Type Here to Get Search Results !

আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ৰাজবংশী ভাষাৰ পাঠ্যক্ৰম



ডিজিটেল ডেস্ক, মিচিং আনু লুতাদ, ২৬ আগষ্ট, ২০২৫: আজি শিলগাৰা প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হ’ল ৰাজবংশী ভাষাৰ পাঠ্যক্ৰম। এই ঐতিহাসিক শুভাৰম্ভণি কাৰ্যসূচীত ৰাজবংশী ভাষাৰ পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰে কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰধান সম্পাদক কমল কুমাৰ বৰ্মনে। 


পাঠ্যক্ৰম মুকলি অনুষ্ঠানত উপস্থিত থাকে কোচ ৰাজবংশী সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ৰঘূনাথ চৌধুৰীৰ লগতে আন আন বিশিষ্ট ব্যক্তিসকল। লগতে আজি ছাত্ৰ-ছাত্ৰীসকলক ৰাজবংশী ভাষাৰ পাঠ্যপুথি বিতৰণ কৰা হয়।


উল্লেখ্য যে এতিয়াৰ পৰা বি.টি.আৰ. অঞ্চলত প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত ভাষা হিচাপে ৰাজবংশী ভাষাক অন্তৰ্ভুক্তিকৰণ কৰা হ’ব।












Mising Anu Lutad, Agosto, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper