খুচুৰা চিন্তা
জাতিৰাম কামান
(এক)
আপোন-পৰ
অবিশ্বাসী মিত্ৰতকৈ বিশ্বাসী শত্ৰু অনেক গুণে শ্ৰেয়। শত্ৰুৱে কৰিব পৰা অনিষ্ট গম পোৱা যায় কাৰণ, শত্ৰুৱে সন্মুখৰ পৰা আঘাত কৰে।কিন্তু আপোন বুলি ভৱা নিজৰ মানুহখিনি গম নোপোৱাকৈ ভিতৰি ভিতৰি অনিষ্ট কৰি থাকে যিটো আঘাত অসহনীয়। কাজেই তেনে ছদ্মবেশী আপোন মানুহবোৰৰ পৰা সাৱধানে থকা ভাল। নিজকে আপোন সজাই তেনে শ্ৰেনীৰ মানুহে পিঠিত ছুৰিকাঘাত কৰি আপোনাৰ অজানিতে আপোনাক ধৰাশায়ী কৰিব আপুনি তৎ ধৰিব নোৱাৰিব!
আপোনাৰ আপোনজনক আপোনাৰ পৰা আতঁৰাই,পৰ কৰি আপোনাক অকলশৰীয়া কৰিব। এয়া এক ৰাজনৈতিক কূট কৌশল।সাম্প্ৰতিক ৰাজনীতিত তেনে কূট কৌশলেই চলি আছে আৰু তেনে কূটিল নীতিৰেই ৰাজনৈতিক অভীষ্ট সাধন কৰি ৰাজনীতিৰ দধি-মধু খাই আছে এচামে।
শত্ৰুৱে আঘাত কৰিলে যিমান দুখ পোৱা যায় এই দুখ বৰকৈ অনুভৱ কৰা নাযায় কাৰণ শত্ৰুৱে আক্ৰমণ কৰাতো অত্যন্ত স্বাভাৱিক কথা; ইয়াৰ বাবে পূৰ্বেই প্ৰস্তুত থকা হয়। কিন্তু আপোনজনে কৰা অপ্ৰত্যাশিত আক্ৰমণৰ আঘাত অসহনীয়! তেনে আঘাতৰ বাবে আগেয়ে প্ৰস্তুত নাথাকে।প্ৰতিৰোধ কৰাতো বাদেই প্ৰত্যাক্ৰমণ কৰাৰো স্পৃহা হেৰাই যায়।
তেনে আঘাতত আপুনি বৰ শোচনীয় ভাৱে পৰাজিত হব জীৱন যুদ্ধত। তেনে বিধৰ আপোন মানুহবোৰ পানীৰ তলৰ কাঁইটৰ দৰে, কেতিয়া বিন্ধিব আপুনি গমেই নাপাব! তাৰোপৰি, গা গছৰ ভিতৰত থকা কাঠ পোকৰ দৰে কুৰুকি কুৰুকি আপোনাৰ ভিতৰখন খাই খোকোলা কৰি পেলাব তথাকথিত সেই আপোন মানুহবোৰে!
আপোন বুলি ভৱা প্ৰতিৱেশীৰ আচম্বিত আঘাত অতিশয় মৰ্মন্তুদ, দূৰ শতৰুৱে কৰা আঘাতৰ তুলনাত। নিজৰ কুটুমেই হওক অথবা ছদ্মবেশত থকা আপোনজনেই বোলক, তেনে জাতীয় মানুহতকৈ অপৰিচিত তস্কৰ কম বিপদজনক!
নিজৰ অভীষ্ট সিদ্ধিৰ বাবে কুটুমৰ বুকুত মৰ কামোৰ দি শতৰুক প্ৰশয় দিয়া প্ৰবৃত্তিৰ কুটুম্বক সমাজে ভাল চকুৰে নাচায়। তেনে জাতৰ মানুহ ঘৰ বিভীষণ/ঘৰ বদন। কাজেই, এতিয়াও বিভীষণ কিম্বা বদন সমাজত বন্দিত চৰিত্ৰ নহয়।সমাজে সেই চৰিত্ৰবোৰ ঘৃণাৰ দৃষ্টিৰেহে চায়।
(দুই)
দিন-কালঃ
আজি কালি মানুহবোৰ আক’ নিজা নিজা ভাগে মছগুল হৈ আছে। খেনোৱে গাত গোবৰ লেপি লৈছে,এচামে অমৃতৰ দৰে গো গ্ৰাসে গিলিছে গোবৰ, আন এচামে ওহাৰৰ দুগ্ধপান এৰি গাইৰ যোনিয়েদি নিগৰি অহা গো-মুত্ৰ ডাইৰেক্ট সেৱন কৰি পৰিতৃপ্ত হৈছে।
ধাৰ ঋণ কৰি ঘৃত-দধি-মধু খাই ৰজা ঘৰীয়া থূলন্তৰ হৈছে। তাৰে কিছু প্ৰজাই তেওঁবিলাকৰ চুৱা চেলেকি নিজকে ধন্য মানিছে।কিছু প্ৰজাই আক’ ৰজাৰ গুণানুকীৰ্তন কৰি বঁটা বাহন লৈ আত্মবিভোৰ হৈ আছে, কিছুমানে নোপোৱাত পোৱাদি অকন মান জেগা উলিয়াই তিকাটো পেলাই একাষৰীয়াকৈ বহি নিজকে বৰঘৰত পীৰা পাৰি বহা মানুহ বুলি নিজকে ভাৱি গপত গঙ্গাটোপটো হৈ গা ঘেলাই ফুৰিছে। তেনেদৰেই আজিৰ দেশ কাল চলি আছে।
দেশত চলা সেই নউতংগীবাজীবোৰ চাই অতীষ্ঠ হৈ এচামে কুকুৰে নোখোৱাকৈ ক্ৰীম খোৱা ৰজা আৰু গোবৰ খোৱা প্ৰজাক গালি বৰষিছে। তেনেদৰে পৰা গালিক চকু চহৰাবোৰে আক’ কয় কুকুৰৰ ভুক ভুকনি! চাব আক’ শিকলি ছিঙি কুকুৰে তপিনাত এনে মৰ কামোৰ দিব, জীৱনত আৰু কোনোখন চকীতে বহাৰ লায়ক কৰি নথ’ব।
এতিয়া গনতন্ত্ৰৰ পহৰাদাৰী কুকুৰবোৰ শাসনৰ শিকলিৰে বন্ধা। অতন্দ্ৰ প্ৰহৰী সেই প্ৰভুভক্ত কুকুৰবোৰক পগলা হোৱাৰ আগতে বন্ধনমুক্ত নকৰিলে বিপদ জানিব।
গনতন্ত্ৰত পগলা হোৱা কুকুৰ দেখিছেনে? বাংলাদেশত দেখা নাই? বাংলাবন্ধু শেইখ মুজিবুৰ ৰহমানৰ আৱক্ষ মূৰ্তিত প্ৰসাৱ কৰা দৃশ্য?
গনতন্ত্ৰক বাৰম্বাৰ আঘাত কৰি থাকিলে গনতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ প্ৰভুভক্ত কুকুৰবোৰ এদিন শিকলি ছিঙি বাহিৰ হব যেতিয়া স্বৈৰতন্ত্ৰ সীমা চেৰাই যাব। তেনে দিন দেশলৈ নাহক। তাকেই কামনা কৰোঁ।
টেইলপিচঃ
মতামততহে গম পাম কোনে গোবৰ সানি আছে,কোনে গো-মূত্ৰ অমৃতৰ দৰে পান কৰিছে অথবা কোনে ভূকি আছে?
অৱশ্য আমাৰ মুখবোৰ এতিয়া তলাবন্ধ মুখ।চকুবোৰ ডাঠ কলা পৰ্দাৰে ঢকা। কাণবোৰ কাঠৰ ঠিলাৰে ঠুকা।
গতিকে জানিছেই নহয়। সেই গান্ধীজীৰ তিনি বান্দৰৰ দৰে। বেয়া নাচাবা, বেয়া নকবা, বেয়া নুশুনিবা।
আজিৰ তাৰিখত ইয়াৰ অৰ্থ হ’লঃ
একো দেখা নাই
একো শুনা নাই
একো কোৱা নাই।
Mising Anu Lutad, February, 2025