Type Here to Get Search Results !

টাবু টাইদ স্মাৰক বনাম আবুতানি লত্তা

 


টাবু টাইদ স্মাৰক বনাম আবুতানি লত্তা


জাতিৰাম কামান


    বুতানি দৃৰবৃ লত্তা। গোগামুখ চাৰিআলি (ই এণ্ড ডি ডাইকটো লৈ আচলতে পাঁচ আলি)ৰ পৰা সাৰে সাত কিঃ মিঃ নিলগৰ দক্ষিন দিশে বৰদৈবালি আৰু তিঙিৰি গাঁৱৰ মাজভাগত অৱস্থিত পৰমানন্দ আতৈ ক্ষেত্ৰত আবুতানি দৃৰবৃ লত্তা।


   মিচিং গৌৰৱ পদ্মশ্ৰী মৃণাল মিৰিৰ সাংসদ পূঁজিৰ ৪০ লক্ষ অৰ্থ সাহায্যৰে নিৰ্মিত মুৰং ঘৰটি তদানীন্তন বান নিয়ন্ত্ৰণ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ দ্বাৰা শিলান্যাস কৰা হয়। পৰমানন্দ আতৈ ক্ষেত্ৰখনৰ স্থায়ী সম্পাদক হল মুখ্যনাথ পাতিৰ।


  আতৈ ক্ষেত্ৰখনিৰ সভাপতি হিচাপে কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ড° নাৰায়ণ দেৱ গোস্বামীৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ যুৱ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীও কিছু সময়ৰ বাবে আছিল।


  আতৈ ক্ষেত্ৰখনৰ লগত বহু গন্য মান্য ব্যক্তিৰ নাম সাঙুৰ খাই আছে। তাৰে ভিতৰত সৰ্বশ্ৰী প্ৰয়াত দুৰ্গেশ্বৰ পাতিৰ, প্ৰয়াত পদ্ম টাইদ, প্ৰয়াত টাবু টাইদ, প্ৰয়াত পৰমা দলে, ব্ৰিগেডিয়াৰ অবনী পাইত, সৰ্বেশ্বৰ পেগু, চাও পুষ্প গগৈ, সাংসদ প্ৰদান বৰুৱা, বলিন কুলিকে আদি কৰি বহু গন্য মান্য ব্যক্তিৰ নাম সাঙুৰ খাই আছে।


   অসম চৰকাৰৰ প্ৰাক্তন সাংস্কৃতিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী নব কুমাৰ দলেৰ আহোপুৰুষাৰ্থত পৰমানন্দ আতৈ ক্ষেত্ৰত আবুতানি দৃৰবৃ লত্তাৰ প্ৰকল্পৰ কাম আয়ুক্ত পৰ্য্যায়ত ডিপিআৰ পৰ্য্যন্ত প্ৰস্তুত হৈ উঠিছিল। পচপন্ন কোটিৰ প্লেন এণ্ড এষ্টিমেটেৰে গঢ়ি তুলিব পৰা প্ৰকল্পৰ কাম আৰম্ভণিতেই গেঠেলা মাৰিলে চৰকাৰী ফাইলৰ মেৰপেচত। হয়তু ৰাজনৈতিক কাৰণত হৈ নুঠিল! ৰাজ্যপালে প্ৰদান কৰা নটিফিকেশ্যন যোগে তদাৰক কমিতিও গঠন কৰা হৈছিল। 


মন্ত্ৰী নব দলেৰ অধ্যক্ষতাত তদাৰক কমিতিৰ সদস্যগন আছিল ক্ৰমে- দুৰ্গেশ্বৰ পাতিৰ, মুখ্য পাতিৰ, পৰমা দলে, ইন্দ্ৰেশ্বৰ পেগু, ডাঃ বিদ্যেশ্বৰ দলে, সুৰুয পাতিৰি, জাতিৰাম কমান, ড° সুৰজিত দলে, দিলিপ পেগু, সুৰেশ পেগু আদিৰ লগতে তদানীন্তন সাংস্কৃতিক বিষয়া ড° পবিত্ৰ পেগু।পদেন সদস্য হল তদানীন্তন বিধায়ক ডাঃ ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱা।


  ড° পবিত্ৰ পেগুৱে প্ৰস্তুত কৰা আবুতানি লত্তাৰ মাস্তাৰ প্লেনত সন্নিবিষ্ট আছিল – মিচিং মডেল ভিলেজ, লাইব্ৰেৰী, চিনেমা ষ্টুডিঅ, কৰ্মশালা, গেষ্ট হাউচ, মডেল স্কুল, ধৰ্মশালা, বিপনি, মিউজিয়াম ইত্যাদি।


মিচিং মডেল ভিলেইজঃ


   মিচিং টিপিকেল ভিলেজ, অৰ্থাৎ চাং ঘৰেৰে পূৰ্ণ নৈ'ৰ পাৰৰ খাচ মিচিং গাঁও এখন স্থায়ীভাৱে তৈয়াৰ কৰা হব প্ৰদৰ্শনৰ বাবে।


পুথি ভৰাঁলঃ

  এখন আটক ধুনীয়া পুথি ভৰাঁল ও অধ্যয়ণ কক্ষ থাকিব।


চিনেমা ষ্টুডিতঃ

   মিচিং তথা অন্যান্য ডকুমেন্টৰী চিনেমা নিৰ্মাণৰ বাবে বিভিন্ন ষ্টুডিঅ ও ডাবিং চেন্টাৰ থাকিব।


কৰ্মশালা ও প্ৰশিক্ষণ শিবিৰঃ

 বিভিন্ন ট্ৰেইনিঙৰ বাবে যেনে- ষ্পৰ্টছ, এক্টিং, ডেন্স, গীত মাত আদি অনুশীলনৰ বাবে উপযুক্ত প্ৰশিক্ষণ শিবিৰ থাকিব আৰু কৰ্মশালা চলি থাকিব।


অতিথিশালাঃ


ট্যুৰিষ্ট, দূৰৈৰ পৰা অহা আলহি অতিথিৰ বাবে গেষ্টৰূম থাকিব।


মডেল স্কুলঃ


এখন নিকেতন বা মডেল স্কুল থাকিব মানৱ সম্পদ বিকাশৰ বাবে।


ধৰমশালাঃ

   এখন আহল বহল ধৰ্মশালা সংলগ্ন থাকিব।


বিপনিঃ

   প্ৰৱেশ দ্বাৰৰ চাৰিও কাষে বিভিন্ন সামগ্ৰীৰ বিপনি থাকিব। যেনে – পৰম্পৰাগত বস্ত্ৰ, খাদ্য সম্ভাৰ, বাদ্যযন্ত্ৰ তথা ভিন ভিন নিত্য প্ৰয়োজনীয় সামগ্ৰীৰে পূৰ্ন বিপনি থাকিব।


মিউজিয়ামঃ

  আপুৰুগীয়া ট্ৰেডিশ্যনেল প্ৰডাক্টবোৰ সংৰক্ষণ কৰা হব। যেনেঃ তাপুং, দেনদুন, য়কচা, পঞ্চা, তু:লি, অৗপ’-ড:লা, পল:, দুমদুম, লুপ্পী, অল্লুং ৰুবাদ, অৃই-অৗপুগ, অৗচাব, য়কতুং ইত্যাদি, যিবােৰ দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰী মিচিং গ্ৰাম্য সমাজত প্ৰচলিত হৈ আহিছে তাহানিৰে পৰা। তাৰোপৰি মিউজিয়ামত থাকিব মিচিং জনগোষ্ঠীৰ স্বনামধন্য ব্যক্তিসকলৰ আৱক্ষ মূৰ্তি, যিসকল ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে।

   মুঠতে এটা অভিলাসী প্ৰজেক্ট আছিল কিন্তু আধা কেঁচা হৈ থাকিল। কথাবোৰ ক’ব লাগিব। ৰাইজে জনাতো ভাল।

  পৰিকল্পনাটো আৰম্ভ হৈছিল গোগামুখৰ স্থায়ী বাসিন্দা দুই পাতিৰৰ আহোপুৰুষাৰ্থত এক দশক আগতে। দুই পাতিৰ মানে প্ৰাক্তন বিধায়ক প্ৰয়াত দুৰ্গেশ্বৰ পাতিৰদেৱ আৰু গোগামুখ হায়াৰ চেকেণ্ডাৰীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মুখ্যনাথ পাতিৰ।

  গোগামুখ অঞ্চলৰ নাহৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত তিঙিৰি গাঁৱৰ কিছু দানবীৰ গঞাৰ ভূদানেৰে প্ৰায় পঞ্চাচ বিঘা মাটিৰ আবন্টনেৰে পৰমানন্দ আতৈ নিকেতন ক্ষেত্ৰ নামে নামাকৰণ কৰা হয়। গুৱাহাটী পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিতে পৰমানন্দ আতৈ ক্ষেত্ৰখন গঢ়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল।

   ১ আগষ্ট ২০২৫ তাৰিখে টাবু টাইদৰ ওপজা দিনৰ সংগতি ৰাখি গোগামুখৰ চিলিমপুৰত ঐতিহাসিক স্মাৰক “টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল আনুষ্ঠানিক ভাৱে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ দ্বাৰা মুকলি কৰা হ’ল। তেখেতৰ তত্বাৱধানতেই স্মাৰক ভৱনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈ উঠিল আৰু ন্যাসৰ এয়া এক প্ৰশংসনীয় পদক্ষেপ। 

  এই ছেগতে আমি অসম চৰকাৰ তথা শিক্ষামন্ত্ৰী গৰাকীক বিনয়ে আহ্বান জনাওঁ যাতে আবুতানি দৃৰবৃ লত্তাৰ আধৰুৱা কামখিনিও যাতে অনাগত দিনত হৈ উঠে! এতিয়াও জনতা ভৱনৰ দপ্তৰে দপ্তৰে ফাইলসোপা ধুলি মাকতিৰে পৰি আছে নিশ্চয়!

   আমাৰ একান্ত ইচ্ছা, পৰমানন্দ আতৈ ক্ষেত্ৰত নিৰ্মাণ হ’ব লগা আবুতানি দৃৰবৃ লত্তাই পুনৰ প্ৰাণ পাই উঠক যাতে অসমৰ দ্বিতীয় বৃহত্তম ভূমিপুত্ৰ মিচিং সকলৰ অন্য পুৰুধা ব্যক্তি সকলৰ নিমিত্তে স্মৃটি চিহ্ন সমূহ যুগমীয়া কৰি ৰাখি থৈ যাব পৰা হ’ব কাললৈ।

   এইখিনিতে ইতিহাসৰ পৃষ্ঠাত নাম সন্নিৱিষ্ট কৰিব পৰা মিচিং অগ্ৰজ সকলৰ নাম লব পাৰোঁহক যিসকলক মিউজিয়ামত স্থান দিব পাৰোঁহক।

   মিচিং সকলৰ অগ্ৰণী ভূমিকা পালন কৰা ব্যক্তি বুলি কলে কাৰ কাৰ নাম লব পৰা যায় বাৰু?

    ইতিহাসে ঢুকি পোৱাৰে পৰা অনায়াসে মুখলৈ অহা নামসমূহ হ’ল– ক্ৰমে আবুতানি (কিংবদন্তি), জংকি পানৈ (কিংবদন্তি), পৰমানন্দ মিৰি (শংকৰদেৱৰ শিষ্য), য়াকা মিৰেম, (মানৰ বিৰুদ্ধে যুঁজা কিংবদন্তি মিৰি বীৰাংগনা) কমলা মিৰি (স্বাধীনতা আন্দোলনৰ মিচিঙৰ ছহিদ), মুহি মিৰি (প্ৰথম বন বিষয়া, কাজিৰঙাক বিশ্বৰ মানচিত্ৰলৈ অনা ব্যক্তি), ইন্দিৰা মিৰি (প্ৰথম বিলাত ফেৰৎ শিক্ষাবিদ), সোনাৰাম পাঞাং কটকী (প্ৰথম মিচিং বুৰঞ্জী লেখক), কাৰ্ক দলে (প্ৰথম বিধায়ক), চাৰু চন্দ্ৰ দলে (প্ৰথম গ্ৰেজুৱেট), ললিত দলে (মিচিঙৰ প্ৰথম ভাৰতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা), ৰমেশ কুলি (ভাৰতীয় লোকদলৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা), ঐৰাম বৰি (মিচিং লোকগীতৰ জনক), তৰুণ চন্দ্ৰ পামেগাম (অসম সাহিত্য সভাৰ উপ সভাপতি), মালচন্দ্ৰ পেগু (বিশিষ্ট আইনবিদ, সমাজকৰ্মী, বাঃনৗ কৗবাঙৰ অগ্ৰণী সভাপতি), ভৃগুমণি কাগয়ুং (জনজাতীয় সংস্কৃতিৰ বিশিষ্ট লেখক), ডাঃ নোমল চন্দ্ৰ পেগু (বিলাত ফেৰৎ চিকিৎসক, ইংৰাজী ভাষাত মিচিং ইতিহাস প্ৰণেতা), অই আপ্পুন গনেশ পেগু (মিচিঙৰ বাটকটীয়া বিশিষ্ট শিল্পী), ৰত্নেশ্বৰ প্ৰেমে (মিচিং ভাষাক চিনাকি দিয়া প্ৰথম লেখক), কুলধৰ কুটুম (প্ৰথম উপায়ুক্ত),গনেশ কুটুম(প্ৰথম বিধান সভাৰ অধ্যক্ষ), টাবু টাইদ (বৰেণ্য শিক্ষাবিদ, ভাষাতত্ববিদ, মিচিং ভাষাৰ অগ্ৰজ-বাটকটীয়া), নাহেন্দ্ৰ পাদুন (মিচিং মূলৰ প্ৰথম প্ৰধান সম্পাদক, অসম সাহিত্য সভা,কবি সাহিত্যিক, মিচিং ভাষাৰ বাটকটীয়া), ড° মৃণাল মিৰি (প্ৰথম ৰিচাৰ্ছ স্কলাৰ, গল্ড মেডালিষ্ট, ৰাজ্যসভাৰ মনোনিত সদস্য), ড° যতীন মিপুন (প্ৰথম আই পি এচ, কথা সাহিত্যিক, ঔপন্যাসিক), যাদৱ পায়েং (বিশ্বখ্যাত অৰণ্য মানৱ,পদ্মশ্ৰী) ড° বসন্ত দলে (মিচিং জনগোষ্ঠীৰ অসমীয়া গীতৰ প্ৰথম গীতিকাৰ), বিমলা দলে (গ্ৰাম্য সমাজকৰ্মী, স্বচ্ছ ভাৰত অভিযান) ইত্যাদি।

  লগতে অগ্ৰণী ৰাজপত্ৰিত বিষয়া হিচাপে ল’ব পৰা নাম হল জীৱন পেগু, শিশুৰাম পেগু, হৰিচৰণ পেগু আদি (তেওঁলোক মিচিঙৰ অগ্ৰজ ৰাজপত্ৰিত বিষয়া)।

   ওপৰত উল্লেখ কৰা ব্যক্তিসকল সমাজৰ ভিন ভিন ক্ষেত্ৰত নিজা কৰ্মৰাজিৰে উল্লেখযোগ্য স্বাক্ষৰ বহন কৰি গৈছে।

  মিচিঙৰ মাজত আৰু তেনে বহু কেইগৰাকী উল্লেখনীয় ব্যক্তি আছে, স্থানাভাৱত সকলোৰে নাম উল্লেখ কৰা হোৱা নাই।

  এয়া আমাৰ ব্যক্তিগত মনৰ ভাৱহে।কাৰোবাৰ সতে মতৰ মিল নাথাকিবও পাৰে! আৰু কিবা উল্লেখনীয় ভূমিকা লোৱা মিচিঙৰ নাম থাকিব পাৰে, সংযোজন প্ৰাৰ্থনীয়।


Mising Anu Lutad, Agosto, 2025


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper