Type Here to Get Search Results !

দুষ্যন্ত নৰহৰ “মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন শৈলীৰ” সন্দৰ্ভত MAK প্ৰাক্তন সভাপতি ডাঃ বিদ্যেশ্বৰ দলে প্ৰতিক্ৰিয়া আৰু পৰামৰ্শ


 

দুষ্যন্ত নৰহৰ “মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন শৈলীৰ” সন্দৰ্ভত MAK প্ৰাক্তন সভাপতি ডাঃ বিদ্যেশ্বৰ দলে প্ৰতিক্ৰিয়া আৰু পৰামৰ্শ


ডাঃ বিদ্যেশ্বৰ দলে


   মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন শৈলীৰ সন্দৰ্ভত একলম শীৰ্ষক দুষ্যন্ত নৰহৰ লেখাটোৰে নতুনকৈ গ্ৰহণ কৰা মিচিং বৰ্ণমালাৰ ক্ৰম আৰু পঠন শৈলীৰ বিষয়ে সবিশেষ তুলি ধৰা হৈছে। অতি প্ৰয়োজনীয় কাম এটা কৰা হৈছে। তাৰ বাবে দুষ্যন্ত নৰহ ব্যক্তিগত ভাবে ধন্যবাদৰ পাত্ৰ। অৱশ্যে শ্ৰীনাহেন্দ্ৰ পাদুন দেৱে কবৰ দৰে মিচিং আগম কৗবাঙে ৩/৪ বছৰৰ আগতেইএই কামটো কৰিব লাগিছিল। এই কামটো কৰিবলৈ আমাৰ ফালৰ পৰাও পৰামৰ্শ আগবঢ়োৱা হৈছিল। কামটো কৰা হ’ব বুলি কৈছিল যদিও যথা সময়ত কামটো হৈ নুঠিল। বহু পলম হৈ গ’ল। ফলত শিক্ষক সকলকে ধৰি ৰাইজেও নতুন শৈলীৰ সবিশেষ জানিব পৰা নাছিল। সেয়ে সৌ সিদিনা ০২ এপ্ৰিল, ২০২৫ তাৰিখে মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ পিছত মিচিং বৰ্ণমালা পঢাওঁতে কিছু খেলিমেলি হোৱা পৰিলক্ষিত হৈছিল। আৰু এনে অবাঞ্ছনীয় বিভ্ৰান্তি দেখি ৰাইজে খেদ প্ৰকাশ কৰিছিল।

  যি কি নহওক এতিয়া দুষ্যন্ত নৰহৰ লেখাটোৰ যোগেদি এই সম্পৰ্ক বিতং ব্যাখ্যা - বিশ্লেষণ আগবঢ়োৱা হৈছে। কিছু খু-দুৱনি আঁতৰিছে। আমাৰ শিক্ষক সকলে নতুন পঠন শৈলী সম্পৰ্কে স্পষ্ট আভাস পাব আৰু ছাত্ৰ-ছাত্ৰছাত্ৰীক মিচিং বৰ্ণমালা পঢ়োৱাত সূচল হ’ব। কিন্তু “Mising Anu Lutad” Watsaap group ত দিয়া দুয্যন্ত নৰহৰ এই ব্যক্তিগত প্ৰয়াসৰ ওপৰতে নিৰ্ভৰ কৰি সন্তুষ্ট হৈ বহি থাকিলে ঠিক নহ’ব। MAK য়ে দুষ্যন্তৰ এই লেখাটোকেই আৰু অধিক সুবিন্যস্ত আৰু সুবিস্তৃত ৰূপত প্ৰস্তত কৰি এখন হাতপুথি (Hand Book) প্ৰকাশ কৰিলে ভাল হ’ব। সেইটোৱে শিক্ষক আৰু ছাত্ৰছাত্ৰীৰ মিচিং ভাষা জ্ঞান প্ৰদান-গ্ৰহণৰ ক্ষেত্ৰত সহায়ক হ’ব। তথা যিকোনো ন-শিকাৰুৰ বাবেও সহায়ক হ’ব। এই গুৰুত্বপূৰ্ণ ও আৱশ্যকীয় কামটো অগ্ৰাধিকাৰ ভিত্তিত সম্পন্ন কৰিলে মিচিং ভাষা আৰু ৰাইজ উপকৃত হব বুলি আশা কৰা যায়।


Mising Anu Lutad, Epril, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper