Type Here to Get Search Results !

চিন্তাশূন্য

 


চিন্তাশূন্য!


জাতিৰাম কামান 


    চিন্তা এক মানসিক প্ৰক্ৰিয়া।সাধাৰণ অৰ্থত চিন্তা হ’ল - কোনো বিষয়ে ভাৱা,বিবেচনা কৰা বা মন দি দেখা। এয়া এক মানসিক প্ৰক্ৰিয়া যত আমাৰ মনত উদ্ৰেক হোৱা বিভিন্ন ধাৰণা, অভিজ্ঞতা আৰু অনুভূতিক একত্ৰিত কৰে।চিন্তাই আমাৰ সমস্যা সমাধান কৰাত, নতুন আইডিয়া সৃষ্টি কৰাত আৰু কোনো সিদ্ধান্ত গ্ৰহন কৰাত সহায় কৰে।

   চিন্তাক আৰু কিছু বিস্তাৰিত ভাৱে চৰ্চা কৰিলে নিম্নোলিখিত স্থিতিসমূহ পাৰ কৰিব লাগিব। যেনে -


ক) মানসিক প্ৰক্ৰিয়াঃ

চিন্তা আমাৰ মস্তিষ্কৰ এক সক্ৰিয় প্ৰক্ৰিয়া। আমি যেতিয়াই কিছু বিষয়ে ভাৱো তেতিয়াই আমাৰ মস্তিষ্কৰ বিভিন্ন অংশই একেলগে কাম কৰিবলৈ আৰম্ভ কৰে। 


খ) ধাৰণা ও অভিজ্ঞতাঃ

চিন্তাই আমাৰ ধাৰণা সমূহ, স্মৃটি আৰু অভিজ্ঞতাক ভিত্তি কৰি তৈয়াৰ কৰে।


গ) সমস্যা সমাধানঃ

চিন্তাই আমাক সমস্যা সমাধানত সহায় কৰে। আমি যেতিয়া কোনো সমস্যাৰ সন্মুখীন হওঁ, তেতিয়াই আমি বিভিন্ন উপায় বিবেচনা কৰি সমাধানৰ সূত্ৰ উলিয়াও।


ঘ) নতুন ধাৰণাঃ 

চিন্তাই নতুন ধাৰণা সৃষ্টি কৰাতেও আমাক সহায় কৰে। আমি যেতিয়া কিছু বিষয়ে ভাৱো তেতিয়াই আমাৰ মনত নতুন ধাৰণাই খেলি যায়!


ঙ) সিদ্ধান্ত গ্ৰহণঃ

চিন্তাই আমাক সিদ্ধান্ত গ্ৰহণত সহায় কৰে।আমি যেতিয়া সিদ্ধান্ত লবলৈ যাওঁ তেতিয়া আমি বিভিন্ন দিশ বিবেচনা কৰি আটাইতকৈ বেছি উপযুক্ত সিদ্ধান্তত উপনিত হওঁ।


চিন্তা বিভিন্ন ৰূপত প্ৰকাশ পায়। সেই ৰূপ বা প্ৰকাৰসমূহ এনেধৰণৰঃ


চিন্তাৰ ভিন্ন প্ৰকাৰঃ


১) ভাৱনাঃ

কিছু বিষয়বস্তুৰ সম্পৰ্কে যিটো সাধাৰণভাৱে ভৱা হয় তাকেই ভাৱনা বোলা হৈছে।


২) মননঃ

কোনো বিষয়ে গভীৰ ভাৱে চিন্তা কৰাক মনন বোলা হৈছে।


৩) অনুমানঃ

কোনো বিষয়ে ধাৰণা কৰাক অনুমান কৰা বুজা যায়।


৪) বিবেচনাঃ

কোনো বিষয়ে ভালদৰে নিৰীক্ষন কৰি বিবেচনা কৰা।


৫) কল্পনাঃ

যিকোনো সম্পৰ্কে কিছু নতুনকৈ সৃষ্টি কৰা।


৬) উদ্বেগঃ

কোনো বিষয়ে চিন্তা কৰা বা মানসিক চাপ সৃষ্টি কৰাক উদ্বেগ প্ৰকাশ কৰা বুজায়।

    মুঠতে চিন্তা এক গুৰুত্বপূৰ্ণ মানসিক প্ৰক্ৰিয়া যি আমাৰ দৈনন্দিন জীৱনক প্ৰভাৱিত কৰে। চিন্তাই আমাৰ সমস্যা সমাধান কৰাত, ন ন ধাৰণা সৃষ্টি কৰাৰ লগতে সিদ্ধান্ত গ্ৰহন তথা সমস্যা সমাধান কৰাত সাহায্য প্ৰদান কৰে।

    গতিকে দেখা যায় যে চিন্তাই আমাক অহৰহ ঘেৰি থাকে। চিন্তাৰ দ্বাৰা আমাৰ মন মগজু সদা সক্ৰিয় হৈ থাকে। চিন্তাই মন মগজুক ব্যতিব্যস্ত কৰি ৰাখে। কাজেই, আমি চিন্তাশূন্য হৈ কাহানিও থাকিব নোৱাৰোঁ। কিবা নহয় কিবা এটা মনলৈ আহিয়েই থাকে যাক চিন্তাৰ ঢৌ বা চিন্তাৰ তৰংগ বুলিব পাৰি।

   আমাৰ ক্ষেত্ৰত কিন্তু চিন্তাৰ বিসংগতি হৈছে! ক্ৰমে চিন্তাবোৰ স্থৱিৰ হব ধৰিছে। কবলৈ গলে চিন্তাৰ সেই ঢৌও নাই চিন্তাৰ তৰংগও নাই।চিন্তাত যতি পৰিল বুলিব পাৰি।

  বেছি চিন্তা কৰিলে চিন্তাৰ বেমাৰ হয় বুলিছে! গতিকে চিন্তা কৰিবলৈ বাদ দিছোঁ। চিন্তাই কঢ়িয়াই অনা মন আৰু শৰীৰ সম্বন্ধীয় বিভিন্ন উপসৰ্গ সমূহ হ’ল - একাদিক্ৰমে মানসিক ৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ, মানসিক চাপ, নিদ্ৰাহীনতা (insomnia), amnesia বা memory loss, স্মৃটিশক্তিলোপ

(dementia) ইত্যাদি বহু ঋণাত্মক কাৰকেৰে ভৰি পৰে মন আৰু শৰীৰ।

   গতিকে deep thinking অথবা গভীৰ চিন্তা চৰ্চাবোৰৰ পৰা আতঁৰি থাকি মগজুক আৰাম দিবলৈ লৈছো। অন্য কথাত মগজুৰ সাময়িক বিশ্ৰাম! মগজুৱে সাময়িক ভাৱে বিশ্ৰাম লবৰে পৰা চিন্তাক প্ৰশয় দিয়া নাই। চিন্তাবোৰ কমকৈ কৰা হৈছে।

  চিন্তাবোৰ কমকৈ কৰিবলৈ হ’লে, মন মগজুক বিশ্ৰামত ৰাখিবলৈ হলে তলৰ ষ্টেপসমূহ লব লাগিবঃ


১) চিন্তাগধূৰ বিষয়ত মনোনিৱেশ নকৰা বা মনক চিন্তাৰ পৰা নিলগাই ৰখা।

২) দেশনীতি, সমাজনীতিৰ পৰা নিজকে আতঁৰাই ৰখা।

৩) নলগা জেঙত নলগা।

৪) অদৰ্কাৰী কথাত অযথা মূৰ নঘমোৱা।

৫) আত্মবিভোৰ হৈ থকা।

৬) দিনৰ ঘৰুৱা ৰুটিনত নিজকে সীমিত কৰি ৰখা।

৭) ঘৰে পৰে, দেশ দুনিয়াত কি চলি আছে, কি ঘটি আছে? তাক আলেঙে আলেঙে চাই থাকি নিজকে নিৰাপদ স্থানত ৰাখি জেং ঝামেলাৰ পৰা নিজকে দূৰত ৰখা।

  এইবোৰেই হ’ল শান্তিৰে দিনবোৰ পাৰ কৰাৰ অমোঘ মন্ত্ৰ। তেনে প্ৰেকটিচ কৰি থকাৰ হেতু আজিকালি চিন্তাবোৰ মনলৈ বৰকৈ নহা হল! এক প্ৰকাৰ চিন্তাৰ বিৰাম ঘটিল! চিন্তাশূন্য হৈ পৰিল! গতিকে একোৱেই ভাৱিবলৈ মন নোযোৱা হল, কৰিবলৈ মন নোযোৱা হল!মন স্থৱিৰ, কলমো স্থৱিৰ! মনলৈ চিন্তা নাহিলে হাত চলিব ক'ৰ পৰা?

    চিন্তাশূন্য মন মামৰে ধৰা তৰোৱাল সদৃশ। মামৰে ধৰা তৰোৱালৰ ধাৰ নোহোৱাৰ দৰে চিন্তাশূন্য মনো মামৰে ধৰা মগজুৰ দৰে। মামৰে ধৰা মগজুৰ কাম নাই॥

  Nothing but a walking headless body! গতিকে মগজুক ধাৰাল কৰিব বিচাৰিলে মগজুক সক্ৰিয় কৰি ৰাখিব লাগিব। মুণ্ডহীন শৰীৰটো লৈ জীয়াই থকাতকৈ মগজু সক্ৰিয় কৰি ৰখা অনেক গুণে শ্ৰেয়!

  কাজেই, জীয়াই থকালৈকে কথাবোৰ কৈ যাব লাগে,জ্ঞান বিলাই যাব লাগে। মৃত শৰীৰে কথা নকয়, জীয়াই থাকোতে মনৰ কথাবোৰ কৈ যাব লাগে। এশজনৰ নহলেও অন্ততঃ এজনৰ উপকাৰতটো আহিব। মুঞ্ছ তব মনাঃ।


Free your mind!

“Make your mind a better place to be,as you spend most of your time yourself.

  

  It is the potential of your thoughts.

 Thoughts create both winners and losers.

It's how you think that creates the difference.


Mind is the special gift given by God to make life worthy.

 

মনটো হ’ল ভগৱানৰ বিশেষ দান যিয়ে জীৱনটো অৰ্থবহ কৰি তোলে।

  গতিকে, মনটো সদায় মুক্ত কৰি ৰাখিব লাগে। অৱশ্যে মনক বান্ধিও ৰাখিব নোৱাৰি অথবা কোনোবা আন্ধাৰ কক্ষত আৱদ্ধও কৰি ৰাখিব নোৱাৰি।

  Mind has infinite power! মনৰ এটা দূৰন্ত গতি আছে যি অবিৰত.. আৰু অবিৰত মনক পৰিচালিত কৰে চিন্তাশক্তিয়ে আৰু সকলো চিন্তাৰ আধাৰেই হল মন। গতিকে চিন্তা আৰু মন পৰিপূৰক। ইটোৰ বিনে সিটো অস্তিত্বহীন! মনটো থাকিলেহে চিন্তাও থাকিব, চিন্তা বিহনে মন অসাৰ!অৰ্থাৎ চিন্তাহে মনক সক্ৰিয় কৰি ৰাখে।

   আচলতে চিন্তা ভাৱনা, অনুভৱ অনুভূতি, চেতনা আদিৰ মূল আধাৰ হল মগজুৰে চালিত মন, যাক আত্মা বুলিও অভিহিত কৰিব পাৰি। আত্মা চিৰন্তন। হয়তু চেতনাহীন শৰীৰতো আত্মা সক্ৰিয় হৈ থাকিব পাৰে! কাজেই, ‘আত্মা’ক অমৰত্ব প্ৰদান কৰা হৈছে বেদান্ত দৰ্শনত।

    গতিকে ‘চিন্তাশূন্য’ শব্দটোৱেই এটা অবান্তৰ শব্দ!


Mising Anu Lutad, Me:, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper