পশ্চিমৰ বেলি
অৱনী মিলি
গুৱাহাটী-৩৬
পশ্চিমৰ আকাশত বেলিটো ডুবিছে
ডুবিবলৈ দিয়া,
দেখিলে ভাবিলে ভয়তে দুখতে
ভাগি যায় হিয়া।
আমাৰ জীৱনো ডুবিব এদিন
নোৱাৰো নিব কাকো,
যামগৈ অকলে সকলো এৰি থৈ
এই কথা মনতে ৰাখোঁ।
সময়ৰ কাম সময়ত কৰিব লাগে
কাৰো বাবে সময় নাথাকে ৰৈ
অধিক পোৱাৰ আশাত মানুহে
মৰমৰ দেহটো দিছে নানা কষ্ট।
জীৱনৰ নাই ভৰসা
মৃত্যু আহিল সৰু-বৰ নামানে।
যি পাৰো, যিমান পাৰো ইমানকে
কৰি থৈ যাওঁছোন আহা।
নেলাগে অধিক ভাবিব
সমুখত আছে সকলোৰে
সিপুৰীলৈ যোৱাৰ
একোখন অচিনাকি সময়ৰ সাঁকো,
সময় আহিলে যাবগৈ লাগিব
এইখন অন্তিম সাঁকোৰে
এৰিথৈ আশা আৰু আনন্দৰ ফাকু।
নিজৰ ইচ্ছাৰে আমি
একোকেই নোৱাৰো কৰিব
ঈশ্বৰেহে সকলো জানে-
এই কথা পাহৰি ৰাখো,
জীয়াই থকা কেইদিন
আহক ছোন আমি
মৰম, হাঁহি আৰু আনন্দৰে
সকলোৱে মিলি-জুলি থাকো।
Mising Anu Lutad, February, 2025