চলচ্চিত্ৰ নিৰ্মাণ আৰু মিচিং সমাজৰ পটভূমি
হৰেন্দ্ৰনাথ দলে
মিচিং ভাষাত চলচ্চিত্ৰ নিৰ্মাণৰ ইতিহাস বৰ দীঘলীয়া নহয়। বিগত আশী-নব্বৈ দশকৰ পৰাহে প্ৰযোজক-পৰিচালক সকলে মিচিং ভাষাত চলচ্চিত্ৰ নিৰ্মাণৰ পাতনি মেলে। এই ক্ষেত্ৰত সৰ্বপ্ৰথম বাটকটীয়া সংস্কৃতিবান যুৱক গৰাকী আছিল ডাঃ ভূপেন্দ্ৰ কামান। ১৯৮৪ চনত তেওঁ পূৰ্ণ দৈৰ্ঘ্যৰ মিচিং চলচ্চিত্ৰ নিৰ্মাণৰ বাবে Eastern India Motion Picture Producer Association(EIMPA)-ৰ অধীনত সৰ্বপ্ৰথম নাম পঞ্জীয়ন কৰাইছিল বুলি জানিব পৰা হয়। পঞ্জীয়নভূক্ত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰখনৰ নাম আছিল কাংকান আৰু পৰৱৰ্তী সময়ত নামাকৰণ সলনি কৰি ১৯৮৬ চনত মিৰ'মিগল নামাকৰণ কৰা হয় যদিও চলচ্চিত্ৰখন মুক্তি দিব পৰা নহ’ল বুলি জনা যায়। প্ৰাপ্ত তথ্যমতে তেওঁ নিৰ্মাণ কৰা দুখন তথ্যচিত্ৰ হল ৰ’দ কাঁচিয়লি (১৯৮৮) আৰু নেক্টাৰ অফ লাইফ (Necter of Life)-(১৯৯০)। তেওঁ ২০০৯ চনত নিৰ্মাণ কৰা এখন পূৰ্ণদৈৰ্ঘ্যৰ মিচিং ভাষাৰ চলচ্চিত্ৰ হ’ল তুৰগত্ (Turgot)।
তাৰ পৰৱৰ্তী কালত বিগত ১৯৯২ চনত মিচিং জনজীৱনৰ আধাৰত নিৰ্মাণ কৰা বহুল চৰ্চিত তথ্যচিত্ৰখন হ’ল Sons of Abotani: the Misings. এই তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সন্মান বুটলি আনিবলৈ সক্ষম হৈছিল। এইখিনিতে উল্লেখ্য যে Sons of Abotani, Misings তথ্য চিত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা বঁটা সেইসময়ত আজুৰি আনি প্ৰযোজক-পৰিচালকৰ লগতে মিচিং সমাজকো গৌৰৱবান্বিত কৰিছিল। এই তথ্যচিত্ৰখনৰ প্ৰযোজক পৰিচালকৰ ভাষ্য হ’ল- সৌভাগ্যক্ৰমে Non-feature Section-ত Best-হৈ Swarna Kamal (Gold) আৰু Best in Audiography-ৰ বাবে Rajat Kamal (Silver medal) লাভ কৰিবলৈ সক্ষম হওঁ। এই তথ্যচিত্ৰখন অৱনৰী পিকছাৰ্ছৰ বেনাৰত প্ৰযোজক দিলীপ দলে আৰু পৰিচালক গৌতম বৰাই নিৰ্মাণ কৰিছিল।
মিচিং ভাষাত নিৰ্মাণ কৰা প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ হ’ল পানৈ-জংকি। এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল ২০০৩ চনত দিলীপ দলে আৰু নাৰায়ণ শীলৰ যুটীয়া পৰিচালনাত। বিগত ১৯৮৮ চনৰ পৰা ২০০৩ চনৰ ভিতৰত নিৰ্মাণ কৰা এই পূৰ্ণদৈৰ্ঘৰ মিচিং চলচ্চিত্ৰখন ২০০৩ চনত দিল্লীত অনুষ্ঠিত ভাৰতীয় প্ৰতিযোগিতা শাখা (DFFI) লৈ প্ৰযোজকে প্ৰেৰণ কৰে। এই চলচ্চিত্ৰখনেও Special Mentioned Award ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হয়। বিগত ২০১৯ চনত প্ৰযোজক-পৰিচালক দিলীপ দলে দেৱৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা আন এখন পূৰ্ণদৈৰ্ঘ্যৰ মিচিং চলচ্চিত্ৰ হ’ল “Anu Ruwad”। আমাৰ দেশৰ ৰাজধানী দিল্লীত ২০১৯ চনত অনুষ্ঠিত ৬৭তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখাত নিৰ্বাচিত হৈ Anu Ruwad মিচিং ভাষাত নিৰ্মিত তেখেতৰ চলচ্চিত্ৰখনেও Rajat Kamal (Silver) বঁটা লাভ কৰিবলৈ সক্ষম হয়।
Mising Anu Lutad, Septembor, 2025