মুৰ্গী টেঁটু
(Chicken's Neck)
জাতিৰাম কামান
মুৰ্গী বা কুকুৰাৰ গাটোতকৈ ডিঙি তুলনামূলক ভাৱে বহুত সৰু। এডাল সৰু পাইপৰ নলীৰ দৰে। ঠিক সেই পাইপৰ নলী সদৃশ ঠেক ভূখণ্ডই উত্তৰ পূব সীমান্ত অঞ্চলক ভাৰতবৰ্ষৰ বাকী ৰাজ্য সমূহক সংযোজিত কৰিছে। উত্তৰ পূব সীমান্ত অঞ্চলক ভাৰতৰ অন্য ৰাজ্যসমূহৰ লগত সংযোগ কৰা এই ঠেক পথছোৱাকেই চিকেন নেক বা শিলিগুৰি কৰিডৰ বোলা হয়। এই গোটেই পথছোৱা শিলিগুৰিৰ মাজেদি গৈছে বাবে ইয়াক শিলিগুৰি কৰিডৰ বুলিও জনাজাত। শিলিগুৰি কৰিডৰ বা চিকেন নেক’ৰ দৈৰ্ঘ্য ৬০ কিঃমিঃ আৰু ইয়াৰ প্ৰস্ত প্ৰায় ২২ কিঃমিঃ মাত্ৰ। মুঠতে নিচেই ঠেক ভূখণ্ডৰে নৰ্থ ইষ্টাৰ্ণ ৰিজিঅন অথবা সাতভনীৰ ৰাজ্যসমূহ ভাৰতৰ লগত সংযোগ হৈ আছে।সাতভনী বা চেভেন চিষ্টাৰ্চ ৰাজ্যসমূহ হল ক্ৰমে - (১) অসম, (২) মনিপুৰ, (৩) নগালেণ্ড, (৪) ত্ৰিপুৰা, (৫) মিজোৰাম, (৬) মেঘালয় আৰু (৭) অৰুনাচল প্ৰদেশ। অৱশ্যে ৮ নং ৰাজ্য চিকিমো নৰ্থ ইষ্টাৰ্ণ ষ্টেট্চত সংযোজিত হৈছে।
এই মুৰ্গীৰ টেঁটু সদৃশ কৰিডৰৰ তিনিওফালে আক’ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। উত্তৰ পশ্চিমে নেপাল, উত্তৰ দিশে ভূটান আৰু দক্ষিণ পূৱে বাংলাদেশৰ সীমা সেই চিকেন নেকত। কাজেই, উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহৰ এটা বিশেষত্ব আছে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত।
স্বৰাজোত্তৰ কালৰে পৰা এই উত্তৰ পূৰ্বাঞ্চলক লৈ নানান ঘটনা সংঘটিত হৈ আহিছে, বিতৰ্ক চলি আহিছে। দেশ স্বাধীন হোৱাৰ পাছত ধৰ্মৰ ভিত্তিত হিন্দুস্তান পাকিস্তান দুটা ৰাষ্ট্ৰত বিভাজিত হোৱা কালত মহম্মদ আলি জিন্নাৰ নেতৃত্বত তেতিয়াৰ বৃটিছ শাসিত অবিভাজিত গ্ৰেটাৰ বেংগলৰ অংশ স্বৰূপে উত্তৰ পূৰ্বাঞ্চলক পূব পাকিস্তানৰ লগত চামিল কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল কিন্তু লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমন্বিতে জননেতা ভীমবৰ দেউৰী আৰু অন্য দিগ্গজ অসমপ্ৰেমী নেতাৰ তীব্ৰ বিৰোধিতাৰ ফলত তাহানিৰ বৃহত্তৰ অসম ভূমি ভাৰতৰ লগত চামিল হল। কোৱা হয় যে পণ্ডিত জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলে উত্তৰ পূৰ্বাঞ্চলক এৰিয়েই দিছিল পূব পাকিস্তানৰ অংগ ৰাজ্য হিচাপে; কিন্তু লোকপ্ৰিয় বৰদলৈ আৰু জননেতা ভীমবৰ দেউৰীয়ে কথা বিষম দেখি বাপুজীৰ শৰণাপন্ন হয়। দেশ স্বাধীন হোৱাৰ আগে মহাত্মা গান্ধী দুবাৰ অসম ভ্ৰমণলৈ আহিছিল। অসমীয়া সমাজ ব্যৱস্থা,কলা সংস্কৃতি,ধৰণ কৰণৰ লগত গান্ধীজী পূৰ্বৰে পৰাই পৰিচিত আছিল আৰু সেই সুবাদতে তাহানিৰ অসমক ভাৰতৰ অংগৰাজ্য হিচাপে সংযুক্ত কৰিবলৈ পোকষতা কৰিছিল বাবেই আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভাৰতৰ অংগৰাজ্য হ’ল।
১৯৬২ চনৰ ভাৰত চীন যুদ্ধত চীনা সৈন্য অৰুণাচল প্ৰদেশ (তাহানিৰ নেফা)ৰ বমডিলা পৰ্য্যন্ত দখল কৰিছিল; সেই তেতিয়াই তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৱে অসমৰ আশা এৰি দি বিদায় দিয়াৰ উপক্ৰম হৈছিল কিন্তু ৰহস্যজনক কাৰণত চীনা সৈন্য উভতি গল। চীনৰ কবলৰ পৰা উত্তৰ পূৰ্বাঞ্চল ৰক্ষা পৰিল! চীনৰ আগ্ৰাসনৰ বলি হোৱাহেঁতেন আজি নৰ্থ ইষ্ট মহাচীনত অন্তৰ্ভূক্ত হলহেঁতেন! নেহৰুৰ নিৰাশজনক স্থিতিৰ বাবে আজিও উত্তৰ পূব বাসী তেওঁৰ প্ৰতি নাৰাজ!
কুকুৰাৰ ডিঙি সম শিলিগুৰি কৰিডৰে উত্তৰ পূব সীমান্ত অঞ্চলক ভাৰত ৰাষ্ট্ৰৰ সতে যেনতেন প্ৰকাৰেণ সংযোজিত কৰি ৰাখিলেও উত্তৰ, দক্ষিণ তথা পশ্চিম ভাৰতীয় মানুহৰ বাবে নৰ্থ ইষ্টৰ মানুহবোৰ অন্য গ্ৰহৰ পৰা অহা যেনহে জ্ঞান কৰে! অন্য আকাশ, অন্য তৰাৰ লোক!ভাৰতীয় মূল সভ্যতা সংস্কৃতিৰ লগত যেন কিছু পৃথক।উত্তৰ ভাৰতীয় লোকে এতিয়াও নৰ্থ ইষ্টৰ মানুহক চিংকী (চাইনিজ চাইজ) বুলি জোকায় বা তাচ্ছিল্য কৰা দেখা যায়। অৱশ্যে বংগীয় মূলৰ ত্ৰিপুৰী সকলত বাদে সাতভনীৰ অন্তৰ্গত ৰাজ্যসমূহৰ ভূমিপুত্ৰসকল চৈনিক মূলীয় তিব্বত বৰ্মীয় ঠালৰ লোক।নাগাসকলেতো নিজকে ভাৰতীয় বুলি এতিয়াও স্বীকৃতি দিয়া নাই, স্বাধীন নাগালেণ্ড হিচাপে আন-অফিচিয়েলী ডিক্লিয়াৰ কৰি আহিছে নিজকে নাগাই। ই যি কি নহওঁক, উত্তৰ পূৰ্বাঞ্চল যে ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ, এয়া চিৰন্তন সত্য আৰু ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে। আজিৰ তাৰিখলৈ উত্তৰ তথা পশ্চিম ভাৰতীয়, আনকি দাক্ষিণাত্যৰ বহুলোক নৰ্থ ইষ্টৰ বাসিন্দা আৰু ইয়াৰ সমাজ সংস্কৃতিৰ লগত পৰিচিতভাৱে উত্তৰ পূৰ্বাঞ্চল, ভাৰতৰ অন্য ৰাজ্য সমূহৰ বাবে অচিনাকী হৈ থকা নাই। দেশ বিদেশৰ মানুহে বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলিৰ কথা জানে, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এশিঙীয়া গড়ৰ কথা জানে, মণিপুৰ নগালেণ্ডৰ কথা জানে, অৰুণ কিৰণে প্ৰথমে চুই যোৱা অৰুনাচলৰ কথা জানে।
পূৰ্বৰ বৃহত্তৰ অসমভূমিৰ অন্তৰ্গত আহোম ৰাজ্য আজি অসম হ’ল, কাংলেইপাক হল মণিপুৰ। খাছিয়া জয়ন্তীয়া ও গাৰো পাহাৰ মিলি মেঘালয় হ’ল, লুচাই পাহাৰ গুচি মিজোৰাম হ’ল, নেফা গুচি অৰুনাচল প্ৰদেশ হ’ল। কিৰাট দেশ নামে প্ৰচলিত ভূখণ্ড হল ত্ৰিপুৰা। কুকী-চীন, আও, আংগামী, পছুৰী, টাংখুল-মাৰিং, জিমি আদি ট্ৰাইবেল অধ্যুষিত অঞ্চল নাগালেণ্ড ৰূপে পৰিচিত হল। উত্তৰ পূৰ্বাঞ্চলৰ সেই সেই বৃহৎ এলেকা তদানীন্তন বৃটিছ প্ৰশাসনে প্ৰশাসনিক কাৰ্য্যৰ সুবিধাৰ বাবে অবিভক্ত বৃহত্তৰ বংগৰ এলেকাধীন কৰিছিল আৰু ইয়াৰ মুখ্য কাৰ্য্যালয় আছিল বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰ। তাহানিৰ পূব পাকিস্তানৰ মুখ্য চহৰ ঢাকাক কেন্দ্ৰস্থল কৰি নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তত বৃটিছ পলিটিকেল অফিছাৰ নিয়োগ কৰি চোৱা চিতা কৰিছিল ৰাজকাৰ্য। কাজেই, এতিয়াও পূৰ্ব বংগীয় মূলৰ বাংলাদেশৰ লোকে আওৰাই থাকে_ ‘আসাম এবং নৰ্থ ইষ্টাটো আমাদেৰ বাংলাদেশেৰ মধ্যেই ৰয়েছে’ বংগীয় মূলৰ বাংলাদেশীয়ে নৰ্থ-ইষ্টো বাংলাদেশৰ অধীন বুলি নিজে নিজে ভাৱিলেও কিন্তু নৰ্থ ইষ্টৰ মানুহে কস্মিনকালেও নিজকে পূৰ্ব বংগীয় অংগৰাজ্য হিচাপে স্বীকাৰ নকৰে।দাঁতিকাষৰীয়া প্ৰান্তীয় ৰাষ্ট্ৰ হ’ব পাৰে কিন্তু বংগীয় পৰম্পৰাৰ অধীন নহয় নৰ্থ ইষ্টৰ কালচাৰ।
১৯৭২ চনৰ স্বাধীনতা আন্দোলনত পশ্চিম পাকিস্তানৰ পৰা পূব পাকিস্তান পৃথক হৈ বাংলাদেশ হল। তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শক্তিশালী হস্তক্ষেপত পূৱ পাকিস্তান স্বাধীন বাংলাদেশ ৰূপে স্বীকৃত হ’ল। তাৰেই গইনা লৈ বাংলাদেশৰ হাজাৰ হাজাৰ প্ৰৱজনকাৰী অসমকে ধৰি নৰ্থ ইষ্টৰ অন্য ৰাজ্য তথা সিফালে পশ্চিম বংগ আৰু বিহাৰত বাংলাদেশীৰ ভিৰ হল আৰু সেই প্ৰৱজন আজি পৰ্য্যন্ত অব্যাহত আছে বুলি ক’লেও হয়তু অত্যুক্তি কৰা নহ’ব! অতি সম্প্ৰতি বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ কন্যা বাংলাদেশৰ ৰাষ্ট্ৰ প্ৰধান শ্বেইখ হাছিনা ৱাজেদ দেশৰ পৰা বিতাৰিত হল জনতাৰ ৰোষত পৰি। বাংলাদেশ আকৌ নতুনকৈ ধৰ্মৰ নামত জ্বলি উঠিল। সংখ্যাগৰিষ্ঠ কট্টৰ ইশ্লামপন্থী সকলে সংখ্যালঘূ হিন্দু বাঙালীৰ ওপৰত পুনৰ অত্যাচাৰ আৰম্ভ কৰাৰ অজুহাতত আকৌ প্ৰৱজনৰ ধূম উঠিব। মুঠতে বাংলাদেশী প্ৰৱজন অপ্ৰতিৰোধ্য হৈ ৰ’ব অদূৰ ভৱিষ্যতে আৰু ইয়াক হাৱা দি আছে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰখনে। হিন্দুত্ববাদী চৰকাৰখনৰ যুক্তি হ’ল - বিশ্বত এখনেই বৃহৎ হিন্দুৰাষ্ট্ৰ আছে আৰু এয়া হল ভাৰতবৰ্ষ। অন্য দেশত প্ৰতাৰিত হিন্দুসকল হিন্দুস্তানলৈ নাহি ক’ত যাব? এয়া হ’ল বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ অকাট্য যুক্তি!
ভাৰত বন্ধু শেইখ হাছিনা জনৰোষৰ পৰা বিতাৰিত হোৱাৰে পৰা ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্ক দোদ্যুল্যমান হৈ থকা অৱস্থাত অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপ্ৰধান মহম্মদ ইউনুচে অতি সম্প্ৰতি চীনদেশ ভ্ৰমণলৈ গৈছিল আৰু চীনদেশত গৈয়েই উত্তৰ পূব ভাৰতৰ সীমান্ত অঞ্চলক লৈ বিতৰ্কিত বাচ্য প্ৰদান কৰিলে চীনৰ ৰাজনৈতিক মঞ্চত।
পূৰ্ব বংগীয় মূলৰ লোকসকলে পূৰ্বৰে পৰা ভাৱি অহাৰ দৰে মহম্মদ ইউনুছৰো সেই একেই ভাষ্য - ‘নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ গাৰ্জেনটো আমি; নৰ্থ ইষ্ট বাংলাদেশেৰেই অংশবিশেষ!' চীন দেশৰ মাটিত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ইউনুছে কৰা ভাষ্য হ’ল - “Seven states of india,eastern part of india,called seven sisters,they are landlocked regions of india, they have no way to reach out the ocean. We are the only guardian country of that region to reach out the ocean.So this opens up a huge possibility and this could be an extension of Chinese economy....” সাগৰ পথে চুব পৰা নৰ্থ ইষ্ট ইণ্ডিয়াৰ একমাত্ৰ কৰিডৰ হ’ল বাংলাদেশ। বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ ভাষ্যই আগ্ৰাসী চীনক হয়তু অধিক আগ্ৰান্বিত কৰিব পাৰে SAARC আৰু ASEAN countries ত ব্যৱসায়িকভাৱে একচ্ছত্ৰী আধিপত্য বিস্তাৰ কৰিবলৈ। বাংলাদেশে ড্ৰেগনৰ মুখত পৰি আত্মজাহ যোৱাৰ দৰে নিজে নিজেই আত্ম সমৰ্পন কৰি উগাৰিলে - ‘আ ব্যেল মুঝে মাৰ’। বিশ্বৰ বজাৰ অৰ্থনীতিত চীনৰ আগ্ৰাসন আমেৰিকা জাপান আদি উন্নত দেশতকৈ অধিক মৰাত্মক।যি এবাৰ চীনৰ বজাৰৰ হাতোৰাত সোমাইছে তাৰ পৰা সতকাই মুকলি হোৱাতো সুকঠিন!বৰ্তমান আমাৰ দেশৰ বজাৰেনো কি কৰি আছে? চীনা সামগ্ৰীয়েতো ভৰি পৰি আছে! চোৰ বজাৰ, কলা বজাৰ, মুকলি বজাৰ আদি সৰ্বত্ৰে চীনা সামগ্ৰীৰ ৰাজত্ব! চীনা মাল, কোনো গ্যাৰান্টি নাই!
বাংলাদেশে ইতিমধ্যে চীনৰ আন্তৰ্জাতিক বজাৰৰ দুৱাৰখন মুকলি কৰিলেই।বাংলাদেশী মাল অসম আৰু উত্তৰ পূবৰ ৰাজ্য সমূহত লাহে লাহে ভৰি পৰিব ধৰিছেই, সিফালে চীনৰ লগত সনা মিতিৰালি কৰি অদূৰ ভৱিষ্যতে বজাৰ অৰ্থনীতি চলে চীনৰ আগ্ৰাসন যে পুনৰ নহব তাক ন দি কব নোৱাৰি।অৰুনাচল প্ৰদেশৰ ডেকা জীয়ৰীক মাজে মধ্যে চীনে আমাৰ ভাতৃ ভগ্নী বুলি চকু দিয়েই থাকে দেখুন?এচিয়ান গেমছত অৰুনাচলী লোকনৃত্যক আমাৰ কালচাৰ বুলি চীনে আগতেই ইন্টাৰফেয়াৰ কৰি থৈছে। ৬২ ৰ ৰণত টাৱাং চাই থৈছেই। এতিয়া পাহাৰ বগাই নাহি,আহিব সাগৰেদি। বাংলাদেশে ৰাস্তা খুলি দি আৰু সুচল কৰি দিলে।চীনৰ মহিমা বুজা টান! কোন পলকত কি কৰি পেলায় সতকাই কব নোৱাৰি! এতিয়া মহম্মদ য়ুনুছৰ মুখ বন্ধ কৰিব কোনে? চিকেন নেকৰ গইনা লৈ ভাৰত, বাংলাদেশ আৰু চীনে নৰ্থ ইষ্টাৰ্ণ ৰিজনক খেল খেলি আছে। আমি যেন প্লে গ্ৰাউণ্ডহে যেনিবা। এতিয়া ইয়াৰ উপায়নো কি? ভাৰতে কৰিব পৰা কি কাম আছে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বাবে?আছে,নিশ্চয় আছে।
চিনেক নেকক কেন্দ্ৰই সিমান মজবুত কৰিব লাগে যে সেই কৰিডৰেদি কোনো বিদেশী দেশৰ চোৰাংচোৱা কিম্বা সন্দেহযুক্ত পৰ্য্যটকে অনধিকাৰ প্ৰৱেশ কৰিব যাতে নোৱৰে। ৬০ কি:মি: দৈৰ্ঘ্য ও ২২ কিঃ মিঃ প্ৰস্তৰ শিলিগুৰি কৰিডৰৰ পথছোৱা কংক্ৰিটেৰে জিৰাফৰ ডিঙিৰ দৰে সিমান মজবুত কৰিব লাগে যে ডিঙি আৰু ঠেঙৰ সমানে সমানে শৰীৰত গুৰুত্ব থাকে। চিকেন নেকৰ ৰাষ্ট্ৰীয় ঘাই-পথছোৱা অতন্দ্ৰ প্ৰহৰীৰে পৰিৱেষ্টিত কৰি চৌবিচ্ছ ঘন্টাই সজাগ দৃষ্টি ৰখাৰ ব্যৱস্তা কৰিব লাগে। এক কিলো মিটাৰ অন্তৰে অন্তৰে পুলিচ চকী,বৰ্ডাৰ চিকিউৰিটি ফৰ্চৰ লগতে চিকেন নেকৰ দুয়ো চাইডে পাৰা মিলিটেৰী, আৰ্মীৰ চাউনী ভৰাই পেলাব লাগে।ৰেলৱে লাইন, হাইৱে ইত্যাদিবোৰ আধুনিক টেকনলজিৰে উন্নীত কৰি চিকেন নেকক চিদ্ৰহীন নিৰাপত্তাৰে কটকটীয়া কৰক যাতে শতৰুৱে আতঁৰৰ পৰা দেখি দুৰতে বিদূৰ হয়।
শিলিগুৰি কৰিডৰ বা চিকেন নেকক কেন্দ্ৰই অধিক গুৰুত্ব দিব লাগে দেশৰ অখণ্ডতা ৰক্ষা কৰাৰ স্বাৰ্থত। চিকেন নেকৰ প্ৰতি কৰা দিল্লীৰ সোপা ঢিলা নীতিয়ে অদূৰ ভৱিষ্যতে দেশৰ অখণ্ডতালৈ অশনি সংকেত নমাই যে নানিব সেই কথা নুই কৰিব নোৱাৰি! অকন মান পিছলি গলেই সকলো খেলি মেলি হৈ যোৱাৰ আশংকাই অধিক!
কাজেই, কেন্দ্ৰৰ চৰকাৰখনে আজিৰ তাৰিখত বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ ষ্টেটমেন্টক গুৰুত্ব সহকাৰে লোৱাতো প্ৰয়োজনীয়। দেশৰ মুৰব্বী গৰাকী আওকনীয়া হৈ থকাতো মুঠেও উচিত নহয়। “মৌনং সম্মতি লক্ষণম! আমাৰ দেশে মৌনতাৰে সন্মতি প্ৰদৰ্শন কৰা নাইতো!”
আমাৰ দেশৰ সাম্প্ৰতিক কুটনীতি বৰ অনুকূলতো নহয়েই বৈদেশিক নীতিও সুচল হোৱা যেন নালাগে! বৈদেশিক মন্ত্ৰীয়েতো কৈয়েই থৈছে চীনৰ অৰ্থনীতি আমাতকৈ বৃহৎ আৰু শক্তিশালী বুলি। মনত ৰাখিব, ইতিহাসৰ পুণৰাবৃত্তি হয়।History repeats! মোগল, মান আৰু বৃটিছে তাহানি কৰা আগ্ৰাসন পাহৰিলে নহ’ব। দুখীয়া দেশ বুলি আমি ভাবি থকা বাংলাদেশেতো আগ্ৰাসন চলায়েই আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত।
গতিকে কেন্দ্ৰ-ৰাজ্যই মিলি মেলি সময়ত উচিত মতে প্ৰশাসনিক ব্যৱস্থা নললে নৰ্থ ইষ্টৰ অৱস্থা অনাগত দিনত কাহিল জানিব। Prevention is better than cure. বেমাৰ বিয়পাৰ আগতেই মষিমূৰ কৰাতো নৰ্থ ইষ্টৰ ৰাইজৰ বাবে মঙ্গলজনক।
Mising Anu Lutad, Epril, 20225