লৃগাং
জাতিৰাম কামান
আলি আই লিগাং নহয় অ,
এয়া ‘আলিঃ আঃয়ে লৃগাং’।
সোঁৱৰাই দিছে সকলোকে
আগম মিগমে।
লৃগাঙৰ লৃগ্গদ – ।
শইচ সিঁচা মাংলিক পৰ্ব।
কঃজে য়াংগ, শস্যৰ দেৱীক নমন।
পুৰাঙৰ টোপোলা
পৗৰাবত শুকোৱা
নেজাল তপিনাৰ
শুকান গাহৰি মঙহ;
শুকান মাছেৰে
গলাধঃকৰণ
পঃৰ আপং।
মুৰঙৰ ছাং হিলি যোৱা
মৃমবৃৰ য়াঃমেৰ
গিৰিপ গাৰাপ
গুমৰাগ নৃত্য।
অই নিঃতম –
চঃমান য়ৃৰমান।
এয়াই নেকি লৃগাং ?
আলিঃ আঃয়ে লৃগাং?
দস্তুৰমতে এয়াই লৃগাং।
কৃষি উৎসৱ লৃগাং,
শইচ সিঁচা পৰ্ব
আলিঃ আঃয়ে লৃগাং।
বুঢ়া মেথা বিমুখ!
ৰং ৰইচে হেনো
তল পেলাইছে
লৃগাং লৃগ্গদৰ
মাংগলিক ধব্নি!
ডেকা গাভৰুৰ
মনৰ পিৰপিৰণিত
হাঁহি ধেমালিবোৰ
চলি যাব একেদৰে।
গৌহাটীয়া মিচিং মৃমবৃৰহঁতে
কোৱাৰদৰে লৃগাঙত
গাহৰি মেইন।
ছাই মেইন॥
আপং মেইন।।।
Mising Anu Lutad, February, 2025