মিচিং আনু লুতাদ, জোনাই, ১৫ নৱেম্বৰ ২০২৪ : জোনাই প্ৰেছ ক্লাবত আজি বিশিষ্ট কবি-লেখক জুৱেল পেগুৰ “আক’ আনুনৗ বৃৰদুকক” (এটা নতুন ঋতু) শীৰ্ষক মিচিং কাব্যগ্ৰন্থ এখন উন্মোচন কৰা হয়।
মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° হৰকান্ত পেগুৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ, মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব তথা বিশিষ্ট সাহিত্যিক ড° দীপক কুমাৰ দলেৰ দ্বাৰা বিশিষ্ট কবি-লেখক জুৱেল পেগুৰ “আক’ আনুনৗ বৃৰদুকক” (এটা নতুন ঋতু) শীৰ্ষক মিচিং কাব্যগ্ৰন্থখন উন্মোচন কৰা হয়।
উন্মোচনী ভাষণত অধ্যক্ষ ড° দীপক কুমাৰ দলেয়ে বিশিষ্ট কবি-লেখক জুৱেল পেগুৰ “আক’ আনুনৗ বৃৰদুকক” মিচিং কাব্যগ্ৰন্থখনৰ কবিতাবোৰত শাশ্বত প্ৰেম, সমকালীন সমাজ জীৱন আৰু সংগ্ৰামী সত্তা প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰি কাব্যগ্ৰন্থখন মিচিং সাহিত্য জগতলৈ এক অমূল্য অৱদান বুলি মন্তব্য কৰে।
হৰিশ দলেয়ে আঁত ধৰা সভাত বিশিষ্ট কবি-লেখক তোষেশ্বৰ মিৰি আগৰৱালাই নিজৰ ভাষণত চালুকীয়া মিচিং ভাষাত নিৰৱচ্ছিন্নভাৱে কাব্য চৰ্চা কৰি মিচিং কাব্য সাহিত্য চহকী কৰি বিপন্ন মিচিং ভাষাক জীয়াই ৰখাত অৰিহণা যোগোৱাৰ বাবে কবি জুৱেল পেগুক শলাগ লয়।
জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জন্মেজয় আগৰৱালাই কবি জুৱেল পেগু সুতৰ বিপৰীতে যোৱা স্বাভিমানী কবি বুলি মন্তব্য কৰে। টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে জুৱেল পেগু মিচিং কাব্য সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ বুলি মন্তব্য কৰি বিশিষ্ট কবি-লেখক জুৱেল পেগুৰ “আক’ আনুনৗ বৃৰদুকক” মিচিং কাব্যগ্ৰন্থখন মিচিং কাব্য সাহিত্য জগতলৈ অনবদ্য অৱদান বুলি কয়।
সভাত জ্যেষ্ঠ নাগৰিক ৰাসেশ্বৰ পায়েং, বিশিষ্ট কবি মাধৱ পাৱ, বিশিষ্ট নাগৰিক বলেশ্বৰ কাৰ্দং,কৰ্জুন পাইত, বিজয় বৰি আদিয়ে নিজৰ ভাষণত বিশিষ্ট কবি-লেখক জুৱেল পেগুৰ তৃতীয়খন মিচিং কাব্য গ্ৰন্থ “আক’ আনুনৗ বৃৰদুকক” উচ্চ মানবিশিষ্ট কবিতা সন্নিৱিষ্ট কৰা বুলি উচ্চ প্ৰশংসা কৰে।
সভাত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ গগৈ, বিজয় পেগু, জোনাই বালিকা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ খগেন পাৱ, জোনাই বালিকা মহাবিদ্যালয় সহকাৰী অধ্যাপক মোহন পেগু, লোমা কান্ত দলে, ৰাজু ৰেগন, ৰয়েল পেগু, জীপেন দলে, প্ৰফুল্ল কমান, দেৱানন্দ পেগু, ভীষ্ম দলে, যতীন ৰেগন, দেৱেন টায়ুং, ভাস্কৰ জ্যোতি টায়েং, মনোজ কুমাৰ প্ৰজাপতি, কৰৱী দলে, দিগন্ত পেগু, প্ৰাণজিত দলে, সুৰজ কুমাৰ পাণ্ডে, সত্য হাজৰিকা, পুলপুলি দলে, জগত ভূঞা, ঘনশ্যাম পেগু, বুদ্ধিন ৰেগন আদি বহু বিশিষ্ট ব্যক্তি আৰু কাব্য অনুৰাগী ৰাইজে উপস্থিত থাকে।
উল্লেখযোগ্য যে এইখন জুৱেল পেগুৰ তৃতীয়খন কাব্যগ্ৰন্থ আৰু পঞ্চম সংখ্যক গ্ৰন্থ। জুৱেল পেগুৰ “আক’ আনুনৗ বৃৰদুকক” (এটা নতুন ঋতু) শীৰ্ষক মিচিং কাব্য গ্ৰন্থত সৰ্বমুঠ ১০৭ টা কবিতা সন্নিৱিষ্ট কৰিছে আৰু যাৰ মূল্য মূল্য মাত্ৰ দুশ টকা।