শিয়াল পণ্ডিত
যতীন মিলি
গৃহস্থৰ নীল পানীত ডুবি
সি হ’ল নীলাম্বৰ
সিদিনা পশু সমাজৰ সাধাৰণ সভাত গৃহীত হ’ল
সি বোলে শিয়াল পণ্ডিত
পূজা-পাৰ্বণৰ অগ্ৰভাগ শিয়ালী কায়দাৰে হৰলুকি কৰি
নোদোকা কৰিছিল পেট
বাঘ-সিংহৰে মিতিৰালি কৰি
দীঘল কৰিছিল হাত
বহাগৰ প্ৰথমজাক বৰষুণত ফাদিল হ’ল
তাৰ ফোঁপোলা স্বৰূপ
দ্বিতীয় জংঘলী সাধাৰণ সভাত বন্দী কৰা হ’ল তাক
তৃতীয় শ্ৰেণীৰ আলহী ৰূপে
জাংগুন নিউজত বৰ বৰ হৰফেৰে ওলাল
বিবেকৰ আদালতে জাৰি কৰা চূড়ান্ত ৰায়ৰ কথা
শিয়ালী গুণেৰে পণ্ডিতে ব্ৰাউনিঙৰ সুৰেৰেই সুৰ মিলাই ক’লে-
"Thus I entered the city of Brassica
Thus I go.”
Mising Anu Lutad, February, 2025