৰ থাকে তেনেকৈ পাঠকসকলৰ বাবেও পুৰস্কাৰ থাকিব লাগে। এই বৰ্ষটোত অতি কমেও ১০ খনকৈ কিতাপ পঢ়া শ্ৰেষ্ঠ পাঠকক এই পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰিব লাগে। ইয়াৰ বাবে এই ১০ খন কিতাপৰ বিষয়ে পাঠকৰ লিখিত অথবা কথিত যি অনুভৱ এই অনুভৱৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠজনক অহা বৰ্ষৰ অসম গ্ৰন্থমেলাৰ বাকৰিত পুৰস্কৃত কৰিব লাগে। সেই একেই কাৰ্যসূচী স্কুল-কলেজৰ উপৰিও বিভিন্ন অঞ্চলসমূহতো ৰূপায়ন কৰিব লাগে। এনে কৰিলে পাঠকৰ সংখ্যা বৃদ্ধি পাব।
৪) শাখা সাহিত্য সভাৰ লগতে জনজাতীয় শাখা সাহিত্য সভা সমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি কিতাপৰ বৰ্ষটোক যাতে ঠায়ে ঠায়ে অনুষ্ঠিত কৰিব পাৰে তাৰবাবে শাখা সাহিত্য সভাৰ সহিতে জনজাতীয় শাখা সাহিত্য সভা সমূহলৈ অতিকমেও চৰকাৰে ১০ হাজাৰকৈ টকাৰ সাহাৰ্য প্ৰদান কৰিব লাগে।
৫) মেট্ৰিক, হায়াৰ চেকেণ্ডেৰী ইত্যাদিত সু-খ্যাতিৰে
উত্তীৰ্ণ হোৱা অথবা আন আন দিশত ব্যুৎপত্তি থকা ছাত্ৰ-ছাত্ৰীসকলক কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰিব লাগে।
৬) জিলা পুথিভঁৰালসমূহ সক্ৰিয় কৰি তোলাৰ লগতে গাঁও অথবা আঞ্চলিক পৰ্যায়তো পুথিভঁৰাল নিৰ্মাণৰ দিহা কৰি গাঁৱে-ভূঞে এক কিতাপ পঢ়াৰ পৰিৱেশ গঢ়ি তুলিব লাগে।
৭) কিতাপৰ বৰ্ষটোত কিতাপৰ উপহাৰেই হওক কাৰোবাৰ ওপজা দিনৰ উপহাৰ অথবা কাৰোবাৰ বিয়াৰ উপহাৰ।
৮) যাক সমাজৰ মূধাফুটা নেতৃস্থানীয় ব্যক্তি বুলি ভৱা হয় তেনে এগৰাকী ব্যক্তিৰ হাতত এজন লেখকে নিজা লেখা এখন কিতাপ হেঁপাহেৰে তুলি দিয়াৰ পাছত লেখকজনে ব্যক্তিজনৰ পৰা কিবা এটা প্ৰতিক্ৰিয়া আশা কৰাটো কোনো অস্বাভাৱিক কথা নহয়। অৱশ্যে বহুতেই এই প্ৰতিক্ৰিযাকণো প্ৰকাশ নকৰে। কিতাপখনৰো যে কিবা আৱেগ আছে, কিতাপ খনৰো যে কিবা মূল্য আছে সেই কথা হাতত তুলি দিয়াৰ পাছতো বহুলোকে পৰোৱাই নকৰে। কিতাপ হাতত পৰাৰ পাছত কিতাপৰ মূল্য যাতে কিতাপে পায় সেই কথাও কিতাপৰ বৰ্ষটোতেই চৰ্চা হওঁক।
শেষত কিতাপৰ বৰ্ষ কেৱল এটা বৰ্ষতেই উদযাপন কৰাৰ পৰিৱৰ্তে ই জীৱনজুৰি মানুহৰ হৃদয়ে হৃদয়ে উদযাপন হওঁক…
Mising Anu Lutad, February, 2025