Type Here to Get Search Results !

মুৰ্কংচেলেক বালিকা উচ্চ-মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন বিধায়ক ভূৱন পেগুৰ

 


মিচিং আনু লুতাদ, ২৬ অক্টোবৰ, ২০২৪: আজি সমগ্ৰ শিক্ষা অভিযানৰ অধীনত প্ৰায় ৫১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া মুৰ্কংচেলেক বালিকা উচ্চ-মাধ্যমিক বিদ্যালয়ৰ তিনিটা অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে।


জোনাই অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি আৰু শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গ্ৰহণ কৰা প্ৰচেষ্টাক শলাগ লৈ বিধায়ক গৰাকীয়ে শিক্ষামন্ত্ৰী গৰাকীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ।


 শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত বিধায়ক ভূৱন পেগুৰ লগতে উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, প্ৰাক্তন জিলা পৰিষদৰ সদস্য অতুল পেগু, অঞ্চলটোৰ একাংশ বিশিষ্ট ব্যক্তিসকল তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰীসকল।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper