আপুনি আনৰ লেখা পঢ়ে নে
অনুজ য়েইন
সাম্প্ৰতিক কালৰ সময়ত যিকোনো মাহেকীয়া ই আলোচনী তথা কিতাপ আকাৰত প্ৰকাশৰ দিহা কৰা বহু আলোচনী সকলোৰে দৃষ্টিগোচৰ হৈছে। ইয়াৰ আঁৰত বিভিন্ন ধৰণৰ কাণ্ডাৰী স্বণামধন্য তথা বিশিষ্ট শিক্ষাবিদ সকলে বৃত্তি নতুবা পেছাদাৰী হিচাপে লেখা মেলা অব্যাহত ৰাখিছে। তেখেত সকলে সাম্প্ৰতিক কালৰ লেখা-খিনি বিশ্লেষণ আৰু সমালোচক লেখকৰ লেখাৰে সন্নিৱিষ্ট কৰি গ্ৰন্থ সমুহৰ সমৃদ্ধ কৰা হয়। উক্ত লেখা সমুহ প্ৰায় সাহিত্য উত্তৰণৰ গতি ধাৰাৰ খিনি অবিৰতভাৱে অটুট ৰখাৰ প্ৰচেষ্টাত ব্ৰতী হৈ প্ৰতিগৰাকী লেখকে একো একোজন লেখক সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ অহৰহ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। এয়াই হৈছে লেখকৰ শুভ লক্ষণ। হয়টো নিজাববীয়াকৈ ৰুচি অভিৰুচি অভিজ্ঞতাৰ অনুপাতে বিভিন্ন ধৰণৰ পৰিবেশ পৰিস্থিতি সাপেক্ষে এক পটভূমিৰ আধাৰত লেখাসমূহ অনুলিখন শিৰোনামেৰে আনকি মূলতঃ কাহিনী ভাগ একে ধৰণৰ বহু গৰাকীয়ে সৃষ্টিশীলতাৰ আধাৰত ৰচিত লেখাখিনি আমাৰ সমাজৰ পৰম্পৰাগত ৰীতি-নীতিৰ দায়বদ্ধ গ্ৰন্থ পৰিচয়ৰ সহস্ৰাধিক। এনেধৰণৰ গ্ৰন্থ সমুহ পুথিভঁৰাল তথা নিজাকৈ ব্যক্তিগত ঘৰুৱাভাৱে পুথিভঁৰালত বহু গ্ৰন্থ জমা কৰি ৰখা হৈছে। কোনোৱেই পঢ়িবলৈ সময়খন উলিয়াব নোৱাৰি। আজিৰ তাৰিখত, বৰ্তমান বোধকৰোঁ সকলোৱে জ্ঞাত যে, প্ৰতিগৰাকী লেখকৰ কবিতা, গল্প, প্ৰৱন্ধ সংকলন আৰু নাটক উপন্যাস আদি শিৰোনাম প্ৰায়েই একে। হয়তো দুই এজনৰ ব্যক্তিক্ৰম নথকা নহয়। বিশেষকৈ লেখা সমুহ এটা পৰিবেশ পৰিস্থিতি আধাৰত ৰচিত পটভূমিৰ ভুমিকাৰ তাৎপৰ্যপূৰ্ণ ধনাত্মক আৰু ঋণাত্মক চৰিত্ৰত লেখা মূলতঃ কাহিনীভাগ ইংগিত বহন কৰা দৃষ্টি গোচৰ হয়। ইয়াৰ আঁৰত মাথোঁ লেখকৰ শব্দ শৈলী, বাক্যৰ গঠন প্ৰণালী ব্যঞ্জনাত্মক প্ৰয়োগৰ পদ্ধতিৰ প্ৰয়োগ খিনি পৃথকে পৃথকে উপস্থাপন আৰু অনুভৱ খিনি প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে দাঙি ধৰা হয়। ইয়াৰ জৰিয়তে পাঠকৰ হৃদয়ত স্পৰ্শকাতৰ তথা আকৰ্ষিত কৰিব পাৰি। এনেধৰণৰ লেখাৰ পৰাই পঢ়ূৱৈ সকলে জীৱনৰ বাটত বিশেষকৈ সংস্কাৰ, সংশোধন, অনুশোচনাৰে সংশোধন ইত্যাদি বিষয়ে বিশ্লেষণ ও মতামত ব্যক্ত কৰি জীৱনৰ তিক্ততাৰ অভিজ্ঞতা খিনি আলোকপাত কৰা হয়। কিন্তু আজিৰ তাৰিখত আলোচনীবোৰত লেখা সমুহ প্ৰকাশ পোৱাৰ পিছত নিজৰ লেখাৰ উপৰিও আনৰ লেখা সমূহ কিমান জনে পঢ়ে। আশা কৰিলোঁ, মই, আপুনি আনৰ লেখা সমূহ পঢ়ি আলোচনা সমালোচনা মন্তব্য আগবঢ়ালেহে সাৰ্থক হ'ব। আমি সঁচাকৈয়ে গঠন মুলক লেখা সমুহ পঢ়ি অনুপ্ৰাণিত হৈ লেখা মেলাৰ ক্ষেত্ৰত হাত উজান দিবলৈ সক্ষম হ'ব পাৰি। যদি নপঢ়াকৈ কিতাপ পুথি বা আলোচনীৰ আৰঁত আৱদ্ধ হৈ থাকিলে নতুন সাহিত্য সৃষ্টিৰ আয়তকাৰৰ মাত্ৰা হ্ৰাসহে পাব। এগৰাকী লেখকে কেনে প্ৰতিক্ৰিয়া আধাৰত ৰচিত লেখাখিনি কি তাৎপৰ্য বহন কৰিব পাৰি। বৰ্তমান, অতীত আৰু ভৱিষ্যতে সাহিত্যৰ গতি ধাৰা কেনে পৰ্যায়ত গতি কৰিছে। নৱ প্ৰজন্মৰ বাবে ৰজিতা খোৱা লেখা সমূহ কেনেদৰে আগবঢ়ায় তেওঁলোকৰ মনৰ মাজলৈ সাহিত্যৰ ৰসস্বাদন প্ৰদান কৰিব পাৰিবনে। পৰৱৰ্তীকালত উৎকৃষ্ট মানদণ্ডৰ লেখা সমুহ উদীয়মান লেখক লেখিকাই উক্ত আদৰ্শ খিনি আকোঁৱালি লৈ লেখা মেলাৰ দিশত আগৰণুৱা হলেহে লেখাসমূহ বোৱঁতী সুঁতিৰ দৰে বৈ গৈ থাকিব।
Mising Anu Lutad, February, 2025