Type Here to Get Search Results !

গুৱাহাটী মিচিং আদনৗ অপে (লেখক গোষ্ঠী)ৰ গ্ৰন্থ উন্মোচনী সভা



মিচিং আনু লুতাদ, ৩১ আগষ্ট ২০২৫, গুৱাহাটীঃ মিচিং সমাজৰ অগ্ৰণী সাহিত্যনুষ্ঠান গুৱাহাটী মিচিং আদনৗ অপে (লেখক গোষ্ঠী)ৰ উদ্যোগত জাপৰিগোগস্থিত মুৰঙত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। বহুকেইজন বিশিষ্ট ব্যক্তি তথা সাহিত্যপ্ৰিয় সমাজেৰে সমাগম উন্মোচনী সভাখন স্থায়ী সভাপতি হৰেন্দ্ৰনাথ দলেয়ে সভাপতিত্ব কৰে। সভাপতিৰ আসন গ্ৰহণৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটী বাংকে আগম কৗবাঙৰ প্ৰাক্তন সভাপতি তুলেশ্বৰ পেগুৱে। সভাপতিয়ে আদৰনিমূলক বক্তব্য আগবঢ়োৱাৰ পিছতে আমন্ত্ৰিত অতিথিসকলৰ আদৰণি আৰু চিনাকি পৰ্ব অনুষ্ঠিত হয়। আদৰণি আৰু চিনাকি কাৰ্যসূচীৰ আঁত ধৰে সাধাৰণ সম্পাদক জুৱেল পেগু আৰু গ্ৰন্থ সম্পাদিকা তৃষ্ণা পেগু দলেয়ে। একেলগে পাঁচখন গ্ৰন্থ উন্মোচনী সভাত পৰ্যায়ক্ৰমে উন্মোচন কৰে। 


(i) গুৱাহাটী মিচিং আদনৗ অপেৰ গ্ৰন্থ “মিচিং লেখকৰ চুটিগল্প”, সম্পাদনা তৃষ্ণা পেগু আৰু জুৱেল পেগু। উন্মোচক শ্ৰীযুত লক্ষীকান্ত পেগু, বিশিষ্ট লেখক, প্ৰাক্তন সাধাৰণ সম্পাদক, গুৱাহাটী জ্যেষ্ঠ মিচিং নাগৰিক সন্থা ii) “মিচিং লেখকৰ অনুগল্প“ সম্পাদনা তৃষ্ণা পেগু। উন্মোচক মাননীয় শ্ৰীযুত উকেন পেগু, সভাপতি সদৌ গুৱাহাটী মিচিং কৗবাং। (iii) “স্মৃতিৰ পথাৰত“, লেখক শ্ৰীপদ্মালাল পাতিৰি। উন্মোচক শ্ৰীযুত সৰ্বেশ্বৰ পেগু, বিশিষ্ট লেখক তথা প্ৰাক্তন সভাপতি, সদৌ গুৱাহাটী মিচিং কৗবাং (iv) “মিৰি সকলৰ সাংস্কৃতিক, ধৰ্মীয় ৰীতি-নীতি আৰু কৰ্ম পদ্ধতি“ লেখক বিলাসী চন্দ্ৰ দলে। উন্মোচক ব্ৰিগেডিয়াৰ অবনী কুমাৰ পাইত, প্ৰাক্তন সভাপতি, সদৌ গুৱাহাটী জ্যেষ্ঠ মিচিং নাগৰিক সন্থা। (v) “আঅৃন আগম”, লেখক ড° কণক চন্দ্ৰ দলে। উন্মোচক শ্ৰীযুতা বিজয়াং পায়েং টায়ে, উপ-সভানেত্ৰী, সদৌ গুৱাহাটী মিচিং কৗবাং। পাঁচখন গ্ৰন্থ উন্মোচনৰ পিছত গ্ৰন্থ উন্মোচকসকলে ক্ৰমানুসৰি বক্তব্য আগবঢ়ায়। 


পৰৱৰ্তী কাৰ্যসূচীমতে সম্পাদক আৰু লেখকসকলেও একাষাৰ বক্তব্য আগবঢ়ায়। গ্ৰন্থ উন্মোচনী সভাত উপস্থিত ৰাইজৰ হৈ দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন বড়ি আৰু কেবাজনেও চমু বক্তব্য আগবঢ়ায়। আজিৰ অনুষ্ঠানৰ সফল সমাপনৰ বাবে সকলো পক্ষলৈ শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী মিচিং আদনৗ অপেৰ সাধাৰণ সম্পাদক জুৱেল পেগুৱে। 


তাৰোপৰি প্ৰকাশনত বিশেষ সহযোগিতা আগবঢ়োৱা অধীক্ষক অভিযন্তা লক্ষীকান্ত কুম্বাং আৰু প্ৰকাশনৰ লগতে সভাৰ লঘু আহাৰ যোগান ধৰি আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগুলৈ নামোল্লেখেৰে হিয়াভৰা শলাগৰ শৰাই আগবঢ়ায়। শেষত সভাপতিৰ সামৰণি বক্তব্যৰে গ্ৰন্থ উন্মোচনী সভা সামৰণি কৰে।


Mising Anu Lutad, Agosto, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper