ডিজিটেল ডেস্কঃ আজি সন্ধিয়া ৫ বজাত অন্ত পৰিব অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন চাৰিটা সমষ্টি ক্ৰমে - গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ (এছটি)ত নিৰ্বাচন অনুষ্ঠিত হ'ব।
অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত চাৰিটা সমষ্টিৰ মুঠ ৫৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজি সন্ধিয়া নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ লগে লগে ৪৮ ঘণ্টাৰ বাবে নিস্তব্দ হৈ পৰিব চাৰিটা সমষ্টি। চাৰিটা সমষ্টিত ৭ মে তাৰিখে হ’বলগীয়া ভোটগ্ৰহণৰ বাবে সেই সমষ্টিসমূহত নিৰ্বাচনী সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। অৰ্থাৎ আজি ৫ মে’ৰ পৰা ৭ মে’লৈ ৪৮ ঘণ্টীয়া ড্ৰাই দে ঘোষণা কৰা হৈছে।
এক প্ৰেছ বিবৃতি অনুসৰি জনোৱা হৈছে যে ৫ মে সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ ভোটগ্ৰহণৰ শেষলৈকে চাৰিটা সমষ্টিত সুৰাৰ বিপনী বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া শান্তি শৃংখলা বজাই ৰাখিবলৈ সেই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে।
উল্লেখযোগ্য যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ফলাফল অহা ৪ জুনত গণনা কৰা হ’ব। মুঠ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২০১৯ চনত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩ খন আসন লাভ কৰিছিল, আনহাতে অসমত এ আই ইউ ডি এফে এখন আসন লাভ কৰিছিল।