লাওলোৱা মুখ্যমন্ত্ৰী
জাতিৰাম কামান
ৰাজনীতিৰ লগত সততে লাগি থকা এজন বন্ধুক এবাৰ সুধিছিলো - মুখ্যমন্ত্ৰীয়ে কেনেকৈ সিমান টকা পায়? কৰ পৰা তেওঁৰ হাতত সিমান টকা আহেনো? তেওঁটো পাবলিক ফিগাৰ! একো লুকুৱাব নোৱাৰে!আৰু দৰ্মহানো কিমান? এজন জ্যেষ্ঠ প্ৰবক্তাৰ দৰ্মহা দেখুন তেওঁতকৈ বেছি! কথাটো শুনি বন্ধুজনে ৰহস্যৰ হাঁহি এটা মাৰি ক’লে - আৰে ভাই, ক্ষমতা হাতত থাকিলে কি কৰিব নোৱাৰিনো ? এজন চিএম'ৰ হাতত এখন ৰাজ্যৰ সকলো ক্ষমতা থাকে। তেওঁ টকাৰ পিছত দৌৰিব নালাগে নহয়?টকাৰ বাণ্ডিল, মাটি-বাৰী, গাড়ী, সম্পত্তি নিজে নিজে আহি যাব। তেওঁ নিজে সেইবোৰত মাথা মাৰিবই নালাগে। তেওঁৰ লগত সোঁৱে বাঁৱে ঘেৰি থকা সাংগো পাংগো সকলেই সকলো ঠিক কৰি দিব।চি এ’মে ধন সম্পত্তি গঢ়াৰ কিটিপটো বন্ধুৰ জ্ঞানগৰ্ভ কথাৰ পৰা বুজি পালোঁ। এৰা, চি এমে ধন সম্পত্তি ঘটিবলৈ মাথা মাৰিব নালাগে। পাৱাৰে আপুনা আপুনি সেইখিনি আনি দিয়ে।
ওপৰত উল্লেখিত কথাৰ পৰা বুজিব পৰা যায় যে পাৱাৰত থাকিলে মানুহে কৰিম বুলি ভাৱিলে নোৱৰা কাম নাই। কিন্তু সেইখিনিতেই কিছুমান কথা আমাৰ মগজুত নোসোমায়! কথাবোৰ হজম নহয় যে অপাৰ ক্ষমতাৰ অধিকাৰী হৈয়ো কিছুমান চি এম,পি এম, গভৰ্নৰ তথা প্ৰেচিডেন্টে কিয় টকা পইচা, ধন সম্পত্তি আৰ্জিব নোৱাৰে?
একালৰ এছেমব্লিত সিংহৰ দৰে গৰ্জন কৰা শৰৎ চন্দ্ৰ সিংহই কিয় ধন বিত ঘটিব নোৱাৰিলেনো? চি এম পদ এৰাৰ পাছত কিয় ধুতি পাঞ্জাবীটো পিন্ধি অকল পুৰণা চুটকেচটো হাতত লৈ দিছপুৰৰ ৰাস্তাত টহল দিব লগা হৈছিলনো? মূৰটো সোমোৱাবলৈ গুৱাহাটী হেন চহৰত ঘৰ মাটিতো নাছিলেই, নিজৰ জুপুৰী এটাও নাছিল ৰাস্তাৰ পৰা আহি জিৰাবলৈ! কিয় তেওঁ সদায় ৰঙা ৰঙৰ এ এছ টি চি বাছত আহ যাহ কৰিছিল? এয়া নুবুজা সাঁথৰ!
দ্বিতীয় গৰাকী তেনে চি এম হল ত্ৰিপুৰাৰ প্ৰাক্তন চি এম মানিক চৰকাৰ। ধুতি কূৰ্তা পিন্ধা এই চি এম জনৰ এখন প্ৰাইভেট কাৰ নাই।ৰিক্সাত উঠি ঘূৰি ফুৰে। ৰাজ্যৰ বাহিৰলৈ গলে ট্ৰেইনৰ সাধাৰণ শ্ৰেনীৰ দবাত চফৰ কৰে।
আৰু এগৰাকী তেনে চি এম হল আমাৰ সকলোৰে প্ৰিয় বংগকন্যা, অগ্নিকন্যা দিদি, মমতা দিদি। বেংগল টাইগ্ৰেছ মমতা বন্দোপাধ্যায় ওৰফে মমতা বেনাৰ্জী। এবাৰ কলিকতাত বেংকৰ অফিচাৰ্ছ ট্ৰেইনিঙত থাকোতে কালিঘাটাত থকা তেওঁৰ ঘৰটো ওচৰৰ পৰা চাইছিলো। মহানগৰৰ গলিত থকা নিচেই এটি সাধাৰণ ঘৰ। মমতা বেনাৰ্জি তাতেই প্ৰায়ে বাহৰ পাতেগে বুলি শুনিছিলো। ভৰিত চপ্পল আৰু শুভ্ৰৰঙী সাধাৰণ মেখলা চাদৰ পৰিহিতা প্ৰৌঢ়া ভদ্ৰ মহিলা গৰাকী দেখিলে শ্ৰদ্ধাত আপুনা আপুনি মূৰ দোঁ খাই যায়।
“প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা” নামে দেশৰ যাতায়ত ব্যৱস্থাত বিপ্লৱ অনা সৰ্বকালৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এবাৰ সংসদত সজোৰে কৈছিল যে এগৰাকী সাংসদে ইচ্ছা কৰিলে তেওঁৰ সংসদীয় ক্ষেত্ৰখনৰ সৰ্বাংগীন উন্নয়ণ কৰিব নোৱৰাৰ একো কাৰণেই থাকিব নোৱাৰে। পাঁচ বছৰৰ প্ৰতিটো বৰ্ষত দুই কোটি টকা সংসদ পূঁজি (তেতিয়া ২ কোটি আছিল, এতিয়া ৫ কোটি হ’ল) মুকলি কৰা হয় এয়া সংসদীয় সমষ্টিটোৰ বাবে কম টকা নহয়! পাঁচ বছৰত ১০ কোটি অথবা ২৫ কোটি টকা এটা সংসদীয় সমষ্টিৰ সামগ্ৰিক উন্নয়ণৰ বাবে যথেষ্ট। কিন্তু সৰহ ভাগ সাংসদে তেনে কাম নকৰে।এম পি ফাণ্ডবোৰ মিচিউজ হৈয়েই থাকে। কাজেই, প্ৰগতি ত্বৰান্বিত নহয়, স্থৱিৰ হয়।
লাল বাহাদুৰ শাস্ত্ৰীৰ নিজা এখন প্ৰাইভেট কাৰ নাছিল আৰু পি এম’ৰ গাড়ী ব্যক্তিগত কামত ব্যৱহাৰ কৰিবলৈ টান পাইছিল। কাজেই, বেংকৰ পৰা লোণ লৈহে তেওঁ ঘৰৰ বাবে প্ৰাইভেট কাৰ এখন ক্ৰয় কৰিছিল।
প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন এ পি জে আব্দুল কালামে কেইযোৰ মান পিন্ধা কাপোৰ পুৰণা চুটকেছত ভৰাই খোজে ৰাষ্ট্ৰপতি ভৱন এৰিছিল। অন্য ৰাষ্ট্ৰপতিৰ দৰে ৰিটায়াৰমেন্টৰ পাছত থকাৰ বাবে আছুতীয়াকৈ বাংলোও দাবী কৰা নাছিল।
ভাৰতবৰ্ষৰ মাটিত সময়ে সময়ে তেনে কিংবদন্তিৰ দৰে প্ৰবাদ পুৰুষ ৰাজনীতিত ওলায় যদিও ভাৰতীয় ৰাজনীতি কিয় সিমান পংকিলময়? ৰাজনীতিত কিয় সিমান ভ্ৰষ্টাচাৰ হয়? কিয় দুৰ্নীতিৰে ভৰা আজিৰ ভাৰতীয় ৰাজনীতি? এয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। দেশৰ নেতা দেশৰ খাটি খোৱা জন গনৰ বাবেহে। ৰাজনীতিৰ চলে বেপাৰ কৰি কোৰোণাৰে ধন চপাবলৈ নহয়। সাধাৰণ ৰাইজৰ কাম কৰিব নোৱাৰিলে,দুখীয়া জন গনৰ দুখ বুজিব নোৱাৰিলে ৰাজনৈতিক নেতা হবই নালাগে। বেপাৰী ঠিকাদাৰী কৰিব পাৰে সেইচামে।
দেশৰ দৰিদ্ৰ জনতাৰ লগত মিলা মিচা কৰা কল্যানকামী ৰাজনীতি দেশৰ ৰাজধানী দিল্লীত আম আদমী পাৰ্টীয়ে আৰম্ভ কৰিছিল কিন্তু দেশত চলি থকা কূটিল ৰাজনীতিত ‘আপ’ জ্বলি ছাঁই গৈ গল!সকলো পাৱাৰ গেম। ৰাজনীতিৰ পাক্ বুজা টান!
সেই যে আমি ৰাজনীতিৰ কিংবদন্তি সকলৰ নামোল্লেখ কৰিলো যে, তেনে ৰাজনীতিবিদ অদূৰ ভৱিষ্যতে ভাৰত বৰিষত সম্ভৱ হব নে? স্বৈৰাচাৰী, দুৰাচাৰী, ব্যভিচাৰী, ভ্ৰষ্টাচাৰী, দুৰ্নীতি পৰায়ণ ৰাজনীতিকৰ ভিৰ কমিবনে?
শুনিছোঁ, ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছত চাফাই অভিযান আৰম্ভ হৈছে হেনো! দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকৰ বাবে কংগ্ৰেছত হেনো ঠাই নাই!
অসমত আকৌ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ৰাহুল গান্ধী ষ্টাইলত শদিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি খাটি খোৱা জনতাৰ খবৰ বাতৰি লৈছে। অখিলৰ দৃষ্টিত কিন্নৰ সকলো বাদ পৰা নাই। সিফালৰ পৰা ৰাইজৰ কাষ চাপি সুখ দুখৰ খবৰ বাতৰি লৈছে আৰু ৰাইজেও যথেষ্ট সঁহাৰি দিছে।
ৰাহুল গান্ধী সমন্বিতে অখিল গগৈ, গৌৰৱ গগৈহঁতে দেশৰ ৰাজনীতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰিবনে বাৰু? মুচি নাপিত, সাধাৰণ খেতিয়ক, বনুৱা হজুৱাকে আদি কৰি কিন্নৰ পৰ্য্যন্ত টাচ্ছ কৰা নেতা ৰাহুল গান্ধী অথবা অখিল গগৈৰ ক্ষেত্ৰত ভূমা স্পৰ্শ কৰা ৰাজনীতিৰ প্ৰভাৱ পৰা কিছু পৰিলক্ষিত হৈছে। ৰাজনীতিত মহান আদৰ্শ স্থাপন কৰিব পৰা কিছু গুণ হয়তু ৰাহুল গান্ধী অথবা অখিল গগৈৰ চৰিত্ৰত ফুটি উঠিছে! কিন্তু ইয়াৰ স্থায়িত্ব তেতিয়াহে পৰিস্ফুট হ’ব যেতিয়া নেকি তেওঁবিলাকে ক্ষমতা দখল কৰি শাসনৰ গাদীত বহিব! It is too early to comment. দেখিলেহে লেখিম তেওঁবিলাক গান্ধী (বাপুজী) বা শৰৎ সিংহৰ ঠাই লব পাৰিবনে নাই!
সময়লৈ অপেক্ষা কৰা যাওঁক ৰাইজ। ৰাজনীতিত উত্থান পতন সকলোৰে থাকে। আজিৰ বৃন্দাবন, কালিলৈ পৰে চন! ইয়াৰ জ্বলন্ত উদাহৰণ অস্তিত্ব ৰক্ষা আন্দোলনৰ অবিসম্বাদী নেতাদ্বয় প্ৰাক্তন চি এম প্ৰফুল্ল মহন্ত তথা প্ৰয়াত ভৃগু কুমাৰ ফুকন। ৰাইজক আৰু অধিক ব্যাখা কৰাৰ প্ৰয়োজন নাই।
Mising Anu Lutad, Epril, 2025