মিচিং আনু লুতাদ, ধেমাজী, ৩ অক্টোবৰঃ আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিতিত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ সীমাত অন্তৰ্ভূক্ত আৰু বৰ্হিভূত কৰিব লগা গাওঁ সম্পৰ্কে এখনি বিশেষ সভা অনুষ্ঠিত কৰা হয়।
MAC ৰ বাবে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ আৰু পৰিষদৰ আগন্তুক নিৰ্বাচনৰ বিষয়ে অনা মিচিং সুৰক্ষা সমিতি আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা বিতংভাৱে আলোচনা কৰা হয়।
উল্লেখযোগ্য যে আজিৰ সভাত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্পষ্ট কৰি দিয়ে যে এম-এ-চিত গাওঁ অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত ২০০৫ চনত জাৰি কৰা অধিসূচনা খনৰ সংশোধন হ'ব আৰু পৰিষদৰ উপগ্রহীয় অঞ্চলৰ মিচিং জনবসতি নথকা গাঁও সমূহ বাদ দিয়া হ'ব।
তদুপৰি, মিচিং আৰু অনা মিচিং, উভয় সম্প্ৰদায়ৰ জনবসতি থকা গাৱঁৰ ক্ষেত্রত মিচিং জনবসতি থকা অংশটোহে MAC ত অন্তৰ্ভূক্ত কৰা হ'ব। মিচিং জনবসতি নথকা কোনো নতুন গাওঁ পৰিষদত অন্তৰ্ভূক্ত নহয়। ইয়াৰোপৰি মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্রতিনিধিসকলে উত্থাপন কৰা অন্যান্য সমস্যাবোৰৰো দ্রুত সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে।
আজিৰ সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, MAC ৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য (EC) জহান দলে, প্ৰধান সচিব যাদৱ পেগু, সাধাৰণ সদস্য বানীকান্ত দলে আৰু সাধাৰণ সদস্য প্ৰতাপ টায়েহে।