হোমিওপেথিক চিকিৎসাৰ বিষয়ে কিছু কথা
ডাঃ কনক চন্দ্ৰ দলে
হোমিওপেথিক মানে হ’ল সাদৃশ্য চিকিৎসা বিজ্ঞান যাক Symtomatological treatment) বুলি কোৱা হয়। ই ৰোগৰ বিভিন্ন লক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰায় ২০০ বছৰৰ পূৰ্বে জাৰ্মান দেশৰ প্ৰসিদ্ধ এলপ্যেথিক ডাক্তৰ মহাত্মা স্যামুৱেল হ্যানিমেনে হোমিওপেথিক আবিষ্কাৰ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰাহে বিশ্বত হোমিওপেথিক প্ৰচাৰ হ’ল।
ৰোগৰ লক্ষণঃ
এটা বা সকলো ৰোগৰ উপসৰ্গ হিচাপে যিবিলাক লক্ষণ ৰোগীৰ শৰীৰত প্ৰকাশ পায়, তাকে ৰোগীৰ লক্ষণ বোলে।
সকলো মানুহৰে কম বেছি পৰিমাণে পেটৰ অসুখত থাকে যাক গেষ্ট্ৰিক ৰোগ বুলি সাধাৰণভাৱে সকলোৱে জানে।
যেনে – গেষ্ট্ৰিক (Gastric) হ’লে ইয়াৰ উপসৰ্গ হিচাপে বাওঁফালৰ কামিহাড়ৰ তলত বিষ হয়, জ্বলা-পোৰা কৰে, কিছুমানৰ বমি হয়, ভোক নেলাগে ইত্যাদি। এইদৰে গেষ্ট্ৰিকৰ উপসৰ্গ হিচাপে যিবিলাক লক্ষণ সৃষ্টি হয়, তাকে ৰোগৰ লক্ষণ বোলে। সঠিক ভাবে ৰোগ নিৰ্ধাৰণ কৰি ৰোগৰ নাম জানিলেও এলপ্যেথিকৰ দৰে এটা ৰোগত এটাই হোমিওপেথিক ঔষধ ব্যৱহাৰ নহয়। এজন ৰোগীক পৰীক্ষা কৰি তেখেতৰ গেষ্ট্ৰিক হৈছে বুলি জানিলেও আকৌ গষ্ট্ৰিকৰ এটা ৰোগে বিভিন্ন লক্ষণ প্ৰকাশ পায়। যেনে - কিছুমানৰ খোৱাৰ পিছত পেট বিষ হয়, কিছুমানৰ পেট খালি হ’লে বিষ হয়, আকৌ কিছুমানৰ খোৱাৰ ২/৩ ঘণ্টাৰ পিছত বিষ হয়, কিছুমানৰ শৌচ নৰম হয়, কিছুমানৰ শৌচ কঠিন হয়, ইত্যাদি একেটা গেষ্ট্ৰিক ৰোগতে পৃথক পৃথক ৰোগীৰ পৃথক পৃথক লক্ষণ দৃষ্টিগোচৰ হয়।
গতিকে এটা ৰোগ সঠিককৈ ৰোগ নিৰ্ণয় কৰি জানিলেও এটা ৰোগতে ওপৰত কৈ অহাৰ দৰে গেষ্ট্ৰিক ৰোগৰ উপসৰ্গ হিচাপে অনেক লক্ষণ সৃষ্টি হোৱাত গেষ্ট্ৰিকৰ বাবে নিৰ্দিষ্ট হোৱা ভিন ভিন ঔষধ বোৰৰ লক্ষণ আৰু গেষ্ট্ৰিকত প্ৰকাশ পোৱা ভিন্ন ভিন্ন লক্ষণ সাদৃশ্য কৰি বা মিলাই হোমিওপেথিক ঔষধ ব্যৱহাৰ কৰিব লাগে। যেনে – এজন গেষ্ট্ৰিক ৰোগীৰ পেট খালী হ’লে যন্ত্ৰণা বাঢ়ে, আহাৰ খালে আৰাম পায়। ৰোগীৰ এই লক্ষণত Petroleum নামৰ ঔষধ ব্যৱহাৰ কৰিলে ৰোগ উপশম হয়।
আন এজন গেষ্ট্ৰিক ৰোগীৰ খোৱাৰ ২/৩ ঘণ্টাৰ পাছত বিষ আৰম্ভ হয়। এই লক্ষণৰ বাবে Nux vomica নামৰ ঔষধ আছে। গতিকে এইজন ৰোগীক Nux vomica ঔষধ ব্যৱহাৰ কৰিবলৈ দিয়া হয়।
এটা হোমিওপেথিক ঔষধৰ লক্ষণ যেই কোনো ৰোগীয়ে উৎপত্তি হোৱা ৰোগীৰ লক্ষণৰ লগত সাদৃশ্য হ’লে বা খাপ খালে ৰোগ যি নহওঁক একেটা ঔষধেই ভিন ভিন ৰোগত ব্যৱহাৰ হয়। যেনে – NUX VOMICA নামৰ ঔষধটোৰ বিশেষ লক্ষণ হ’ল - সঘটনাই শৌচ লগা, সামান্য পৰিমানে শৌচ হোৱা, অনবৰত শৌচ কৰিম কৰিম বুলি ভাব হোৱা, শৌচত জোৰ দিবলগীয়া হোৱা ইত্যাদি। ওপৰত ব্যাখা কৰা Nux - vomica ডিচেণ্ট্ৰি ৰোগতো ব্যৱহাৰ হয়।
এইদৰে কাঁহত বুকুৰ বিষ অধিক হ’লে, ল’ৰা-ফুৰা কৰি মূৰৰ বিষ অধিক হ’লে, বাতৰোগত আৰু ককালৰ বিষ ল’ৰা-ফুৰা কৰি যণ্ট্ৰণা বৃদ্ধি পালে সেইবোৰ উপশমৰ বাবে Bronia ব্যৱহাৰ কৰা হয়।
তেনেকৈ
১) হৃদপিণ্ডৰ ৰোগত শুলে উশাহ বন্ধ হৈ যাবলৈ উপক্ৰম হ’লে,
২) ঋতু বন্ধ হৈ ঋতুৰ পৰিমাণ কম হৈ পৰিলে,
৩) টনছিল বা ডিঙিৰ ৰোগত বাওঁফালে ৰোগৰ উৎপত্তি হৈ সোঁফালে প্ৰসাৰিত হ’লে আন ঔষধৰ লগত তুলনা কৰি প্ৰয়োজন হ’লে Lachesis ব্যৱহাৰ কৰে।
হোমিওপেথিক ঔষধৰ বিশেষত্ব এই যে এই ঔষধবোৰৰ এলপ্যেথিক ঔষধৰ দৰে পাৰ্শ ক্ৰিয়া (Side affect) নেথাকে। এইবোৰ ঔষধৰ পৰা কিছুমান বেমাৰৰ পৰা আৰোগ্য লাভ নকৰিলেও ৰোগী জনক কোনো ধৰণৰ শাৰিৰীক ক্ষতি নকৰে। গতিকে সকলো ৰোগীয়ে পৰাপক্ষত হোমিওপেথিক ঔষধহে ব্যৱহাৰ কৰা উচিত।
Mising Anu Lutad, February, 2025