Type Here to Get Search Results !

চাওঁতালী ভাষাত শিক্ষাদান শুভাৰম্ভ



ডিজিটেল ডেস্ক, মিচিং আনু লুতাদ, ২২ আগষ্টঃ আজি অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ওদালগুৰি জিলাৰ তিলকাই মাঝি প্ৰাথমিক বিদ্যালয়ত চাওঁতালী মাধ্যমৰ পাঠ্যপুথি উন্মোচন কৰাৰ লগতে চাওঁতালী ভাষাত পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।


ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বুনিয়াদী স্তৰত ৰূপায়ন কৰা হৈছে মাতৃভাষাত পাঠদান।


১০০ শতাংশ চাওঁতালী ছাত্ৰ-ছাত্ৰী থকা মুঠ ৩৩৭ খন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হ’ব চাওঁতালী ভাষাত শিক্ষাদান।


আজি অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ দ্বাৰা অলচিকি লিপিত প্ৰকাশিত পাঠ্যপুথি শিক্ষাৰ্থীসকলক অৰ্পণ কৰা হয়।


উল্লেখযোগ্য যে আজিৰ এই বুনিয়াদী স্তৰৰ শিক্ষাদান আৰম্ভণি কাৰ্যসূচীত শিক্ষা বিভাগৰ সৈতে বিশেষভাৱে সহযোগিতা আগবঢ়ায় চাওঁতালী সাহিত্য পৰিষদে 







Mising Anu Lutad, Agosto, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper